ETV Bharat / politics

সংখ্যালঘু মৰ্চাৰ সভাপতিলৈ নিৰ্বাচনী বিষয়াৰ জাননী, কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ

সকলোৰে আঁৰত কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মন জড়িত থকাৰ সন্দেহ প্ৰকাশ ৷

assam assembly elction 2026
বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা সোনাবৰ আলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 11:15 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: ৰাজ্যত অব্যাহত আছে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ । ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাসমূহ পুনৰীক্ষণ কৰি বিভিন্নজনলৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচনী বিষয়াই । সাৰি নগ’ল বিজেপি নেতাও ।

ভোটাৰ তালিকা পুনৰীক্ষণত নলবাৰীৰ চৰাঞ্চলৰ প্ৰভাৱশালী বিজেপি নেতা তথা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোনাবৰ আলীলৈ নিৰ্বাচনী বিষয়াই প্ৰেৰণ কৰে জাননী ।

সোনাবৰ আলীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখযোগ্য যে বৰক্ষেত্ৰীত ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়তে হাজাৰ হাজাৰ ভোটাৰলৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচনী বিষয়াই । নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোনাবৰ আলীলৈও জাননী প্ৰেৰণ নিৰ্বাচনী বিষয়াৰ । সোনাবৰক জাননীযোগে বুধবাৰে শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ।

জাননী পোৱাৰ পিছতে তৎপৰ হৈছে বিজেপি নেতাগৰাকী । বিজেপি নেতা তথা সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে দুখ প্ৰকাশ কৰে সামাজিক মাধ্যম ফেচবুকযোগে । পৰিকল্পিতভাৱে অন্যায়-অত্যাচাৰৰ সন্মুখীন হোৱা বুলি নেতাগৰাকীয়ে নিজৰ ফেচবুক একাউণ্টত মত প্ৰকাশ কৰে ।

assam assembly elction 2026
সোনাবৰ আলীৰ ফেচবুক পোষ্ট (ETV Bharat Assam)

আনহাতে, সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলাৰ সভাপতি সোনাবৰ আলীক নিৰ্বাচনী বিষয়াই জাননী দিয়াক লৈ সংবাদ মাধ্যমৰ আগত এনেদৰে আগবঢ়ায় প্ৰতিক্ৰিয়া -‘‘মোলৈ যি শুনানি জাৰি কৰিছে, এয়া ভোট কৰ্তনৰ বাবে নহয় । নিৰাপত্তাৰ বাবেহে জাননী দিছে । এইটো অসম চৰকাৰে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণে সুন্দৰ পদক্ষেপ হাতত লৈছে । যাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছো ৷’’

কাৰোবাৰ ষড়যন্ত্ৰ তথা অভিযোগৰ ভিত্তিত সোনাবৰক জাৰি কৰা হ’ল নেকি চমন

‘‘বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনৰ প্ৰয়াত পিতৃ ভূমিধৰ বৰ্মনে চৰাঞ্চলৰ পৰা তিনি হাজাৰো অধিক মানুহক ডি ভোটাৰ সজাইছিল’’ - এই অভিযোগ সোনাবৰ আলীৰ ।

‘‘বিগত পঞ্চায়ত নিৰ্বাচনত চৰাঞ্চলত সকলো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত লগতে জিলা পৰিষদৰ প্ৰতিনিধিসকল বিজেপিমুখী হোৱা বাবে দিগন্ত বৰ্মনৰ ভাৱধাৰা সলনি হৈছে । তাৰ শংকাত ভূগিয়েই দিগন্ত বৰ্মনে চৰাঞ্চলৰ কিছুমান লোকক টাৰ্গেট কৰি লৈছে’’ বুলিও মন্তব্য কৰে সোনাবৰ আলীয়ে ।

assam assembly elction 2026
আলীয়ে লাভ কৰা জাননী (ETV Bharat Assam)

‘‘এইক্ষেত্ৰত মোলৈও চমন জাৰি কৰিছে, এয়া যদিও কোনো ডাঙৰ কথা হোৱা নাই । এয়া মই প্ৰমাণ কৰিম । মই চৰাঞ্চলতেই বসবাস কৰো নে অইন কৰোবাত বসবাস কৰো, সেয়া মোৰ নিজৰ মত । এইক্ষেত্ৰত দিগন্ত বৰ্মনক ধিক্কাৰ জনাইছো । এইধৰণৰ পৰিৱেশ সৃষ্টি কৰি বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন বিধায়ক হৈ থকাৰ পিছতো কিয় চৰাঞ্চলৰ লোক সকলোলৈ জাননী আহিছে’’ বুলি বিজেপি নেতাগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

তাক লৈ প্ৰশ্ন উত্থাপন কৰি বিজেপি নেতা সোনাবৰ আলীয়ে কয়, ‘‘যদি বিজেপিয়ে সংখ্যালঘু লোকলৈ কেৱল চমন জাৰি কৰাইছে, তেন্তে মোলৈ কিয় আহিছে ? এইক্ষেত্ৰত অসম চৰকাৰক মই অনুৰোধ জনাম যাতে অসমত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হয় । কোনো অবৈধ বাংলাদেশীৰ নাম সংলগ্ন নহয় আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ হ’ব ৷ যাতে ২৬ ৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰো ৷’’

assam assembly elction 2026
কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ (ETV Bharat Assam)

তেওঁ লগতে কয়, ‘‘পৰিয়ালৰ ভিতৰত কেৱল মোৰ নামতেই জাননী দিয়া হৈছে ৷ বৰক্ষেত্ৰী সমষ্টিত মোক কংগ্ৰেছে টাৰ্গেট কৰি লৈছে যাতে সমষ্টিটোত মোৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে ৷ এয়া কংগ্ৰেছৰেই যে ষড়যন্ত্ৰ সম্পূৰ্ণ ওলাই পৰিছে ।’’

লগতে পঢ়ক: অখিল গগৈৰ লগত বিজেপিৰ বুথৰ এজন সভাপতিয়েও কথা নাপাতে: দিলীপ শইকীয়া