গৌৰৱ গগৈক ১০০% পাকিস্তানী এজেণ্ট আখ্যা দি মানহানি গোচৰ দিবলৈ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে
'পিউৰ' পাকিস্তানী এজেণ্ট কোন ? কোন জুবিনৰ ন্যায় বিচৰা ডুপ্লিকেট পাৰ্টী ? সকলো ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Published : November 1, 2025 at 10:55 AM IST
গুৱাহাটী: এইবাৰ মানহানি গোচৰ তৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক প্ৰত্য়াহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । পুনৰ গৌৰৱ গগৈক 'পিউৰ' পাকিস্তানী এজেণ্ট বুলি মন্তব্য় কৰি এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনালে প্ৰত্য়াহ্বান । কেৱল সেয়াই নহয়, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক 'ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টী' আখ্য়া মুখ্য়মন্ত্ৰীৰ ।
শুকুৰবাৰে পুনৰ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি আখ্য়া দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জুবিন গাৰ্গৰ ন্য়ায়ৰ বিষয়টোৰ তদন্ত চলি থকা বাবেহে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে একো কথা কোৱা নাই বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়,"জুবিনৰ ন্যায় প্ৰক্ৰিয়া শেষ হোৱাৰ পিচতে সকলো কথা ৰাজহুৱা কৰিম ।" উল্লেখ্য যে বিগত প্ৰায় ছটা মাহে ৰাজ্যৰ ৰাজনীতিৰ মূল বিষয় হৈ পৰিছিল গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক । তাৰ পিচতে ১৯ ছেপ্টেম্বৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্য়জনৰ মৃত্য়ুত বিষয়টো তল পৰে যদিও কালি পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি কয় ।
এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"গৌৰৱ গগৈ পিউৰ পাকিস্তানী এজেণ্ট হয় । মই কোৱা বাবে যদি সাহস আছে মোৰ ওপৰত মানহানি গোচৰ তৰক । মোৰ ওচৰত উপযুক্ত প্ৰমাণ আছে, যিদিনাখন মই আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব তেওঁ ১০০% পাকিস্তানী এজেণ্ট ।" সন্মুখত নিৰ্বাচন আছে কাৰণে মুখ্য়মন্ত্ৰীয়ে একো কৰা নাই বুলি উল্লেখ কৰি কয়,"নহ'লে কিবা কৰিলে মানুহে মোক ক'ব ৰাজনৈতিক কাৰণত এনেকুৱা কৰিলে । নহ'লে যিমান তথ্য আছে তেওঁ মুকলিকৈ ঘূৰি থাকিবই নোৱাৰে ।"
জুবিনক ন্যায় প্ৰদান কৰাৰ পিচতেই মুখ্য়মন্ত্ৰীয়ে কৰিব কি কাম ?
মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয়,"কোনোবাই ভাবি আছে চাগে ১০ ছেপ্টেম্বৰত নেদেখুৱালে কাগজ নাই । মই যি কৰিব লাগে সময়ত কৰিমেই । মই এজন মুখ্যমন্ত্ৰী হিচাপে কৈ আছো । মই সংবাদমেল পাতি কোৱা নাই কিয়, এতিয়া এনেকুৱা বিষয় আনিলে ৰাইজে ভাবিব জুবিন গাৰ্গৰ ইছ্য়ু ডাইভাৰ্ট কৰাবলৈ কৈছে । সেয়েহে জুবিনক ন্যায় প্ৰদান কৰা কামটো কৰি লৈ এইটোত হাত দিম ।"
বাংলাদেশৰ ৰাষ্ট্ৰীয় গান কংগ্ৰেছে কিয় গাই ?
