বিজেপিয়ে ৮৩ৰ ঘটনাক লৈ আকৌ সমাজত এটা উত্তেজনা সৃষ্টি কৰিব খুজিছে, ক’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে
বিজেপি চৰকাৰক উভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তিৱাৰী আয়োগৰ প্ৰতিবেদন, জুবিন গাৰ্গৰ হত্যা আদি প্ৰসংগত নগাঁৱত মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

Published : November 26, 2025 at 2:11 PM IST
নগাঁও: "বিজেপি, আৰ এছ এছে সংবিধানত সন্নিৱিষ্ট হোৱা সাধাৰণ মানুহৰ স্বাৰ্থ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ছচিয়েলিষ্ট বা চেকুলাৰ আদি শব্দ উঠাই দিব খুজিছে ।"-অসম প্ৰদেশ কংগ্ৰেছে নগাঁও জিলা কংগ্ৰেছ আৰু সেৱাদলৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে গ্ৰহণ কৰা সংবিধান সুৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
সংবাদ মাধ্যমৰ সন্মুখত বৰদলৈয়ে সংবিধান সুৰক্ষা যাত্ৰা সন্দৰ্ভত কয়,"তেওঁলোকে বৈষম্য কৰি নতুনকৈ অপব্যাখ্যা দিব বিচাৰিছে । সংবিধানৰ ওপৰত তেওঁলোকে অহৰহভাৱে আক্ৰমণ কৰি আহিছে । যিখন সংবিধান ভাৰতৰ ৰাইজে গ্ৰহণ কৰিছে, যিখন সংবিধান ১৯৫০ চনৰ পৰা প্ৰযোজ্য হৈছে সেইখন সংবিধান ৰক্ষা কৰিবৰ বাবে কংগ্ৰেছে কাম কৰি যাব ।”
আগন্তুত বিধানসভা নিৰ্বাচন সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়,"২০২৬ ত অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক উৎখাত কৰি কংগ্ৰেছৰ চৰকাৰ হ’ব এই বিষয়ে কোনো সন্দেহ নাই । তেওঁ ২০১৬ চনৰ পৰা অসমখনক দুখন দুনীয়াত বিভক্ত কৰিছে । কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে ইতিমধ্যেই কৌশল ৰচনা কৰিছোঁ ।"
তেওঁ পুনৰ কয়,"বিজেপিৰ এটা গোটে whatsapp ইউনিভাৰ্ছিটিত বেলেগ বেলেগ কথা প্ৰচাৰ কৰে । ভাৰতবর্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সেয়ে হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰিবলৈ কংগ্ৰেছ ঐক্যবদ্ধ । বিজেপিৰ ১৫০০ টকীয়া বেতন লাভ কৰাসকল সামাজিক মাধ্যমত প্ৰচাৰ কৰাত সিদ্ধহস্ত । বিজেপি ছিণ্ডিকেট কৰি টকাৰ পাহাৰৰ ওপৰত বহি থাকে ।”
তিৱাৰী আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়,"তিৱাৰী আয়োগৰ প্ৰতিবেদন ১৯৮৭ চনতে বিধানসভাত দাখিল কৰা হৈছিল । এতিয়া নতুনকৈ মানুহৰ মাজত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিবলৈ, উৎকট সাম্প্ৰদায়িক মনোভাৱেৰে সৈতে সমাজক বিভাজন কৰিবলৈ এটা কৌশল ৰচনা কৰিছে, কিন্তু মানুহে গুৰুত্ব দিয়া নাই ।"
সাংসদগৰাকীয়ে লগতে কয়,"১৯৮৩ চনত এটা দুৰ্ভাগ্যজনক ঘটনা হৈছিল, এইটো আমাৰ পাছফালে । আমি এতিয়া আগলৈ চাব লাগিব । আমি সকলোৱে মিলি আগলৈ আগবাঢ়ি যাব লাগিব । ৮৩ চনৰ এটা ঘটনাক লৈ এতিয়া আকৌ সমাজত এটা উত্তেজনা সৃষ্টি কৰিব খুজিছে । সেইটোত এতিয়া মলম দি আমি সকলোৱে শান্তিপূৰ্ণভাৱে এটা যাত্ৰাৰে অসমখনক আগবঢ়াই লৈ যাব লাগিব । পিছলৈ চোৱা কাম-কাজ চৰকাৰে কৰা উচিত নহয়, চৰকাৰে কৰিছে কিন্তু ৰাইজে গুৰুত্ব দিয়া নাই ।”
জুবিন গাৰ্গক হত্যা কৰা বুলি সদন্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জুবিন গাৰ্গৰ হত্যাত জড়িত কোনো ষড়যন্ত্ৰকাৰী যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

