ETV Bharat / politics

১৯ জানুৱাৰীত মনোনয়ন, ২০ জানুৱাৰীত ঘোষণা হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম

প্ৰয়োজন হ'লে ২০ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ।

BJP national president election
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By PTI

Published : January 16, 2026 at 2:42 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দীৰ্ঘ প্ৰতীক্ষা আৰু জল্পনা-কল্পনাৰ পিছত অৱশেষত প্ৰকাশ পাইছে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়সূচী । শুকুৰবাৰে প্ৰকাশ পাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ সময়সূচী । এই সময়সূচী প্ৰকাশ কৰি বিজেপিয়ে কয় যে অহা ১৯ জানুৱাৰীত ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন গ্ৰহণ কৰা হ’ব । আনহাতে, পিছদিনা অৰ্থাৎ ২০ জানুৱাৰীত দলৰ নতুন সভাপতিৰ নাম ঘোষণা কৰা হ’ব ।

বিজেপিৰ ৰাষ্ট্ৰীয় ৰিটাৰ্নিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা সাংগঠনিক ভোটগ্ৰহণৰ সূচী অনুসৰি, ১৯ জানুৱাৰীৰ বিয়লি ২ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত দলটোৰ ৰাষ্ট্ৰীয় মুৰব্বী নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব । আনহাতে, একেদিনাই বিয়লি ৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।

বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কে লক্ষ্মণে জাৰি কৰা অধিসূচনা অনুসৰি, অহা ১৯ জানুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰৰ লগত সন্নিৱিষ্ট নথি-পত্ৰৰ পৰীক্ষা আৰম্ভ হ’ব ৷

লক্ষ্মণে কয় যে 'যদি প্ৰয়োজন হয়' তেন্তে ২০ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ।

আনহাতে, দলীয় সূত্ৰ অনুসৰি, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ মুৰব্বী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে । কাৰণ দলৰ আন কোনো নেতাই প্ৰতিদ্বন্দ্বিতাত যোগদান কৰাৰ সম্ভাৱনা নাই ।

যদি সেয়া হয় তেন্তে জে পি নাড্ডাৰ উত্তৰসুৰী হিচাপে নীতিন নবীনে বিজেপিৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্বই নীতিন নবীনৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছে ।

লগতে পঢ়ক :ভোটগণনাৰ বাবে সাজু প্ৰশাসন, পুৱা ১০ বজাৰ পৰা ভোটগণনা আৰম্ভ
লগতে পঢ়ক :বহুত্ববাদী-গণতান্ত্ৰিক ৰাষ্ট্ৰত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে: ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