২০২৬ ত এশ শতাংশই এন ডি এই চৰকাৰ কৰিব ; হাগ্ৰামা মহিলাৰী
বিজেপিৰ দুজন কাৰ্যবাহী সদস্য আৰু এজন পৰিষদৰ উপাধ্যক্ষক নিযুক্তি শীঘ্ৰেই । ঘোষণা বিটিচি প্ৰধানৰ ।

Published : November 26, 2025 at 9:33 AM IST
কোকৰাঝাৰ : ২০২৬ত অসমত কোনে চৰকাৰ গঠন কৰিব তাৰ ভৱিষ্য়দ্বাণী কৰিলে বিটিচিৰ মুখ্য় কাৰ্যবাহী সদস্য় হাগ্ৰামা মহিলাৰীয়ে । কেৱল সেয়াই নহয় নামনি অসমত কংগ্ৰেছৰ দখলত থকা সকলো আসন এন ডি এই দখল কৰিব বুলি দাবী কৰিছে বিটিচিৰ মুখ্য়কাৰ্যবাহী সদস্য়গৰাকীয়ে ।
কংগ্ৰেছৰ দখলত থকা আসন এন ডি এই লাভ কৰিব :
কোকৰাঝাৰৰ বেছৰগাঁৱৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত চৰকাৰী নাৰ্ছিং কলেজৰ প্ৰশাসনিক ভৱন আৰু আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিচতেই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিটিটিৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে এইদৰে মন্তব্য় কৰি কয়, "বিটিচি নিৰ্বাচনত আমি অকলে খেলিছো; কিন্তু এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি বিজেপি দলক লগত লৈছো ৷ ২০২৬ চনত কেৱল বিপিএফ,বিজেপি বুলিয়েই নহয়,সৰু সৰু দলবোৰক লৈয়ে এন ডি এৰ চৰকাৰ হ'ব অসমত । এশ শতাংশ এন ডি এই চৰকাৰ কৰিব ৷ উজনি অসমৰ কথা মই নকওঁ; কিন্তু নামনি অসমতো কংগ্ৰেছৰ দখলত থকা আসন সমূহো এনডিএৰ দখলত থাকিব ৷"
আনহাতে তিনি-চাৰি দিনৰ ভিতৰতে বিজেপিৰ পৰা দুজন কাৰ্যবাহী সদস্য আৰু এজন পৰিষদৰ উপাধ্যক্ষক নিযুক্তি দিয়া হ’ব বুলিও কয় বিটিটিৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে ৷
বিটিচিত দুজনী বিয়া কৰাব পাৰিব :
আনহাতে, বিবাহ সন্দৰ্ভতো মন্তব্য় কৰে হাগ্ৰামা মহিলাৰীয়ে । কেবিনেটত এটা অতি সুন্দৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য় কৰি তেওঁ কয়, "সেইটো আমাৰ সকলোৰে কাৰণে অতি ভাল খবৰ ৷ অসম কেবিনেটৰ সিদ্ধান্ত মৰ্মে দুগৰাকীক বিয়া পাতিব নোৱাৰে অৰ্থাৎ দ্বিতীয় বিবাহ পাতিব নোৱাৰে যদিও ষষ্ঠ অনুসূচীভুক্ত এলেকাক এই সিদ্ধান্তৰ পৰা ৰেহাই দিয়া হৈছে । ষষ্ঠ অনুসূচী এলেকাৰ অন্তৰ্ভুক্ত বিটিচি, ডিমা হাছাও আৰু কাৰ্বি আংলংত সকলোৱে দুজনীকৈ বিয়া পাতিব পাৰিব । সেয়া বড়ো, মুছলিম, ৰাজবংশী বুলি কোনো কথা নাই ।"

চৰকাৰী সিদ্ধান্ত ভাল নে বেয়া সেয়া ক'ব নোৱাৰি :
আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অধিবেশনত ষষ্ঠ অনুসূচি এলেকাৰ বাবে কেবিনেটত কোনো সিদ্ধান্ত নোলোৱাটো অতি ভাল খবৰ বুলি মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচি প্ৰধানে কয়, "চৰকাৰী সিদ্ধান্ত ভাল নে বেয়া সেয়া ক'ব নোৱাৰি । মুঠতে চৰকাৰে লোৱা সিদ্ধান্তক লৈ আদৰণি জনাব লাগে । বৰ্তমান জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা জনজাতি সকলৰ কোনো ক্ষতি নোহোৱাকৈ জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে দাবী কৰি থকা সকলোক জনজাতিৰ মৰ্যাদা দিয়াত আমাৰ কোনো আপত্তি নাই ৷ "
পূৰ্ণাংগ পৰ্যায়ৰ চৰকাৰী নাৰ্ছিং কলেজৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই অতি আনন্দিত হোৱা বুলি মন্তব্য কৰি বিটিচিৰ প্ৰধান মহিলাৰীয়ে কয়, "বহু বছৰ এই কামখিনি হৈ উঠা নাছিল ৷ চৰকাৰী নাৰ্ছিং কলেজখন পূৰ্ণাংগ পৰ্যায়ত ৰূপ দিয়াৰ বাবে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব সকলোখিনি নিৰ্মাণ কৰা হ’ব আৰু বিটিচি চৰকাৰে যিমানখিনি পাৰে সহায় কৰিব লাগে সকলোখিনি কৰিব ৷"

"শিক্ষা গ্ৰহণ কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো ধৰনৰ অভাৱ-অভিযোগ অনুভৱ নকৰে তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব ৷ তদুপৰি পাঠদান কৰাৰ সময়তো যাতে শিক্ষকৰ অভাৱ নহয় ইয়াৰ ওপৰতো গুৰুত্ব দিব বিচাৰিছো ৷ আন্তঃগাঁথনিৰ পৰা একাডেমিক ক্ষেত্ৰত থকা আসোঁৱাহখিনি চৰকাৰৰ লগত আলোচনা কৰি সমাধান কৰিম আৰু বিটিচিৰ ফালৰ পৰাও মই সহায় কৰিম ৷ এইদৰে কয় হাগ্ৰামা মহিলাৰীয়ে ৷

মঙলবাৰে আয়োজিত এই অনুষ্ঠানটোত স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছৎ বসুমতাৰী,পাৰিষদদ্বয় ক্ৰমে জেমছ বসুমতাৰী, যুৱিৰাজ বসুমতাৰী, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অতুল বড়ো, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নিহাৰ ৰঞ্জন বিশ্বাস আদি উপস্থিত থাকে ৷

