ETV Bharat / politics

নগাঁও উপ-নিৰ্বাচন কঠিন হ'লেও জিক‍াৰ বাবে খেলিম : দিলীপ শইকীয়া

নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিধানসভাত দিছপুৰ সমষ্টিৰ পৰা জয়ী হোৱাৰ পিছতে খালী হৈ আছে আসনখন ।

Dilip Saikia on Nagaon By-election
নগাঁও উপ-নিৰ্বাচন কঠিন হ'লেও জিক‍াৰ বাবে খেলিম : দিলীপ শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 7:21 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : "উপ-নিৰ্বাচন আমাৰ বাবে কঠিন হ'ব । আমি জিকিবলৈ নিৰ্বাচন খেলিম । নগাঁও লোকসভাৰ উপ-নিৰ্বাচন আমাৰ বাবে এটা প্ৰত্যাহ্বান । আমি নগাঁৱত বহুবাৰ জিকিছো । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জনগাঁথনি কিছু সলনি হৈছে । উপযুক্ত, জনপ্ৰিয় আৰু জয়ী হ'ব পৰা প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম ।" এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ । নগাঁও লোকসভাৰ উপ-নিৰ্বাচন সন্দৰ্ভত দেওবাৰে গুৱাহাটীত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

তেওঁ লগতে কয়, "নগাঁও উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিব । সম্ভৱতঃ আগষ্টৰ শেষৰ ফালে অধিসূচনা জাৰি হ'ব পাৰে । আমাৰ প্ৰাৰ্থী দিয়া হ'ব আৰু কিছু নাম আহিছে । জিকিব পৰা, উপযুক্ত আৰু জনপ্ৰিয়তা থকা ব্যক্তিক আমি সদায় প্ৰাৰ্থিত্ব প্ৰদান কৰো । এইবাৰো সেইদৰে প্ৰাৰ্থী দিয়া হ'ব । উপ-নিৰ্বাচনটো আমাৰ বাবে কঠিন আছে । প্ৰত্যাহ্বান থাকিলেও আমি জিকাৰ বাবে নিৰ্বাচন খেলিম ।"

নগাঁও উপ-নিৰ্বাচন কঠিন হ'লেও জিক‍াৰ বাবে খেলিম : দিলীপ শইকীয়া (ETV Bharat)

কংগ্ৰেছ আৰু এআইইউডিএফ দলে প্ৰাৰ্থী দিয়াৰ প্ৰসংগত সভাপতিগৰাকীয়ে কয়, "কোনে প্ৰাৰ্থী দিয়ে সেইটো দলৰ নিজৰ কথা । নগাঁও লোকসভাৰ উপ-নিৰ্বাচন যদিও কঠিন তথাপিও আমি নিৰ্বাচন খেলিম । আমাৰ চৰকাৰখনে ৰাইজৰ হৈ কাম কৰিছে আৰু ৰাইজে নিশ্চয় এইবাৰ আমাক সমৰ্থন আৰু সহযোগ কৰিব ।"

নগাঁও উপ-নিৰ্বাচনৰ বাবে জিলাখনৰ আয়ুক্তগৰাকীৰ নাম চৰ্চাত থকা সন্দৰ্ভত সভাপতিগৰাকীয়ে কয়, "এনেকুৱা ধৰণৰ কথাবিলাক আমি শুনি আছো । প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্রত কিছুমান পেৰামিটাৰ থাকে । সেই পেৰামিটাৰখিনি তথা দক্ষতাখিনি বিবেচনা কৰাৰ পিছত সকলো ঠিকে থাকিলে নিশ্চয় যিকোনো লোকে প্ৰাৰ্থী হ'ব পাৰে । গতিকে ইয়াত আমি কাৰো নাম লিখি থোৱা নাই । আমি বিচাৰিম নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাৰ ৰাইজে চিনি পোৱা, ভালপোৱা, আগন্তুক দিনত ভালকৈ কাম কৰিব বিচৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ বাবে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমিতিয়ে চিন্তা কৰিব ।"

লগতে পঢ়ক : ৰুটি বেলি দায়িত্ব সামৰা গৌৰৱ গগৈয়ে আজমলক অপমান কৰাটো শোভা নাপায় : এআইইউডিএফ