ETV Bharat / politics

কংগ্ৰেছৰ ঠিকনা এতিয়া ৰাইজৰ পৰিৱৰ্তে থানা: সাংসদ ৰঞ্জিত দত্ত

"অখিল গগৈয়ে কাৰ পৰা কেতিয়া কিমান ধন লৈছিল, তাৰ তথ্যও আমাৰ হাতত নথকা নহয় ।" ক'লে ৰঞ্জিৎ দত্তই ৷

Ranjit Dutta slams congress
বিহালীত সংবাদমেল সম্বোধন সাংসদ ৰঞ্জিত দত্তৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 11:54 AM IST

3 Min Read
Choose ETV Bharat

বিশ্বনাথ চাৰিআলি : শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত দত্তৰ বিৰোধী শিবিৰক তীব্ৰ আক্ৰমণ । ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তীব্ৰ কটাক্ষ । শুকুৰবাৰে বিহালীত এক সংবাদমেলযোগে তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

কংগ্ৰেছৰ সংস্কৃতি হ’ল ৰাইজক এৰি পলাই থকা

সাংসদ দত্তই কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয়, "যিসময়ত বিৰোধী দল হিচাপে তেওঁলোক ৰাইজৰ মাজত থাকিব লাগিছিল, তেনে সময়ত তেওঁলোকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানাই থানাই ঘূৰি ফুৰিছে ।"

কংগ্ৰেছৰ ঠিকনা এতিয়া ৰাইজৰ পৰিৱৰ্তে থানা: সাংসদ ৰঞ্জিত দত্ত (ETV Bharat Assam)

তেওঁ প্ৰশ্ন কৰে, "কংগ্ৰেছ দল ৰাইজৰ মাজত থাকিব লাগে নে ভোট চোৰৰ নামত থানাত গৈ বহি থাকিব লাগে ?"

তেওঁৰ মতে, কংগ্ৰেছৰ হাতত বৰ্তমান ৰাইজৰ বাবে কোনো ইছ্যু নাই, যাৰ বাবে তেওঁলোকে কেৱল নাটক কৰি আছে । গৌৰৱ গগৈৰ ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানক তেওঁ ২০০১ চনৰ তৰুণ গগৈ চৰকাৰৰ বিফল প্ৰচেষ্টাৰ সৈতে তুলনা কৰি কয়, "এইবোৰ অৱশেষত ‘ফুটুকাৰ ফেন’ত পৰিণত হ’ব । গৌৰৱ গগৈৰ গৃহ সমষ্টি যোৰহাটতে পৰামৰ্শৰ বাবে ৰখা বাকচ ৰাইজে বিচাৰি পোৱা নাই ।"

অখিল গগৈয়ে চান্দা বিচৰাটো পুৰণি অভ্যাস

আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্ত্ৰীৰ পৰা ২০ কোটি টকা দাবী কৰা বুলি চৰ্চিত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঞ্জিত দত্তই কয় যে অখিল গগৈৰ বাবে এয়া নতুন কথা নহয় ।

তেওঁ কয়, "আন্দোলনজীৱী অখিল গগৈয়ে আন্দোলনৰ সময়তো ধনদাবী কৰি আছিল । তেওঁ কাৰ পৰা কেতিয়া কিমান ধন লৈছিল, তাৰ তথ্য আমাৰ হাতত নথকা নহয় ।"

ৰঞ্জিত দত্তই স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে অখিল গগৈ থাকিব, তেতিয়ালৈকে এই ‘ধনদাবী’ৰ সংস্কৃতিও থাকিব ।

বিহালীৰ প্ৰাৰ্থী হ’ব লাগিব ‘ভূমিপুত্ৰ’

ইফালে বিহালী বিধানসভা সমষ্টিৰ বাবে ২০২৬ চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বাছনি সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰি সাংসদগৰাকীয়ে কয়, "বিহালীত কেৱল স্থানীয় লোকেহে প্ৰাৰ্থিত্ব লাভ কৰিব । বাহিৰৰ কোনো ব্যক্তিয়ে ইয়াত টিকট নাপায় ।"

এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ স্পষ্ট ইংগিত দিয়ে যে গুৱাহাটী নিবাসী চিৰঞ্জীৱ পাঠক আৰু লখিমপুৰৰ উৎপল হাজৰিকাই প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা নাই । তাৰ পৰিৱৰ্তে তেওঁ স্থানীয় নেতা মুনীন্দ্ৰ দাস অথবা অৰূপ কুমাৰ দাসৰ মাজৰ কোনোবা এজন প্ৰাৰ্থী হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে ।

ইফালে বিৰোধী মিত্ৰজোঁটৰ অংক আৰু ভৱিষ্যদ্বাণী সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই দাবী কৰে যে বিহালী আসনখন কংগ্ৰেছে চি পি আই (এম-এল)ক এৰি দিবলৈ বাধ্য হ’ব । তেওঁৰ মতে, "বিৰোধী মিত্ৰজোঁটত বিহালী আসনখন চি পি আই (এম-এল) আৰু সৰভোগ সমষ্টি চি পি এমক দিয়াৰ বাহিৰে কংগ্ৰেছৰ কোনো বিকল্প নাই ।"

সংবাদমেলত সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এম জি এনৰেগা আৰু জনকল্যাণমূলক আঁচনিসমূহৰ ওপৰতো আলোকপাত কৰে ।

উল্লেখ্য যে সংবাদমেলত দিয়া ৰঞ্জিত দত্তৰ মন্তব্যই বিহালীৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :অসম চৰকাৰ এতিয়া এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী: গৌৰৱ গগৈ
লগতে পঢ়ক :সাংসদ অজিত কুমাৰ ভূঞাৰ দলটোত কোন আছে : প্ৰশ্ন মুখ্যমন্ত্রীৰ