ETV Bharat / politics

ভোটাৰে কি কয় : নলবাৰী সমষ্টিৰ ভোটাৰৰ মনৰ কথা...

যোৱা ৫ বছৰত কিমান উন্নয়ন হৈছে নলবাৰী সমষ্টিত ? পুনৰ বিজেপিকে বিচাৰে নে ৰাইজে ?

Nalbari constituency
নলবাৰী সমষ্টিৰ ভোটাৰৰ মনৰ কথা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 3:27 PM IST

5 Min Read
Choose ETV Bharat

নলবাৰী : অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও ইতিমধ্যে ৰাজনৈতিক দলবোৰ প্ৰস্তুতি আৰম্ভ কৰিছে । শাসক-বিৰোধী সকলোৱে প্ৰতিটো সমষ্টিতে সাংগঠনিক কামকাজ চলোৱাৰ লগতে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । সমষ্টিবোৰৰ নেতাসকলে প্ৰাৰ্থিত্ব বিচাৰি নিজ নিজ দলৰ কাৰ্যালয়ত আৱেদন জনাইছে । একেদৰে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভোটাৰৰ ওচৰলৈ গৈ প্ৰচাৰো আৰম্ভ কৰিছে ।

ব্যতিক্ৰম নহয় নলবাৰী সমষ্টিও । একেৰাহে ১০ বছৰ বিজেপি মিত্ৰজোঁটৰ হাতত থকা ৩৯ নং নলবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী বতাহ বলিছে নে ? যোৱা ৫ বছৰত কি পালে নলবাৰীবাসীয়ে ? আচলতে নলবাৰীৰ ভোটাৰে '২৬ত কেনে প্ৰাৰ্থী বিচাৰে ? নিৰ্বাচনক লৈ ভোটাৰৰ আশা কি ? বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কামক লৈ সুখী নে ? নলবাৰীবাসীৰ মনৰ কথাৰে এই বিশেষ প্ৰতিবেদন ।

নলবাৰী সমষ্টিৰ ভোটাৰৰ মনৰ কথা (ETV Bharat Assam)

অসম বিধানসভাৰ অন্যতম এক গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ৩৯ নং নলবাৰী বিধানসভা সমষ্টি । এই নলবাৰী সমষ্টিক ৫ বছৰে প্ৰতিনিধিত্ব কৰিলে অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ইয়াৰ পূৰ্ৱে জয়ন্ত মল্লবৰুৱাই ২০১১ চনত এই সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তাৰ পিছত পুনৰ ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পৰা জয়ী হৈ বিধায়কৰ পৰা মন্ত্ৰিত্বৰ পদ অলংকৃত কৰিলে জয়ন্ত মল্লবৰুৱাই । বৰ্তমান তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পথত । এই কাৰ্যকালত নলবাৰী সমষ্টিৰ কিছু সাধাৰণ ৰাইজৰে আমি কথা পাতিছিলোঁ ।

সেই সময়ত এজন সাধাৰণ ভোটাৰে কয়, "আমি যিমান বিচাৰো সিমান পোৱা নাই । সিমান পোৱাটোও সম্ভৱ নহয় । কিন্তু পূৰ্বৰ তুলনাত বিগত ৫ বছৰত যথেষ্ট উন্নয়ন হৈছে নলবাৰীত । বহুত ৰৈও গ'ল কৰিবলগীয়া । আমি আশা কৰোঁ পৰৱৰ্তী চৰকাৰ তথা জনপ্ৰতিনিধিজনে ৰৈ যোৱাবোৰ সম্পূৰ্ণ কৰিব ।"

Nalbari constituency
নলবাৰী চহৰ (ETV Bharat Assam)

আন ভোটাৰে কয়, "আঁচনিৰে উন্নয়ন হৈছে নলবাৰীত । নলবাৰী চহৰাঞ্চলত হে উন্নয়ন হৈছে । ৰাস্ত-ঘাটৰ সমস্যা, গ্ৰামাঞ্চলত উন্নয়নৰ ক্ষেত্ৰত কোনো প্ৰভাৱ পৰা নাই ।"

