ETV Bharat / politics

ৰাজীৱ ভৱনত প্ৰৱেশ নিষেধ হ'ব নেকি আশোক শৰ্মা, দিগন্ত বৰ্মনৰ ?

দিগন্ত বৰ্মন, আশোক শৰ্মাৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ ৰাজীৱ ভৱনত তলা ওলমাই দিয়াৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ ৷

Nalbari Congress
ৰাজীৱ ভৱনত প্ৰৱেশ নিষেধ হ'ব নেকি আশোক শৰ্মা, দিগন্ত বৰ্মনৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 10:16 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানে দলসমুহৰ ভিতৰত সৃষ্টি হৈছে আভ্যন্তৰীণ কন্দল ৷ কি বিজেপি, কি কংগ্ৰেছ সকলোতে অভিযোগ-প্ৰতি অভিযোগ ! ফলত দলীয় কৰ্মীৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে ৷

উল্লেখ্যে যে, নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ৰাজীৱ ভৱনত দিগন্ত বৰ্মন, অশোক শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে ৷ দেওবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত অশোক শৰ্মা মুৰ্দাবাদ, দিগন্ত বৰ্মন মুৰ্দাবাদ ধ্বনিৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে ৷

ৰাজীৱ ভৱনত প্ৰৱেশ নিষেধ হ'ব নেকি আশোক শৰ্মা, দিগন্ত বৰ্মনৰ ? (ETV Bharat Assam)

শেহতীয়াকৈ, নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব দিব্যজ্যোতি হালৈক প্ৰদান কৰাক লৈ ক্ষুণ্ণ একাংশ কংগ্ৰেছ কৰ্মী ৷ ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে অশোক শৰ্মা আৰু দিগন্ত বৰ্মন বিৰুদ্ধে ক্ষোভ উজাৰি কয় ,"দিব্যজ্যোতি হালৈয়ে ৰাতি হলে বিজেপি নেতা জয়ন্ত মল্লৰ লগত থাকে ৷ দিনত কংগ্ৰেছ কৰে ৷ দিব্যজ্যোতি হালৈয়ে দিনত কংগ্ৰেছ কৰি ৰাতি হলে জয়ন্ত মল্ল বৰুৱাৰ ওচৰত ৰাজীৱ ভৱনৰ আভ্যন্তৰীণ খবৰ যোগান ধৰে ৷ সেয়ে দলীয় শীৰ্ষ নেতৃত্বই উচিত ব্যৱস্থা নলয় তেতিয়া হ'লে ৰাজীৱ ভৱনত তলা ওলমাম ৷"

ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে কয়, "দিব্যজ্যোতি হালৈতকৈ বহু গুণে সুদক্ষ কংগ্ৰেছৰ নেতা আছিল যি এনে দায়িত্ব পোৱাৰ যোগ্য ৷ সকলো কথা জনাৰ পাছতো কি কাৰণে দিব্যজ্যোতি হালৈক এই দায়িত্ব দিলে অশোক শৰ্মা, দিগন্ত বৰ্মনে সেয়া আমি বুজি নাপালো ৷ সেয়ে আমি সকলো দলীয় বিষয়বাব ত্যাগ কৰিবলৈ সাজু ৷ যদি শীঘ্ৰে আমাৰ দাবী নামানে তেতিয়া হলে অশোক শৰ্মা, দিগন্ত বৰ্মনক ৰাজীৱ ভৱনত প্ৰৱেশ নিষেধ কৰিম ৷ আমি কেতিয়াও কংগ্ৰেছক হাইজেক কৰিবলৈ নিদিও ৷"

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ বুজনিত শান্ত হ'ল দিছপুৰৰ বিধায়ক : লক্ষ্য এতিয়া ২০২৯ৰ লোকসভা নিৰ্বাচন