ETV Bharat / politics

কাগজৰ পাত কেইখিলা দিলে কি লাভ হ’ব: ৰফিকুল ইছলাম

৪২ বছৰৰ পিছত কিয় পুনৰ তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন ? চহীবিহীন তিৱাৰী আয়োগৰ প্ৰতিবেদনক 'কাগজৰ পাত' আখ্যা, সৰৱ এআইইউডিএফ ।

Neli massacre Tiwari commission report after 42 years, AIUDF demands CBI enquiry
অসম বিধানসভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 9:26 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভাৰ শীতকালীন অধিৱেশনত মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জুয়ে পোৰা তিৰাশীৰ ঘটনা প্ৰৱাহৰ চৰকাৰী তিৱাৰী আয়োগ আৰু বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিৰোধী দল এআইইউডিএফৰ ৷ সদনত তিৱাৰী আয়োগৰ প্ৰতিবেদন বিতৰণ আৰু সদৌ অসম ছাত্র সন্থাৰ অনুৰোধমৰ্মে মুখ্যমন্ত্রীয়ে বিধানসভাত মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰে ৷

৪২ বছৰৰ পিছত কিয় বিধানসভাত দুই আয়োগৰ প্ৰতিবেদন দাখিল কৰা হৈছে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন দাখিলৰ উদ্দেশ্য সম্পূৰ্ণ শৈক্ষিক (একাডেমিক) বুলি দাবী কৰিলেও বিৰোধী এআইইউডিএফ দলৰ দাবী যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভোটৰ মেৰু বিভাজন কৰিবলৈকে বিধানসভাৰ মজিয়াত ৪২ বছৰীয়া ঘাটুকুৰা খজুৱাই এই প্ৰতিবেদন দুখন দিয়াৰ ব্যৱস্থা কৰা হ’ল ।

তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেনক লৈ সৰৱ এআইইউডিএফ (ETV Bharat Assam)

লগতে, প্ৰতিবেদনত উল্লিখিত নেলী গণহত্যাকাণ্ডৰ চিবিআই তদন্তৰে দোষীক চিনাক্তকৰণ কৰি শাস্তিৰ দাবী এআইইউডিএফৰ । তিৱাৰী আয়োগৰ প্ৰতিবেদনখন যদিও সমগ্ৰ অসমত ১৯৮৩ত ঘটা সমগ্ৰ ঘটনাৰাজিৰ তদন্ত প্ৰতিবেদন, এআইইউডিএফ দলৰ বিশেষকৈ প্ৰতিবেদনখনৰ নেলীকাণ্ডৰ বিষয়টোতহে মনোনিবেশ আৰু গুৰুত্ব ৷

কেইখিলামান কাগজ দিলে কি লাভ হ’ব

এআইইউডিএফৰ বিধায়ক তথা বিধায়িনী দলৰ নেতা ৰফিকুল ইছলামে মঙলবাৰে তিৱাৰী কমিছনৰ প্ৰতিবেদনক তিৱাৰীৰ স্বাক্ষৰ অবিহনে কেৱল কাগজৰ পাত আখ্যা দিয়ে ৷ বিধায়ক ৰফিকুল ইছলামৰ সন্দেহ এই প্ৰতিবেদন ঠিকে আছে নে ? সদনৰ বাহিৰত দিয়া এই মন্তব্যত প্ৰশ্ন কৰে, এই কাগজৰ পাতকেইখিলা দিলে কি লাভ হ’ব ?

Neli massacre Tiwari commission report after 42 years, AIUDF demands CBI enquiry
তিৱাৰী আয়োগৰ প্ৰতিবেদন (ETV Bharat Assam)

ৰফিকুল ইছলামৰ মন্তব্য,"এই ৰিপ'ৰ্টটো ঠিকে আছেনে নাই কোনে জানে ? অন্তত স্বাক্ষৰটো ঠিকে-ঠাকে থাকিব লাগিছিল । এনেকুৱা এটা গণহত্যাৰ পিছত এটা প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু দাখিল কৰিলে কোনো চহী নোহোৱাকৈ ৷ চহীবিহীন ৰিপ'ৰ্টটো লৈ ল’লে । ৪২ বছৰৰ পেলাই থ'লে, কোনোধৰণৰ একচন নাই । কেইখিলামান কাগজ দিলে কি লাভ হ’ব ?

বিৰোধী দল এআইইউডিএফৰ বিধায়কগৰাকীৰ লগতে মন্তব্য যে ৪২ বছৰ এই প্ৰতিবেদনক লৈ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়েই ব্যৱস্থা গ্ৰহণ নকৰিলে । তেওঁৰ মন্তব্য, "১৯৮৩ত অসমত যি সংঘৰ্ষ হৈছিল, তেতিয়া নেলীৰ যি গণহত্যা সংঘটিত হৈছিল, তাত সহস্ৰজন লোকক মৰা হৈছিল । কেৱল চৰকাৰী হিচাপতেই প্ৰায় দুহাজাৰ আছিল । বেচৰকাৰী হিচাপত প্ৰায় চাৰি-পাঁচ হাজাৰ লোকক ৬ ঘণ্টাৰ ভিতৰত হত্যা কৰা হৈছিল আৰু সকলো লোকেই মুছলমান আছিল ৷ গোটেই অসমত আৰু হাজাৰজনক হত্যা কৰা হৈছিল ।"

