গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ : পদত্যাগৰ ভাবুকিৰে দলৰ হাইকমাণ্ডলৈ পত্র প্ৰেৰণ
লাহৰীঘাটত আছিফ নজৰক টিকট দিলেই কংগ্ৰেছ দল ত্যাগৰ ভাবুকি সাংসদ বৰদলৈৰ ।

Published : March 16, 2026 at 12:08 AM IST
গুৱাহাটী: কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতে দলত্যাগৰ জোৱাৰ উঠিছে ৷ প্ৰাৰ্থিত্ব নাপাই বহুজনে দলত্যাগ কৰাৰ লগতে বহুজনে দলত্যাগৰ হুংকাৰ দিছে । দ্বিতীয়খন তালিকা প্ৰকাশৰ পাছতে দুজনকৈ বিধায়কে নাপালে টিকট । ইফালে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মাজতে দলত্যাগৰ হুংকাৰ দিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
অন্তঃকন্দলত জৰ্জৰিত হৈছে কংগ্ৰেছ । বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰাৰ ভাবুকি প্ৰদ্যুৎ বৰদলৈৰ । লাহৰীঘাটত কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ আৰম্ভ হৈছে এই সংঘাত । এজন প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰক টিকট দিলে কংগ্ৰেছ ত্যাগ কৰিম বুলি হুংকাৰ সাংসদ বৰদলৈৰ । পদত্যাগৰ ভাবুকিৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে পত্ৰ ।

কংগ্ৰেছৰ নেতা জীতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা পত্রত সাংসদগৰাকীয়ে কয়, "শ্রদ্ধেয় জীতেন্দ্ৰ সিং ডাঙৰীয়া, অত্যন্ত দুখ আৰু ক্ষোভত এই পত্ৰ আপোনালৈ প্ৰেৰণ কৰিবলগীয়া হৈছে । মই আপোনাক বহুবাৰ পূৰ্বতে অৱগত কৰিছিলো যে মই প্ৰথম প্ৰজন্মৰ এজন কংগ্ৰেছ সাংসদ হিচাপে দলক প্ৰথম দিনৰ পৰা আজিপর্যন্ত সাধ্যনুসাৰে সেৱা কৰি আহিছো । আজি মই যি পৰ্যায়ত আছো, তাৰ বাবেও কংগ্ৰেছ দলক কৃতজ্ঞতা জনাও । মই এই কথাও বুজি পাও যে ৰাজনৈতিক ক্ষেত্ৰত থাকিলে যিকোনো অপমান, অশান্তি আদি জীৱনৰ অংগাংগীস্বৰূপ । কিন্তু এই কথাই বেদনাহত কৰে যেতিয়া দলৰ সতীৰ্থই আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ প্ৰতি যথাযোগ্য সন্মানৰ পৰা বঞ্চিত কৰে । চমুকৈ ক'বলৈ গ'লে যোৱা ২৭ এপ্ৰিলত বিধায়ক আছিফ নজৰৰ ঘনিষ্ঠ এমদাদুল ইছলাম নামৰ এটা দুৰ্বৃত্তই মোক লাহৰীঘাটত বিধায়িকা শিৱামণি বৰাৰ সৈতে গৈ থকা অৱস্থাত হত্যাৰ ষড়যন্ত্ৰ কৰি আক্ৰমণ কৰিছিল । ২০ টাকৈ আততায়ীয়ে আমাক একেলগে বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে আক্ৰমণ কৰিছিল । কিন্তু বিধায়ক আছিফ নজৰে সেই আক্ৰমণকাৰী এমদাদুল ইছলামক কাৰাগাৰৰ পৰা মোকলাই নিছিল । আনকি বিধায়ক আছিফ নজৰে এমদাদুলক গৌৰৱ গগৈৰ বাসগৃহলৈও নি সম্ভাষণ জ্ঞাপন কৰাইছিল । মই গৌৰৱ গগৈৰ ওচৰত এই কথাৰ প্ৰতিবাদ কৰিছিলো । কিন্তু সভাপতি গৌৰৱ গগৈয়ে এই কথাৰ কোনো গুৰুত্ব নিদিলে আৰু এমদাদুলক আনকি নিজৰ মঞ্চত একেলগে বহাৰ সুযোগ দিলে । আছিফ নজৰক ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বাৰণ কৰিবলৈ মই নিৰ্বাচনী সমিতিৰ অধ্যক্ষা প্রিয়ংকা গান্ধীকো প্রমাণ সহকাৰে পত্ৰ দিছিলো । এই কথা মল্লিকার্জুন খাৰ্গে, ৰাহুল গান্ধী, কে চি বেণুগোপাল, প্রিয়ংকা গান্ধী আৰু আপুনিও অৱগত ।’’

তেওঁ লগতে কয়, ‘‘জীতেন্দ্ৰ সিং ডাঙৰীয়া, মই পুনৰ আপোনাক প্ৰমাণ সহকাৰে এই পত্ৰ প্ৰেৰণ কৰিলো যাতে আপুনি উচিত ব্যৱস্থা ল'ব পাৰে আৰু দলত মোৰ আত্মসন্মান অটুট থাকে ।’’
সম্প্ৰতি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পত্রই কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছে ।

