ETV Bharat / politics

প্ৰসংগ শংকৰ আজান, এই কথাবিলাক ক’বৰ কাৰণেই জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে: ৰকিবুল

জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ । শংকৰ-আজান প্ৰসংগৰ উত্তৰ জুবিন গাৰ্গে দিলেহেঁতেন । এইধৰণৰ কথা ক’বলৈয়ে জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে ।

RAKIBUL HUSSAIN ON ZUBEEN GARG
জনতাৰ মাজত সাংসদগৰাকী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 10:23 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত কেইবাদিনো ধৰি শংকৰ-মাধৱ আৰু শংকৰ-আজানৰ প্ৰসংগত কৰি অহা মন্তব্যক লৈ ব্যাপক চর্চা অব্যাহত আছে ৰাজ্যৰ বিভিন্ন মহলত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে আজান ফকীৰৰ সাক্ষাৎ হোৱাই নাছিল বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত বুধবাৰে সাংসদ ৰকিবুল হুছেইনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰি সংবাদ মাধ্যমৰ সন্মুখত সাংসদ ৰকিবুল হুছেইনে কয়, ‘‘আজি জুবিন গাৰ্গক বৰকৈ মনত পৰিছে । আজি জুবিন গাৰ্গ থকা হ’লে এইবিলাক কথাৰ উত্তৰ ভালকৈয়ে দিলেহেতেন । জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে । এইসমূহ কথাৰ উত্তৰ দিবলৈ জুবিন গাৰ্গৰ প্ৰয়োজন আছিল । মই ক’লে হিন্দু-মুছলমান কৰিব । আজি জুবিন গাৰ্গ নাই, থকা হ’লে মুখ্যমন্ত্ৰীৰ এইসমূহ কথাৰ উত্তৰ জুবিন গাৰ্গে দিলেহেঁতেন । এইকাৰনেই তেওঁক আজি নাইকিয়া কৰি ল’লে । জুবিন গাৰ্গ থকা হ’লে এই কথাবিলাক ক’বলৈ অলপ সংকোচ কৰিলেহেঁতেন । জুবিন গাৰ্গ নথকাৰ অন্যতম এটা কাৰণ হ’ল, এইসমূহ কথা ক’লে বাধা দিবলৈ কোনো নাই । মই ক’লে হিন্দু-মুছলমান কৰিব ।’’

জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

বিজেপি চৰকাৰক কটাক্ষ কৰি সাংসদ ৰকিবুল হুছেইনে আৰু কয়, “নিৰ্বাচন ঘোষণা হ’লেই এটা এটা কথাৰ উত্তৰ ৰাইজে দিব । সকলো জাতি-জনগোষ্ঠী আজি ক্ষোভিত হৈ আছে । যিকোনো জনগোষ্ঠীৰ কেইজনমান লোকক হাত কৰি বৈতৰণী পাৰ কৰিব বিচাৰিছে যদিও আজি সকলো জাতি-জনগোষ্ঠীৰ ক্ষোভ গুজৰি-গুমৰি আছে ।’’

চামগুৰি সমষ্টিত বিগত কিছুদিন ধৰি ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ বিৰোধিতা কৰি একাংশ কংগ্ৰেছীয়ে বিসম্বাদ আৰম্ভ কৰা প্ৰসংগতো বুধবাৰে চামগুৰি সমষ্টিৰ ৰূপহীহাটত পুত্ৰ তাঞ্জিলক লগত লৈ উপস্থিত হৈ মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে । চামগুৰি সমষ্টিত কোনো বিসম্বাদ নাই বুলি স্পষ্ট দাবী কৰি ৰকিবুল হুছেইন অথৱা তাঞ্জিল হুছেইনৰ সৈতে কংগ্ৰেছৰ প্ৰতিগৰাকী লোক আছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।

উল্লেখ্য যে, বছৰৰ অন্তিম দিনা চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত পুত্ৰ তাঞ্জিল হুছেইনক লৈ উপস্থিত হৈ দলীয় কর্মীক সাক্ষাৎ কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক : ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা: খচৰা তালিকাত এবছৰত ১.৩৫ শতাংশ ভোটাৰ বৃদ্ধি