গুৱাহাটীৰ কৃত্রিম বানপানীৰ বাবে জগৰীয়া কোন ? ক'লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে
"আগতে পানী ওলাই যাবলৈ তিনিদিন লাগিছিল আৰু এতিয়া পানী তিনি ঘণ্টাতে উলিয়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে ।" সাংসদৰ ভাষ্য ৷

Published : April 24, 2026 at 8:13 PM IST
গুৱাহাটী: গুৱাহাটী মহানগৰীত হোৱা ভয়াবহ কৃত্রিম বানৰ বাবে কোন জগৰীয়া ? এই প্ৰশ্নৰ উত্তৰ দিলে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে । শুকুৰবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে ।
তেওঁ কয়,"২০১৬ চনৰ আগত তিনিটা কাৰ্যকালৰ বাবে কংগ্ৰেছ চৰকাৰ আছিল । সেই ১৫ বছৰীয়া দীঘলীয়া সময়খিনিত তেওঁলোকে অপৰিকল্পিতভাৱে গুৱাহাটীৰ ড্ৰেইনসমূহ নিৰ্মাণ কৰিলে । গুৱাহাটীৰ জলাশয়ত মানুহ বহুৱালে, পাহাৰবোৰ কাটি তাত মানুহ বহুৱালে, তেওঁলোকৰ নেতা-পালিনেতাসকলে পাহাৰৰ মাটি দখল কৰি বিক্ৰী কৰি গছ-গছনিবোৰ কাটি নাইকিয়া কৰি দিলে । তাৰ ফলত গোটেই গুৱাহাটীখন ডুবি যোৱা এটা অৱস্থালৈ নিলে ।"
তেওঁ কয়,"২০১৬ চনৰ পিছত কংগ্ৰেছে কৰি যোৱা গোটেই বেয়া কামখিনি ঠিক কৰাৰ বাবে আমাৰ চৰকাৰে যথেষ্টখিনি প্ৰচেষ্টা হাতত লৈছে । আগতে পানী ওলাই যাবলৈ তিনিদিন লাগিছিল আৰু এতিয়া পানী তিনি ঘণ্টাতে উলিয়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে ।"
সাংসদগৰাকীয়ে লগতে কয়, "এতিয়া কংগ্ৰেছৰ নেতাসকলে ঠায়ে ঠায়ে কৃত্রিম বান চাই চাই কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে কৃত্রিম বান নাইকিয়া কৰিব । সেইটো কংগ্ৰেছৰ এটা ডাঙৰ কৌতুকৰ বাহিৰে একো নহয় । গুৱাহাটীৰ ৰাইজে বুজি উঠিছে যে আমাৰ চৰকাৰে পানী নিৰ্মূল কৰাৰ বাবে কিদৰে কাম কৰি আছে । আমি সকলোৱে মিলি গুৱাহাটীখন সুন্দৰ কৰিব লাগিব । নলাসমূহ চাফা কৰি ৰাখিব লাগিব । কাৰোবাৰ এলাহৰ বাবে কাৰোবাৰ মৃত্যু হোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি । ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহয় তাৰ বাবে প্ৰশাসনে বিশেষ গুৰুত্ব দিছে ।"
তেওঁ কয়,"চাৰিদিন পূৰ্বে হোৱা এনে বৰষুণ বহু বছৰৰ পাছত হৈছে । ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে সেইদিনা বহুত পানী হ'ল । এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাটো অতি দুৰ্ভাগজনক । ইয়াত কাৰোবাৰ দোষ থাকিলে নিশ্চয় ব্যৱস্থা লোৱা হ'ব ।"
উল্লেখ্য যে দেওবাৰে হোৱা ধাৰাসাৰ বৰষুণত গুৱাহাটী মহানগৰী ভয়াৱহ কৃত্রিম বানৰ কৱলত পৰিছিল । নিশা একপ্ৰকাৰ জলবন্দী হৈ পৰিছিল মহানগৰবাসী । সিদিনা নিশা মালিগাঁৱৰ উন্মুক্ত মেনহ'লত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল । তাৰ পিছত এটা দিনত গুৱাহাটীৰ তিনিটা স্থানত তিনিটাকৈ মৃতদেহ উদ্ধাৰ হৈছিল ।

