বিহাৰৰ পাঁচোখন ৰাজ্যসভাৰ আসন এন ডি এৰ দখললৈ : ৪ বিৰোধী বিধায়ক ভোটদানৰ পৰা বিৰত
বিজয়ীসকলৰ মাজত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন হৈছে অন্যতম ।

Published : March 16, 2026 at 8:47 PM IST
পাটনা : বিহাৰ ৰাজ্যসভাৰ পাঁচোখন আসন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ এন ডি এৰ দখললৈ । বিৰোধী মহা জোঁটবন্ধনক ধূলিসাৎ কৰি ৰাজ্যখনৰ ৰাজ্যসভাৰ পাঁচোখন আসন দখল কৰে এন ডি এয়ে ।
কংগ্ৰেছৰ তিনিজন আৰু ৰাষ্ট্ৰীয় জনতা দলৰ এজন বিধায়কে ভোটদানৰ পৰা বিৰত থাকি বিৰোধী মিত্ৰজোঁটে যে নিজৰ মিত্ৰদলক একত্ৰিত কৰি ৰাখিব পৰা নাই সেইটো প্ৰদৰ্শন কৰে । ইয়াৰ ফলত বিৰোধী মিত্ৰজোঁটৰ একমাত্ৰ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য অমৰেন্দ্ৰ ধৰী সিঙৰ পৰাজয় হয় ।
বিজয়ীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী তথা জনতা দল (ইউনাইটেড) বা জেডি(ইউ)ৰ সভাপতি নীতিশ কুমাৰ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰ, ৰাষ্ট্ৰীয় লোক মৰ্চাৰ সভাপতি উপেন্দ্ৰ কুশৱাহা আৰু গেৰুৱা দলৰ নেতা শিৱেশ কুমাৰ ।
সংসদৰ উচ্চ সদনৰ বাবে নৱনিৰ্বাচিত সদস্যসকলে বৰ্তমানৰ কাৰ্যকাল ৯ এপ্ৰিলত শেষ হোৱাৰ পিছত শপতগ্ৰহণ কৰিব ।
বিহাৰৰ মন্ত্ৰী তথা জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা শাৰৱান কুমাৰে কয়, "আমি সদায় কৈ আহিছোঁ যে আমি পাঁচখন আসনৰ আটাইকেইখনতে জয়ী হ’ম । আমাৰ বিধায়কসকলক বিৰোধীৰ দৰে বান্ধি ৰাখিবলগা হোৱা নাই । চাৰিঠেঙীয়া জীৱকহে বান্ধি ৰাখিব লাগে, মানুহক নহয় । মহা জোঁটবন্ধনে নিজৰ বিধায়কক হোটেলৰ কোঠাত বন্ধ কৰি ৰাখে । ইয়াৰ পৰাই ক’ব লাগিব যে তেওঁলোকৰ চাৰিজন বিধায়ক কিয় ভোট দিবলৈ নাহিল । ভোট দিলেও আমি জয়ী হ’লোঁহেঁতেন ।"
আনহাতে, দলীয় বিধায়কৰ অনুপস্থিতি আৰু ফলাফলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিহাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰাজেশ কুমাৰে অভিযোগ কৰে, “আমাৰ দলৰ তিনিজন বিধায়কক বিজেপিয়ে হাইজেক কৰিছে ।”
ইফালে আৰ জে ডিৰ মুখপাত্ৰ শক্তি সিং যাদৱে অভিযোগ কৰে যে শাসকীয় মিত্ৰজোঁটে ফলাফলত প্ৰভাৱ পেলাবলৈ 'শক্তি আৰু ধন' ব্যৱহাৰ কৰিছিল । কাৰণ তেওঁলোকে জানিছিল যে বিৰোধীৰ পক্ষত সংখ্যা আছে । “পঞ্চম আসনখন জয় কৰিবলৈ আমাৰ হাতত ৪১টা ভোট আছিল, আনহাতে এন ডি এৰ ভোটৰ সংখ্যা আছিল তিনিটা কম আছিল । সেয়ে স্বাভাৱিকতেই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সম্পদ আৰু হেঁচাৰ কৌশল ব্যৱহাৰ কৰিছিল । ৰাজনীতিত হৰ্ছ ট্ৰেডিং কৰাটো গ্ৰহণযোগ্য নহয় । এই ফলাফলেই দেখুৱায় যে কেনেধৰণৰ ৰাজনীতি বৰ্তমান দেশত চলি আছে ।" শক্তিয়ে কয় ।
আৰ জে ডি নেতাগৰাকীয়ে লগতে কয় যে যিসকল বিধায়ক উপস্থিত নাছিল তেওঁলোকে নিজৰ বিশ্বাসযোগ্যতা আৰু ভোটাৰৰ আস্থা হেৰুৱাই পেলাইছে । যাৰ ফলত তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস হৈছে ।
উল্লেখ্য যে এই জয়ৰ লগে লগে ৭৫ বছৰীয়া নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদ এৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ দিশত আৰু এখোজ আগবাঢ়ি যায় । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জে ডি ইউৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ২০১৪-১৫ চনত তেওঁৰ ঠাইত জিতন ৰাম মাঝিক (বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী) অভিষেক ঘটোৱাৰ সময়ত প্ৰায় ৯ মাহৰ চমু বিৰতিক বাদ দি বিগত ২০ বছৰ ধৰি তেওঁ এই পদত অধিষ্ঠিত হৈ আহিছে ।

