ETV Bharat / politics

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানি-আম্বানীক ৰাইজৰ ধন দিছে: ৰাহুল গান্ধী

উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দলৰ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰে ।

Rahul Gandhi slams modi
ৰায়বেৰেলী প্ৰিমিয়াৰ লীগ ২০২৬ ক্ৰিকেট টুৰ্ণামেণ্ট উদ্বোধন ৰাহুল গান্ধীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 6:59 PM IST

2 Min Read
Choose ETV Bharat

ৰায়বেৰেলী : মঙলবাৰে এদিনীয়া ভ্ৰমণসূচীৰে ৰায়বেৰেলীত উপস্থিত হোৱা কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তেওঁ ৰাজীৱ গান্ধী ষ্টেডিয়ামত যুৱ ক্ৰীড়া একাডেমীৰ ৰায়বেৰেলী প্ৰিমিয়াৰ লীগ ২০২৬ ক্ৰিকেট টুৰ্ণামেণ্টৰ উদ্বোধন কৰে । লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে মিলিত হয় ।

ৰাহুল গান্ধীয়ে কয়, "আমাৰ তিনিটা কাৰ্যকালৰ চৰকাৰৰ দিনত এম জি এনৰেগাত পঞ্চায়তক দায়িত্ব অৰ্পণৰ কথা আছিল । তেওঁলোকক বিত্তীয় দায়িত্ব প্ৰদান কৰা হৈছিল । সেই সময়ত দ্বিতীয় লক্ষ্য আছিল যে ভাৰতৰ যিসকল দুখীয়া লোক তেওঁলোকৰ বাবে সেয়া ন্যূনতম মজুৰি হওক আৰু তাতকৈ কম কেতিয়াও কোনেও মজুৰি লাভ কৰা নাছিল ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানি-আম্বানীক ৰাইজৰ ধন দিছে: ৰাহুল গান্ধী (ETV Bharat)

কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয়, "নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিব বিচাৰে । তেওঁ ক্ষমতাক নিজৰ হাতত ল'ব বিচাৰে আৰু আমোলাৰ হাতত দিব বিচাৰে । তেওঁ দুখীয়া লোকসকলক ক্ষুধাতুৰ কৰি ৰাখিব বিচাৰে । এম জি এনৰেগাৰ নাম সলনি কৰি তেওঁলোকে গান্ধীজীৰ অপমান কৰিছে । তেওঁলোকে দুখীয়া লোকৰ ওপৰত থকা সুৰক্ষা কৱচ আঁতৰাই দিছে ।"

Rahul Gandhi slams Modi
ৰায়বেৰেলী প্ৰিমিয়াৰ লীগ ২০২৬ ক্ৰিকেট টুৰ্ণামেণ্ট উদ্বোধন ৰাহুল গান্ধীৰ (ETV Bharat)

লোকসভাত বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, "আমাৰ তৃতীয় কাৰ্যকালৰ চৰকাৰৰ যি চিন্তা আছিল তাৰ শিপা কাটি দিয়া হৈছে । কংগ্ৰেছ দলে সমগ্ৰ দেশতে এম জি এনৰেগাক ৰক্ষা কৰিবলৈ যুঁজি আছে । যিকলে মজুৰি কৰে তেওঁলোকৰ সুৰক্ষাৰ বাবে কাম কৰি আছে । নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে দেশৰ সমগ্ৰ ধন আদানি আৰু আম্বানীৰ হাতলৈ যাওক । আমি জনসাধাৰণৰ ৰক্ষা কৰি আছোঁ আৰু নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণৰ টকা আদানি আৰু আম্বানীক দিয়াৰ কামত নিয়োজিত হৈ আছে ।"

লগতে পঢ়ক :বিজেপিত নবীন যুগ আৰম্ভ ... অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিজেপিৰ সভাপতিসকল
লগতে পঢ়ক :ৰাষ্ট্ৰ প্ৰথম, পাৰ্টী পিছত, নিজে আটাইতকৈ শেষত : বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে প্ৰথম মন্তব্য নীতিন নবীনৰ