ETV Bharat / politics

সমষ্টিত চলিছে কি, বুজ ল'লে সাংসদ গৌৰৱ গগৈয়ে

যোৰহাটত চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ প্ৰতিনিধিৰ লগত চৰকাৰী কামৰ অগ্ৰগতিৰ বুজ ললে গৌৰৱ গগৈয়ে । ভাৰতীয় অৰ্থনীতি/মুল্যবৃদ্ধিৰ প্ৰসংগত কি ক'লে গগৈয়ে ?

MP Gaurav Gogoi met with the heads of various departments of Jorhat for discussions
যোৰহাটৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 10:40 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: যোৰহাট সমস্যা আৰু ৰাইজৰ লগত জনসৰ্ম্পক নথকা যি অভিযোগ গৌৰৱ গগৈ বিৰুদ্ধে উথাপন হৈ আহিছে, সেই অভিযোগ নোহোৱা কৰিবৰ বাবে তৎপৰ গৌৰৱ গগৈ । বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত গৌৰৱ গগৈয়ে যোৰহাট সমস্যা আৰু উন্নয়ন সম্পৰ্কত বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ।

সেই সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈয়ে কয়,"ৰাইজৰ যিসমূহ সমস্যা আছে আৰু বিভিন্ন বিভাগৰ আঁচনিসমূহ কিদৰে আগৱাঢ়ি গৈছে আদি সম্পৰ্কত আমি শুকুৰবাৰে বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছিলোঁ । লগতে উক্ত আলোচনাত যোৰহাট পৌৰসভাৰ অধীনৰ কাম-কাজ, জাৱৰৰ সমস্যা আৰু ড্ৰেইন আদি সমস্যাৰ ওপৰতো আলোচনা হৈছিল । লগতে সেই আলোচনাকালত পৌৰসভা পুঁজি বিষয়ে স্থান পায় ।"

আনহাতে তৃতীয়বাৰৰ বাবে পেট্ৰ'ল, ডিজেলৰ মুল্যবৃদ্ধি হোৱা বিষয়ত গৌৰৱ গগৈয়ে কয়,"সেই কথাখিনি ৰাহুল গান্ধীয়ে মাৰ্চ মাহত দিল্লীতে কৈ গৈছিল, ইৰাণ লগত আমেৰিকা যুদ্ধত নামি পৰিছে, ভাৰতৰ ভুমিকা কি হ'ব ? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈ থাকে আমেৰিকা ৰাষ্ট্ৰপতি লগত ভাল সম্পৰ্ক থকাৰ কথা । লগতে আমেৰিকাৰ দৰে ইৰাণৰ লগতো ভাল সম্পৰ্ক আছে । কিয় আগৰ পৰা তৈয়াৰী হৈ থকা নাছিল ভাৰত ? ফলত ভাৰতৰ অৰ্থনীতি প্ৰভাৱ পৰিছে । মুল্যবৃদ্ধি আৰু অৰ্থনীতি প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে যি তৎপৰতা দেখুওৱাব লাগে সেই তৎপৰতা আজিও দেখুওৱা পৰিলক্ষিত হোৱা নাই । আমাৰ বিশ্লেষকসকলে কৈছে অহা এক ডেৰ মাহৰ ভিতৰত আমাৰ অৰ্থনীতি ওপৰত আৰু বেয়া প্ৰভাৱ পৰিব ।"

সমষ্টিত চলিছে কি, বুজ ল'লে সাংসদ গৌৰৱ গগৈয়ে (ETV Bharat Assam)

আনহাতে কোকৰোচ্ছ জনতা পাৰ্টী প্ৰসংগত সোধা প্ৰশ্নত গৌৰৱ গগৈয়ে কয়,"আজিৰ সময়ত আমাৰ বাক্ স্বাধীনতাই নাই । আজি সমালোচনা কৰিলে ছ'চিয়েল মিডিয়া একাউণ্ট, টুইটাৰ বন্ধ কৰি দিয়া হয়, অলপ কথা সুধিলেই জে'লত পঠাই দিয়ে । ধৰ্ণা কৰিলেই পুলিচ আহি যায়, যিখিনি বিষয় নতুন মঞ্চ কোকৰোচ্ছ জনতা পাৰ্টীয়ে উথাপন কৰিছে, সেইখিনি বিষয় আমি আমাৰ ফালৰ পৰা আগৰ পৰাই কৈ আহিছোঁ ।"

MP Gaurav Gogoi met with the heads of various departments of Jorhat for discussions
যোৰহাটৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

শেষত তেওঁ কয়,"লাহে লাহে বাক্ স্বাধীনতা, প্ৰশ্ন কৰা অধিকাৰ, সমালোচনা কৰা অধিকাৰ আদিবোৰ হেৰাই গৈছে । চৰকাৰৰ দায়বদ্ধতা যিদৰে চাবলৈ বিচাৰোঁ, সেইয়া আমি দেখা পোৱা নাই, সেইকাৰণে যুৱপ্ৰজন্ম মাজত ক্ষোভৰ উদগীৰণ ঘটিছে, এনেধৰণৰ মঞ্চৰ পৰা তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে ।"

লগতে পঢ়ক: বিধ্বস্ত গৌৰৱে এতিয়াও ক'ব পৰা নাই কোন হ'ব বিৰোধী দলপতি: চালে-বেৰে কোবাইহে সামৰিছে প্ৰসংগ

Cockroach Janata Party: ভাইৰেল পেজৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ পিতৃ-মাতৃ শংকিত?