সমান্তৰালভাৱে বিৰোধীক সমালোচনা কৰি বাংলাদেশৰ ৰাষ্ট্ৰীয় গান কংগ্ৰেছে কিয় গাই সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"কংগ্ৰেছ পাৰ্টী আৰু আমাৰ ইয়াত যিটো মিঞা পাৰ্টী আছে এইসকলে অসমক বাংলাদেশৰ লগত লগ লগাব বিচাৰে । সেইকাৰণে তেওঁলোকে ইয়াতে বাংলাদেশৰ ৰাষ্ট্ৰীয় গান গায় । অসমৰ ভৱিষ্যত বৰ বেছি ভাল ভবিষ্যত নহয় । মিঞা সকলে অসমক ধ্বংস কৰি পেলাব । তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহে যিমান সোনকালে সজাগ হয় সিমানে আমি বাছিব পাৰিম,নহ'লে আমাৰ জীৱন কালতে অসমখনক লৈ ল'ব ।"
মুখ্য়মন্ত্ৰীৰ বাবে ডাঙৰ ইছ্য়ু কোনটো-জুবিন গাৰ্গৰ ন্য়ায় নে মিঞা ?
মুখ্য়মন্ত্ৰীৰ বাবে জুবিন গাৰ্গৰ ন্য়ায় নে মিঞা ডাঙৰ ইছ্য়ু সেই কথাও উল্লেখ কৰিলে । মুখ্য়মন্ত্ৰীয়ে বাংলাদেশী মিঞাৰ ইছ্য়ু আটাইতকৈ ডাঙৰ ইছ্য়ু বুলি প্ৰকাশ কৰি কয়, "জুবিন গাৰ্গক ১৭ ডিচেম্বৰৰ ভিতৰত আমি চাৰ্জশ্বীট দিমেই । সেই ইছ্য়ু ডাইভাৰ্ট নহয় । মই ইতিমধ্যে অৰ্ডাৰ দি দিছো । সেয়েহে এইটো মোৰ বাবে ইছ্য়ু নহয়; কিন্তু বাংলাদেশী মিঞাৰ ইছ্য়ু ডাঙৰ ইছ্য়ু যিটো কেতিয়াও ডাইভাৰ্ট হ'ব নোৱাৰে । বাংলাদেশী মিঞাৰ ইছ্য়ু আমাৰ জীৱন মৰণৰ সমস্যা । এই ইছ্য়ু অহা ৩০ বছৰলৈ থাকিব । কাৰণ সত্ৰৰ মাটি লৈ যোৱা, লাভ জেহাদ, ৩০ লাখ মাটি দখল কৰি থোৱা ইছ্য়ু হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্য়ু নহয় ।"
কোন জুবিনৰ ন্যায় বিচৰা ডুপ্লিকেট পাৰ্টী ?
অসমত এতিয়া জুবিনৰ ন্যায় বিচৰা ডুপ্লিকেট পাৰ্টীও আছে বুলি কটাক্ষ মুখ্য়মন্ত্ৰীৰ । এই কথা উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়,"জুবিনৰ ন্যায় আমি দিমেই । সঁচা অনুৰাগীখিনি বেলেগ, এতিয়া যে এটা জুবিনৰ ন্যায় বিচৰা ডুপ্লিকেট পাৰ্টী আছে তেওঁলোকে নিৰ্বাচন নেখেলো বুলি কৈ দিয়ক । লুৰীণে জুবিনৰ ন্যায়ৰ বাবে নিৰ্বাচন নেখেলো বুলি কৈ দিয়ক । অখিল গগৈয়ে নিৰ্বাচন বাতিল কৰক বুলি কৈ দিয়ক । ইটো নালাগে, সিটো নালাগে নিৰ্বাচন হ'ব নালাগে বুলি কৈ দিয়ক । নিৰ্বাচনৰ বাবে এইবিলাক কৈ আছে । আমি হৈছো অৰ্জিনেল ন্যায় পাৰ্টী, তেওঁলোক হৈছে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টী ।"
মল্লিকাৰ্জুন খাৰ্গেক নিষিদ্ধ কৰিব লাগে :
আনহাতে মল্লিকাৰ্জুন খাৰ্গেই RSS ক নিষিদ্ধ কৰিব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"তেওঁকো নিষিদ্ধ কৰিব লাগে ভাৰতৰত্ন ভূপেন হাজৰিকাক সমালোচনা কৰাৰ বাবে ।"

