দ্বিতীয়বাৰৰ বাবে মুখ্য়মন্ত্ৰী হৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কি কৰিব?
অসমৰ নতুন চৰকাখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মঙলবাৰে শপতগ্ৰহণ কৰিব । তাৰ পূৰ্বে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দিলে প্ৰতিশ্ৰুতি ।

By ANI
Published : May 11, 2026 at 4:02 PM IST
গুৱাহাটী : ১২ মে'ত (মঙলবাৰ) ড৹ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । ইতিমধ্যে অসমৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন চলিছে । শপতগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে । দেওবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ১২ মে'ত শপত লোৱাৰ পাছত দলৰ নিৰ্বাচনী ইস্তাহাৰ ৰূপায়ণেই হ'ব নতুন চৰকাৰৰ লক্ষ্য ৷
সাংবাদিকৰ আগত ড৹ শৰ্মাই কয়, "শপতগ্ৰহণ কৰাৰ পিছত আমি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিম । আমাৰ ইস্তাহাৰ কাৰ্যকৰী কৰাটোৱেই আমাৰ লক্ষ্য ।" তেওঁ লগতে কয়, "আজি (সোমবাৰ) নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হ'ব । কাইলৈ (মঙলবাৰ) পুৱা ১১ বজাত অসমৰ নতুন চৰকাৰে শপতগ্ৰহণ কৰিব । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীন আৰু এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । আমাৰ দলৰ বুথ পৰ্যায়ৰ কৰ্মীকে ধৰি বহু লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।"
Assam’s land, identity and future are non-negotiable.
— Himanta Biswa Sarma (@himantabiswa) May 11, 2026
After freeing 1.5 lakh bighas land from encroachment, #NDA3.0 moves ahead with a firm resolve to reclaim 5 lakh more bighas for the people of Assam.
Because for us, Jati, Mati, Bheti comes first. pic.twitter.com/f0jB6Cgx3m
নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ লগতে অসমক বেদখলমুক্ত কৰাৰো বিজেপি মিত্ৰজোঁট চৰকাৰৰ সংকল্পৰ কথা উল্লেখ কৰিলে ড৹ শৰ্মাই । এক্সৰ এটা পোষ্টত তেওঁ অসমৰ ভূমি, পৰিচয় আৰু ভৱিষ্যতৰ সৈতে কোনো আপোচ কৰা নহয় বুলি আশ্বাস দিয়ে । তেওঁ লিখিছে, "১.৫ লাখ বিঘা ভূমি বেদখলৰ পৰা মুক্ত কৰাৰ পাছত এনডিএ ৩.০ চৰকাৰে অসমবাসীৰ বাবে আৰু ৫ লাখ বিঘা ভূমি পুনৰুদ্ধাৰৰ দৃঢ় সংকল্প লৈ আগবাঢ়িছে ।" তেওঁ লগতে কয়, "আমাৰ বাবে জাতি, মাটি আৰু ভেটি প্ৰথম ।"
ইয়াৰ পূৰ্বে অসমৰ মুখ্য সচিব ৰবি কোটাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নিৰ্দেশত অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নিযুক্তিৰ নিৰ্দেশ জাৰি কৰে । ভাৰতৰ সংবিধানৰ ১৬৪(১) অনুচ্ছেদৰ অধীনত থকা ক্ষমতা প্ৰয়োগ কৰি অসমৰ ৰাজ্যপালে ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।
গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ১১:৪০ বজাত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ কথা আছে । দেওবাৰে তেওঁ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতি বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল ।
তাৰ পূৰ্বে বিধায়িনী দলৰ বৈঠকত ভাষণ দি ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি নেতৃত্বক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে আগন্তুক ৫ বছৰত চৰকাৰে উন্নয়নৰ ওপৰত গুৰুত্ব দিব । বিজেপি, অগপ, বিপিএফৰ সদস্যকে ধৰি মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰা বৈঠকত সৰ্বসন্মতিক্ৰমে বিজেপি আৰু এনডিএ বিধায়িনী দলৰ নেতা হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হয় ।
লগতে পঢ়ক :
কথা মতেই কাম, কমাৰগাঁৱৰ তানিষ্ঠাক শপতগ্ৰহণ অনুষ্ঠানলৈ মাতিলে হিমন্ত বিশ্ব শৰ্মাই

