ETV Bharat / politics

এন ডি এই শতাধিক আসন পায় তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো নিশ্চিত : কেশৱ মহন্ত

কংগ্ৰেছ দলটো নেতৃত্বৰ নিয়ন্ত্ৰণত নাই ৷ ৰাইজে বিশ্বাস আৰু আস্থাত ল'ব পৰা নাই কংগ্ৰেছক ৷ মন্তব্য কেশৱ মহন্তৰ ৷

Keshab Mahanta
কেশৱ মহন্ত (Keshab Mahanta FB Account)
author img

By ETV Bharat Assamese Team

Published : March 25, 2026 at 3:16 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: ৰাজ্যৰ আঞ্চলিকতাবাদৰ অন্যতম দুৰ্গ কলিয়াবৰ সমষ্টিত কাৰ ভাগ্য উদয় হ'ব ? তৃণমূল পৰ্যায়ত একাংশ বিজেপি কৰ্মীৰ মাজত কলিয়াবৰ সমষ্টিত প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টিয়ে কাক লাভৱান কৰিব ? বিগত ১০ বছৰত কিমান উন্নয়ন হ'ল কলিয়াবৰত ? একেৰাহে ২০ বছৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা কলিয়াবৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি কেশৱ মহন্ত ?

কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিজেপি নেতা জিতেন গৌড়ে দাখিল কৰা মনোনয়নৰ সন্দৰ্ভত কলিয়াবৰৰ মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেশৱ মহন্তই ই টিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত কয়- “আমি যিসমূহ আসন মিত্ৰজোঁটক এৰি দিছো সেই আসনত আমি আমাৰ দলৰ প্ৰাৰ্থীৰ কথা বিবেচনা নকৰো ৷ নিশ্চয় বিজেপিতো তেনে নীতিত থাকিব ৷ বিজেপিয়ে কলিয়াবৰৰ আসনখন অগপক এৰি দিয়াৰ পাছতো যদি বিজেপিৰ কোনোবা প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় তেন্তে সেইটো সমাধানৰ দায়িত্ব বিজেপিৰ ৷ জিতেন গৌড় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিষয়টো আলোচনাৰ বিষয় নহয় ৷”

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো নিশ্চিত (ETV Bharat Assam)

বঢ়মপুৰত অগপই প্ৰাৰ্থিত্ব বিচৰাৰ বাবেই কলিয়াবৰ সমষ্টিটো বিজেপিয়ে বিচাৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মহন্তই কয়, “বিগত নিৰ্বাচনত অগপই দুটা সমষ্টিত নিৰ্বাচন খেলিছিলো ৷ এটা কলিয়াবৰ আৰু এটা ৰহা ৷ ইয়াৰ পূৰ্বেও কলিয়াবৰ আৰু বঢ়মপুৰ সমষ্টি অগপৰ দখলতেই আছিল ৷ বিগত নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ শাৰীৰিক অসুস্থতাৰ বাবে বঢ়মপুৰ সমষ্টিৰ এৰি দি ৰহা সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব দিয়া হৈছিল ৷ এনেক্ষেত্ৰত বঢ়মপুৰ সমষ্টি অগপই বিচৰাটো কোনো ভুল হ’ব নোৱাৰে ৷ কিন্তু সমষ্টি যেতিয়া বিজেপিক দিয়াৰ সিদ্ধান্ত হ’ল তাৰ পাছৰ পৰা কোনো আপত্তি কৰা নাই ৷"

আগন্তুক সময়ত কলিয়াবৰক লৈ কৰা পৰিকল্পনাৰ কথা উল্লেখ কৰি মহন্তই কয়, “কলিয়াবৰৰ যি স্বাভিমানীৰ পৰিচয় সেয়া স্থাপন কৰিম ৷ কলিয়াবৰত বিশ্ববিদ্যালয় স্থাপন হ’ব ৷ নগাঁও জিলাৰ ভিতৰতেই প্ৰথম চৰকাৰী আইন মহাবিদ্যালয়ৰ কাম কলিয়াবৰত আৰম্ভ কৰা হৈছে ৷ মই মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনম ৷"

২০২৬ ৰ নিৰ্বাচনত মিত্ৰজোঁট আৰু অগপই কিমানখন আসন লাভ কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মহন্তই কয় ,"এন ডি এ মিত্ৰজোঁটে এইবাৰ প্ৰায় এশখন আসন লাভ কৰি চৰকাৰ গঠন কৰিব ৷ পূৰ্বতকৈ এইবাৰ অগপৰ আসন বৃদ্ধি পাব ৷"

কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা নাই বুলি উল্লেখ কৰি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈয় আৰু ভূপেন কুমাৰ বৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস নাই ৷ কংগ্ৰেছ দলটো নেতৃত্বৰে নিয়ন্ত্ৰণৰ বাহিৰত আছে ৷ তেওঁলোকে নিজক আগবঢ়াই নিয়াত ব্যৰ্থ হৈছে ৷"

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জ্ঞান সীমিত, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে কোনে আৰু কিয় ক'লে ?