Neli massacre Tiwari commission report after 42 years, AIUDF demands CBI enquiry
মেহতা আয়োগৰ প্ৰতিবেদন (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "১৯৮৩ত দহ হাজাৰতকৈয়ো অধিক লোকক হত্যা কৰা হৈছিল । লক্ষজনৰ ঘৰ জ্বলাই দিয়া হৈছিল ৷ তাৰ পিছতেই এই তিৱাৰী তদন্ত আয়োগ গঠন কৰা হৈছিল । তিৱাৰী চাহাবে প্ৰতিবেদন দিলে, কিন্তু এই প্ৰতিবেদনৰ ওপৰত কোনো একচন লোৱা নহ’ল । না হিতেশ্বৰ শইকীয়াই ল’লে, না প্ৰফুল্ল কুমাৰ মহন্তই ল’লে, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনোৱেই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ।”

চিবিআই তদন্তৰে নেলীকাণ্ডৰ দোষীক শাস্তিৰ দাবী

মূলতঃ অসমৰ মুছলমান সংখ্যালঘুসকলৰ সমস্যাক লৈ ২০০৬ চনত গঠিত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে তিৱাৰী আয়োগৰ প্ৰতিবেদনখন দাখিল কৰিলেই নহ’ব বুলি কৈ মঙলবাৰে নেলী বিষয়টোক লৈ চিবিআই তদন্ত দাবীৰে দোষীৰ শাস্তি বিচাৰিছে ।

বিধায়ক ৰফিকুল ইছলামৰ দাবী, "এতিয়া এইখন প্ৰতিবেদন পুৰণা হৈ গ’ল, ৪২ বছৰ হৈ গ’ল । এতিয়া এই আয়োগৰ প্ৰতিবেদনখন দাখিল কৰিছে । কিন্তু আমাৰ দাবী এয়াই যে কেৱল এই দস্তাবেজখন আগত ৰাখি কোনো লাভ নাই ৷ যিসকল নিৰপৰাধী লোক মৰিছিল তেওঁলোকৰ সন্তান আজিও জীয়াই আছে । যিসকলৰ মাক-দেউতাকক, সন্তানক হত্যা কৰা হ’ল, যাৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হ’ল, এইবোৰ সংঘটিত কৰাসকলৰ বিৰুদ্ধে যদি কিবা শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহে কিবা এটা সাধন হ’ব ৷"

“আমাৰ দাবী— মুখ্যমন্ত্ৰী মহোদয়, আপুনি চিবিআই তদন্তৰ ঘোষণা কৰক । '৮৩ৰ এই ঘটনাৰ পৰীক্ষা কৰি যিসকল দোষী তেওঁলোকৰ বিৰুদ্ধে তদন্তৰে শাস্তিৰ ব্যৱস্থা কৰক ৷" এই মন্তব্যৰে নেলীকাণ্ডৰ চিবিআই তদন্ত দাবী এআইউডিএফৰ বিধায়কগৰাকীৰ ।

ধৰ্মীয় মেৰুকৰণ: তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন দাখিলৰ উদ্দেশ্য

মেহতা আয়োগৰ বেচৰকাৰী আয়োগৰ প্ৰতিবেদনখন তিৱাৰী আয়োগৰ সৈতে বিধানসভাত একেলগে দাখিল এইকাৰণেই কৰা হৈছে যাতে দুয়োখন আয়োগৰ তথ্যৰে বিষয়টো সামঞ্জস্য ঘটাব পাৰি । এআইইউডিএফৰ আন এগৰাকী বিধায়ক আমিনুল ইছলামে কয়, "তিৱাৰী আয়োগৰ প্ৰতিবেদনত সেই সময়ৰ আছু আৰু অগপৰ ওপৰত যথেষ্টখিনি চাপ পৰিব ৷ একেটা সময়তে মেহতা আয়োগৰ ৰিপ'ৰ্টটো সমান্তৰালভাৱে দিয়াৰ উদ্দেশ্য এইটোৱেই যে ’টিট ফৰ টেট' ৷ মেহতা আয়োগৰ প্ৰতিবেদন এখন পাৰ্ছনেল প্ৰতিবেদন । ইয়াৰ কোন আইনগত ন্যায্যতা নাই ৷ এইটো এছেম্বলীত কৰিব নালাগিছিল ।"

সদনত তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন দুখন দাখিলৰ মূল উদ্দেশ্য হ’ল ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা ৷ এই মন্তব্য মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ ৷ প্ৰতিবেদন দুখন দাখিল কৰা বিষয়টোক বিজেপিৰ ভোট ৰাজনীতিৰ ইছ্যু আখ্যা আমিনুল ইছলামৰ (কনিষ্ঠ) ৷

তেওঁৰ মন্তব্য, "এই প্ৰতিবেদন দাখিলৰ স্পষ্ট উদ্দেশ্য যে বিজেপিয়ে যদি পুনৰ চৰকাৰ গঠন কৰিব খোজে তেতিয়াহ’লে একপক্ষীয়ভাৱে তেখেতসকলে কিছু ইছ্যু বনাব লাগিব । কেতিয়াবা মোগলৰ শেষ ৰণ, কেতিয়াবা শৰাইঘাটৰ শেষ ৰণ । এতিয়া ৪২ বছৰীয়া ঘা খুঁচৰি তিৱাৰী কমিছনৰ জৰিয়তে কিবা কৰিব পাৰি নেকি চেষ্টা কৰি আছে । এই গোটেইখিনি ১০০ শতাংশ প’লাৰেজেশ্বন ইছ্যু । বিজেপিৰ ভোট ৰাজনীতিৰ ইছ্যু ৷"

লগতে পঢ়ক: পুনৰ চলিব নেকি উচ্ছেদ, কিহৰ বাবে কৰিছে জৰীপ ?

বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল চচলৰ ধৰ্ণাস্থলী