দিল্লীৰ ৰক্তাক্ত ঘটনাক গৰিহণা সাংসদ প্ৰদান বৰুৱাৰ
সোমবাৰে দিল্লীত সংঘটিত ভয়ংকৰ বিস্ফোৰণ প্ৰসংগক গৰিহণাকে আদি কৰি বিভিন্ন দিশ আলোকপাত কৰি কেতবোৰ প্ৰশ্নৰ উত্তৰ সাংসদ প্ৰদান বৰুৱাৰ ।

Published : November 11, 2025 at 6:57 PM IST
লখিমপুৰ: সোমবাৰে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ৰক্তাক্ত ঘটনাক গৰিহণা জনাই লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । লখিমপুৰত মঙলবাৰে আৱৰ্ত ভৱনত আয়োজিত এক সংবাদমেলত অংশগ্রহণ কৰি দিল্লীৰ ঘটনাক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি সাংসদ প্ৰদান বৰুৱাই কয়,"আমাৰ নিৰাপত্তা বাহিনী সকলো সময়তে সষ্টম হৈ থাকে । তাৰ মাজতো কেতিয়াবা এনে অবাঞ্চিত ঘটনা সংঘটিত হৈ যায় । মই এই ঘটনাটোক গৰিহণা দিছোঁ ।
ঘটনাৰ লগত জড়িত দোষীক বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে । কূটাঘাটকাৰীয়ে নতুন নতুন কৌশল ৰচনা কৰি কূটাঘাট কৰে । সুৰক্ষা বাহিনীয়েও আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্রহণ কৰি নিৰাপত্তা নিশ্চিত কৰে । তাৰ মাজতো কেতিয়াবা এনে ঘটনা ঘটে । যিয়েই এনে ঘটনা সংঘটিত কৰিছে তেওঁলোকে কঠোৰ শাস্তি পাব লাগে ।"
অসমত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ আন্দোলন কৰাৰ বিপৰীতে ট্ৰাইবেল সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ ফলত ৰাজ্যখনত সংঘাতময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে নে কি বুলি সোধা প্ৰশ্নৰ উত্তৰত সাংসদ বৰুৱাই কয়,"নিজৰ ন্যায় প্ৰাপ্তিৰ বাবে সকলোৱে চৰকাৰৰ ওচৰত বিভিন্ন মাধ্যমেৰে দাবী জনাব পাৰে । তাত কাৰো বাধা থাকিব নালাগে । তেনেক্ষেত্রত প্ৰতিটো সংগঠনে দাবী জনোৱাত বাধা নাই । কিন্তু মই সকলো সংগঠনক অনুৰোধ জনাওঁ যাতে সকলোৱে সীমাৰ ভিতৰত থাকি দাবীসমূহ সাব্যস্ত কৰিলে ভাল হ'ব । তেনেক্ষেত্রত সংঘাতময় পৰিৱেশলৈ যাতে কোনো নাযায় তাৰ কাৰণে সকলোৱে সতৰ্ক হ'লে ভাল হ'ব বুলি মই ভাবো ।"
লগতে ৰাজ্যত আফ্ৰিকান চোৱাইন ফ্লু সন্দৰ্ভত তেওঁ ভেকচিন আৱিষ্কাৰ নোহোৱা পৰ্যন্ত প্ৰচলিত ব্যবস্থাৰেই চলিব লাগিব বুলি উল্লেখ কৰি ভাৰতকে ধৰি বিভিন্ন দেশে ভেকচিন আৱিষ্কাৰ কৰিবলৈ চেষ্টা চলাই থকা আৰু অচিৰেই ভেকচিন আৱিষ্কাৰ হ'ব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াসহ সাংসদ প্ৰদান বৰুৱাই আয়োজন কৰা এই সংবাদমেলখন একতাৰ পদযাত্রা, এক ভাৰত, আত্মনিৰ্ভৰ ভাৰত শীর্ষক কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰা হয় ।
তেওঁ কয়, "একতাৰ পদযাত্রা হৈছে লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশজোৰা এক জন আন্দোলন । চৰ্দাৰ বল্লভভাই পেটেলৰ নিৰ্ণায়ক নেতৃত্ব, কূটনৈতিক বুদ্ধিমত্তা আৰু জাতীয় ঐক্যৰ প্রতি অটল দায়বদ্ধতাই প্রজন্মে প্রজন্মে অনুপ্রাণিত হৈ আহিছে । যাৰ ফলত 'একতাৰ পদযাত্রা তেওঁৰ চিৰস্থায়ী উত্তৰাধিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে । চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংযোগ কৰি জনসাধাৰণৰ অংশগ্রহণে প্ৰকৃত জাতীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিছে ।"
সাংসদগৰাকীয়ে কয়,"চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী সমগ্ৰ ভাৰততে ৰাষ্ট্রীয় অখণ্ডতাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা সর্ব্বোচ্চ অৱদানৰ সন্মানার্থে যুৱ-পৰিক্ৰমা আৰু খেল মন্ত্রালয়, ভাৰত চৰকাৰৰ নির্দেশ মর্মে সমগ্র অসমতে ৩১ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰ ২০২৫ লৈ জিলা পর্যায়ৰ পদযাত্রা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই জিলা পৰ্যায়ৰ পদযাত্রা ১৯ নৱেম্বৰত লখিমপুৰত পুৱা ৮ বজাত ত্যাগক্ষেত্ৰৰ পৰা মৈদমীয়া চেকগেট হৈ আহুচাউল গাঁও, ক্লক টাৱাৰ, লখিমী (মালপানী) চাৰিআলি, হনুমান মন্দিৰ, লক্ষীমপুৰ বালিকা মহাবিদ্যালয় হৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত সামৰণি পৰিব ।"
৮ কিলোমিটাৰতকৈ অধিক এই পদযাত্রাটিত লোকসভাৰ সাংসদ, অসম বিধানসভাৰ লখিমপুৰৰ জিলাৰ বিধায়কসকল, বিভিন্ন ৰাজনৈতিক নেতা, বিভিন্ন বিভাগৰ মুৰব্বীসকল, শিক্ষানুষ্ঠানৰ মুৰব্বীসকল নবীন-প্রবীণ খেলুৱৈ, জ্যেষ্ঠ নাগৰিক, NCC Cadre, NSS Cadre, Civil Defense, স্বাস্থ্যকর্মী, চাফাই কর্মী, ছাত্র-ছাত্রীসকলৰ লগতে বিভিন্ন ব্যক্তিয়ে অংশগ্রহণ কৰিব । এই পদযাত্ৰাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান, স্বাস্থ্য শিবিৰ, চাফাই অনুষ্ঠান, স্থানীয় লোকৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্নধৰণৰ সামগ্ৰী প্ৰদৰ্শন আদি অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