নলবাৰী চহৰৰ চ'কবজাৰৰ পৰা বাহজানী হৈ লোহাৰকাঠা সংযোগী পথৰ দুৰৱস্থাৰ কথা ব্যক্ত কৰি এজনে কয়, "মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিজ গৃহৰ মাজেৰে যোৱাৰ বাবে এই ৫ বছৰে পথছোৱা এটা উন্নত পথ হ'ব বুলি ভাবিছিলোঁ । কিন্তু সেয়া হৈ নুঠিল । আশা কৰো অহা কাৰ্যকালত যিয়েই বিধায়ক হয় এই পথছোৱা সুন্দৰকৈ নিৰ্মাণ কৰিব ।" বহু ভোটাৰে নলবাৰী সমষ্টি পুনৰ বিজেপিৰ হাতলৈ যোৱাটোৱে বিচাৰে । আন বহুতে আকৌ বিচাৰে কংগ্ৰেছক । মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ অভিযোগ একাংশ ভোটাৰৰ ।

Nalbari constituency
নলবাৰী নাট্য মন্দিৰ (ETV Bharat Assam)

চৰকাৰৰ কামকাজত অসন্তুষ্টি প্ৰকাশ কৰি এজনে কয়, "বিগত কাৰ্যকালত নলবাৰী বিধানসভা সমষ্টিৰ উন্নয়ন হৈছে । কিন্তু সেয়া সকলো নহয় ।" আমি কথা পতা একাংশ ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান চলাব নোৱাৰা হৈ গ্ৰাহকক সন্তুষ্ট কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰে ।

Nalbari constituency
নলবাৰীৰ উৰণ সেতু (ETV Bharat Assam)

আনহাতে নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাৰ্যকালত সৰ্বাংগীন উন্নয়ন হৈছে বুলিও একাংশ সাধাৰণ ভোটাৰে ব্যক্ত কৰে । নলবাৰী সমষ্টিত নতুনকৈ ষ্টেডিয়াম, নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়, দুখনকৈ উৰণ সেতু, চহৰৰ ৰাস্তা-ঘাট, ষ্ট্ৰীট লাইট, কনভেনচন চেণ্টাৰকে আদি কৰি সামগ্ৰিক উন্নয়নত জয়ন্ত মল্লবৰুৱাৰ শলাগ লয় একাংশ ভোটাৰে । যদিও কিছু কিছু কাম বাকী আছে অহা কাৰ্যকালত সেয়া সম্পূৰ্ণ হোৱাৰ আশা ভোটাৰ ৰাইজৰ । আনহাতে সমষ্টিটোত বিৰোধীৰ স্থিতি দুৰ্বল বুলিও উদ্বেগ প্ৰকাশ কৰে একাংশই । শাসকীয় বিজেপিয়ে পূৰ্ণ গতিত নলবাৰী সমষ্টিত তৎপৰতা অৱলম্বন কৰিছে বুলি উল্লেখ কৰিছে ৰাইজে । এই দিশৰ পৰা নলবাৰীত শাসকীয় বিজেপি শক্তিশালী স্থিতিত থকা যেন অনুমান কৰিব পাৰি ।

Nalbari constituency
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ETV Bharat Assam)

একাংশ ভোটাৰে আঁচনিৰ পৰা বঞ্চিত হোৱাৰ কথাও ব্যক্ত কৰে । আগন্তক কাৰ্যকালত যিয়েই বিধায়ক হয় তেওঁলোকৰ যাতে এই ভোটাৰসকলৰ সমস্যাৰ কথা চকুত পৰে তাৰো আহ্বান জনাইছে ।

উল্লেখ্য় যে নলবাৰী বিধানসভা সমষ্টিৰ পৰা বিৰোধী কংগ্ৰেছৰ ৬ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকটৰ বাবে আবেদন জনাইছে । অৱশ্যে মিত্ৰজোঁটৰ পৰা মাত্ৰ এজনেই আবেদন কৰিছে বুলি জানিব পৰা গৈছে আৰু তেওঁ হৈছে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

Nalbari constituency
নলবাৰী ষ্টেডিয়াম (ETV Bharat Assam)

কিন্তু নলবাৰীৰ ৰাইজে বিচাৰে সমষ্টিটোৰ উন্নয়ন । দল নহয় তেওঁলোকে কাম কৰা এজন জনপ্ৰতিনিধি বিচাৰে সমষ্টিটোত । বৰ্তমান সমষ্টিটোত ভোটাৰৰ মিশ্ৰিত প্ৰতিক্ৰিয়া পোৱা গৈছে যদিও বিধায়ক জয়ন্ত মল্লবৰুৱাই সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰিছে বুলিও স্বীকাৰ কৰিছে সাধাৰণ ভোটাৰে ।

লগতে পঢ়ক :ভোটাৰে কি কয় : প্ৰশান্ত ফুকনক লৈ সন্তুষ্টনে ডিব্ৰুগড়ৰ ভোটাৰ ?