ETV Bharat / politics

আনুষ্ঠানিকতাহে ! মুখ্যমন্ত্ৰী হিচাপে নীতিশৰ নাম চূড়ান্ত কৰিবলৈ মঙলবাৰে এন ডি এৰ বৈঠক

বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ বাবে নীতিশ কুমাৰৰ নাম চূড়ান্ত কৰিবলগীয়া এন ডি এৰ বৈঠকখন ১৭ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে ।

BIHAR ASSEMBLY ELECTIONS 2025
পাটনাৰ জে ডি ইউৰ মুখ্য কাৰ্যালয়ত নীতিশ কুমাৰ (ফাইল ফটো) (IANS)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 4:59 PM IST

2 Min Read
Choose ETV Bharat

পাটনা : নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত হ’বলগীয়া এন ডি এৰ মিত্ৰজোঁটৰ বৈঠকখন ১৮ নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে । বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছোৱালে প্ৰকাশ কৰিছে এই কথা । পূৰ্বে ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল এই বৈঠকখন ।

জয়ছোৱালে কয়, "কাইলৈ ​​(১৮ নৱেম্বৰ) পুৱা ১০ বজাত পাটনাস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ অটল প্ৰেক্ষাগৃহত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব । কেন্দ্ৰীয় পৰ্যবেক্ষকসকলো উপস্থিত থাকিব । ইয়াৰ পিছত ২১ নৱেম্বৰৰ ভিতৰত এন ডি এৰ সকলো মিত্ৰদল বৈঠকত মিলিত হৈ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব ।"

বিধায়িনী দলৰ বৈঠকত নতুন নেতা নিৰ্বাচিত হ’ব বুলিও তেওঁ কয় । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী পদৰ বাবে নীতিশ কুমাৰক সমৰ্থনৰ আনুষ্ঠানিক পত্ৰ মিত্ৰশক্তিৰ ওচৰত দাখিল কৰা হ’ব । এন ডি এৰ এই বিপুল জয়ৰ পিছতে মুখ্যমন্ত্রীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি অহা ২০ নৱেম্বৰত পাটনাৰ গান্ধী ময়দানত নৱ-নিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব, যাৰ বাবে প্ৰস্তুতি চলি আছে ।

নতুন মন্ত্ৰীসভাৰ গঠন আৰু গাঁথনি চূড়ান্ত কৰিবলৈ পাটনা আৰু নতুন দিল্লীত কেইবাখনো বৈঠক অনুষ্ঠিত হয় । দেওবাৰে নিৰ্বাচন আয়োগে ২৪৩ জন বিধায়কৰ নতুন তালিকা ৰাজ্যপালক দাখিল কৰে ।

সোমবাৰে বিদায়ী এন ডি এ চৰকাৰৰ চূড়ান্ত কেবিনেট বৈঠকত নীতিশ কুমাৰক বিধানসভা ভংগ কৰাৰ পৰামৰ্শ দিবলৈ 'অনুমোদন' প্ৰদান কৰা হয় । ১০ মিনিটৰ এই বৈঠকত সৰ্বসন্মতিক্ৰমে এই সন্দৰ্ভত এটা প্ৰস্তাৱ গৃহীত হয় ।

সূত্ৰই জনোৱা মতে, "বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল আৰিফ মহম্মদ খানক সাক্ষাৎ কৰি কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । ১৯ নৱেম্বৰত নীতিশ কুমাৰে বিদায়ী চৰকাৰৰ মুৰব্বী হিচাপে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব ।"

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত ২৪৩ জনীয়া সদনত এন ডি এই ২০০ৰো অধিক আসন লাভ কৰাৰ বিপৰীতে বি জে পিয়ে সৰ্বাধিক ৮৯খন আসন আৰু জে ডি ইউয়ে ৮৫খন আসন লাভ কৰে ।

লগতে পঢ়ক : টাইগাৰ অভি জিন্দা হ্য়ায় ! নীতিশৰ গৰ্জনত বিধ্বস্ত বিৰোধী

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল : ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত উন্নতি জে ডি ইউৰ, পূৰ্বৰ ধাৰা অব্যাহত আৰ জে ডিৰ

এই বিজয়ে আমাক ৰাজ্যখনক নতুন শিখৰলৈ লৈ যাবলৈ উৎসাহিত কৰিছে: প্ৰধানমন্ত্ৰী মোদী