বঢ়মপুৰ সমষ্টিত জিতু গোস্বামীলৈ সম্পূৰ্ণ সমৰ্থন নগাঁও জিলা চাহ মজদুৰ সংঘৰ
চাহ জনজাতিৰ বিভিন্ন সমস্যা সমাধানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এইবাৰ সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিব ।

Published : March 22, 2026 at 2:54 PM IST
বঢ়মপুৰ : বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক সমৰ্থন কৰিব নগাঁও জিলা চাহ মজদুৰ সংঘই । চাহ জনজাতিৰ বিভিন্ন সমস্যা সমাধানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এইবাৰ সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিব । নগাঁও জিলাৰ চাহ মজদুৰ সংঘৰ উপ-সভাপতি আৰু সম্পাদকে এই কথা সদৰী কৰিছে ।
বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ তিনি শতাংশ সংৰক্ষণ কৰা; মহিলা সবলীকৰণ আঁচনিত চাহ জনগোষ্ঠীয় মহিলাসকলৰ উন্নয়ন হোৱা বাবেই সংঘৰ জিলা সমিতিয়ে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক সমৰ্থন জনাব ।
এই সন্দৰ্ভত নগাঁও জিলা চাহ মজদুৰ সংঘৰ সম্পাদক কাৰ্তিক সাহে কয়, "নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত ২৩ খন চাহ বাগিচা অন্তৰ্ভুক্ত হৈ আছে । অসমৰ অন্য জনগোষ্ঠীসমূহৰ যেনেকৈ উন্নয়ন হৈছে তেনেকৈ ২৩ খন চাহ বাগিচাৰ বস্তি অঞ্চলবোৰৰো একে উন্নয়ন হৈছে । চৰকাৰে এই সমস্যাবোৰ সমাধান কৰিছে । যোৱা এটা কাৰ্যকালত জিতু গোস্বামীয়ে ইমান কাম কৰিছে যে বঢ়মপুৰত সোমালে এনে লাগে যেন দহ পোন্ধৰ বছৰৰ কাম কৰিছে । তেনেকুৱা দেখা পাওঁ । তেওঁ যিমান উন্নয়ন কৰিছে সেইবাবে যোৱাবাৰ যিমান ভোটত জয়ী হৈছিল এইবাৰ তাতোকৈ বেছি ভোটত জয়ী কৰাই বিধানসভালৈ পঠিয়াম ।"
ইপিনে, নগাঁও জিলাৰ চাহ মজদুৰ সংঘৰ উপ-সভাপতি বাবলু গোছায়ে কয়, "বঢ়মপুৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব পোৱাত আমি বহুত আনন্দিত আৰু বিপুল ভোটত জয়ী কৰাই বিধানসভালৈ পঠিয়াম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত মজবুত কৰিম । কিয়নো চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে এই চৰকাৰখনে যিমান কাম কৰিছে ক'বলৈ ভাষা নাই ।"

চাহ জনজাতিৰ লোকসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছিল যদিও পূৰ্বৰ কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে বুলিও অভিযোগ কৰে চাহ মজদুৰ সংঘই । বিজেপি চৰকাৰে চাহ মজদুৰ সংঘৰ দুশ বছৰীয়া সমস্যা সমাধান কৰি মাটিৰ পট্টা প্ৰদান কৰা বাবে চৰকাৰৰ প্ৰতি কৃতজ্ঞ হৈ জিতু গোস্বামীক সমৰ্থন কৰিব বুলি নগাঁও জিলাৰ চাহ মজদুৰ সংঘৰ নেতাদ্বয়ে কয় ।
লগতে পঢ়ক:বঢ়মপুৰত জিতু গোস্বামী-ৰাজেন গোঁহাইৰ বিৰুদ্ধে কিদৰে যুঁজ দিব ৰানুমাই টেৰংপীয়ে ?
কিয় বাধ্য হ’ল কংগ্ৰেছ এৰিবলৈ ? ৰাইজে নজনা বহু কথাই ক’লে প্ৰদ্যুৎ বৰদলৈয়ে

