মোক দলে দিয়া গুৰুদায়িত্ব সততাৰে পালন কৰিবলৈ চেষ্টা কৰিম: তেৰছ গোৱালা
১০ টা বছৰ দুলীয়াজান সমষ্টিৰ বিধায়ক হিচাপে কাম কৰোতে ক'ৰবাত যদি ভুল-ত্ৰুটি ৰৈছে তাৰ কাৰণে ক্ষমা বিচাৰে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব লাভ কৰা বিধায়ক তেৰছ গোৱলাই ।

Published : March 4, 2026 at 8:53 AM IST
|Updated : March 4, 2026 at 9:43 AM IST
ডিব্ৰুগড় : বহু চৰ্চিত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে । অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই ৬ জন নেতাৰ নামত মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছিল যদিও মঙলবাৰে মন্ত্ৰী যোগেন মহন আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱলাৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে ।
৯০ নং দুলীয়াজান বিধানসভা সমষ্টিত বিগত ২০১৬ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰি বিধায়কৰ দায়িত্ব পালন কৰি আহিছে তেৰছ গোৱালাই । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ৫৪,৭৬২ টা লাভ কৰি বিধায়ক হোৱা তেৰছ গোৱালাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দুলীয়াজান সমষ্টিত প্ৰস্তুতি চলাই থকাৰ মাজতে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব লাভ কৰি নিজ গৃহত সংবাদমেল অনুষ্ঠিত কৰে ।
সংবাদমেলত বিধায়কগৰাকীয়ে কয়, "ইতিমধ্যে ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে । যোগেন মহন, ইউ পি পি এলৰ প্ৰমোদ বড়ো আৰু মোৰ নামটো আহিছে । মই ৰাজ্যসভালৈ প্ৰাৰ্থিত্ব দিয়া বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । দুলীয়াজান বিধানসভা সমষ্টিৰ দৰে এটা সমষ্টিত ১০টা বছৰ ৰাজনীতিৰ পথাৰত কাম কৰিবলৈ মোক ভাৰতীয় জনতা পাৰ্টীয়ে সুযোগ দিছিল আৰু এতিয়া দলে সিদ্ধান্ত লৈছে যে মই ৰাজ্যসভাত গৈ ৰাইজৰ কাম কৰিব লাগিব ।"
তেওঁ লগতে কয়, "মই দুলীয়াজানবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থাকিম । তেওঁলোকে ১০ টা বছৰ যি মৰম-চেনেহ আৰু সহায়-সহযোগ কৰিলে যাৰ কাৰণে দুলীয়াজান সমষ্টিৰ এক উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, য'ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মূল মাৰ্গদৰ্শক হিচাপে আছিল । ইতিমধ্যে দুলীয়াজান বিধানসভা সমষ্টিৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া ৰাজ্যসভাত আছিল আৰু আমি আশা কৰিছিলোঁ ৰামেশ্বৰ তেলী ডাঙৰীয়াই ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব পাওক । কিন্তু দলে যিহেতু বিবেচনা কৰি এই অভাজনক প্ৰাৰ্থিত্ব আগবঢ়াইছে মই দলক ধন্যবাদ জনাইছোঁ ।"
বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব সন্দৰ্ভত তেওঁ কয়, "ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাটৰ পৰা দুলীয়াজানবাসী ৰাইজক জনাইছে যে অহা বিধানসভা নিৰ্বাচনত দুলীয়াজানৰ পৰা ৰামেশ্বৰ তেলী ডাঙৰীয়াই প্ৰাৰ্থিত্ব পাব । ৰামেশ্বৰ তেলী ডাঙৰীয়াই ২০০১ চনত দুলীয়াজান বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ উজনি অসমৰ পৰা প্ৰথমগৰাকী বিধায়ক আছিল । তেওঁ ১০ টা বছৰে ভালকৈ কাম কৰিছিল । তেওঁ লোকসভাৰ পৰা জিকিছিল, ৰাজ্যসভাতো আছিল । ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ যি ৰাজনৈতিক অভিজ্ঞতা, মোক প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন হ'ব । ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ লগতে ঘূৰি মই সামাজিক জ্ঞান বুটলিবলৈ সক্ষম হৈছিলোঁ । ৰামেশ্বৰ তেলী, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত কাম কৰি মই ৰাজনৈতিক কাম কৰিবলৈ শিকিলোঁ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে সকলো নেতৃত্বই যথেষ্ট উৎসাহ জনাইছিল ।"
নিজৰ প্ৰাৰ্থিত্ব লাভ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আজি হঠাৎ গম পালোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে মোৰ নামটো ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে চূড়ান্ত কৰিছে । আজি প্ৰায় ছটা নামঘৰৰ আধাৰশিলা কৰি থাকোঁতেই এই খবৰটো পালোঁ, সেইকাৰণে গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যে নামঘৰৰ কাম কৰি থাকোঁতেই এনে এটা শুভবাৰ্তা পালোঁ । এই শুভবাৰ্তা অসম আৰু অসমীয়াৰ বাবে হ'ব । এই শুভবাৰ্তা দুলীয়াজানবাসীৰ বাবে হ'ব । মোক যি গুৰুদায়িত্ব দলে দিছে, সেইটো সততাৰে পালন কৰিবলৈ চেষ্টা কৰিম । যোৱা ১০ টা বছৰ দুলীয়াজান সমষ্টিৰ বিধায়ক হিচাপে কাম কৰোঁতে ক'ৰবাত যদি ভুল-ত্ৰুটি ৰৈছে তাৰ কাৰণে ক্ষমা বিছাৰিছোঁ ।"
দলীয় নেতৃত্বক ধন্যবাদ জনাই কয়, "ৰাজ্যসভালৈ যাবলৈ যিটো সুযোগ দিছে তাৰ কাৰণে দলৰ সকলো নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ । ৰাজ্যসভালৈ গৈ কিছু কাম শিকিব লাগিব । অসমৰ বাবে যিখিনি কৰণীয় আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম । দুলীয়াজান বিধানসভা সমষ্টিত বহুকেইটা উন্নয়নমূলক কাম-কাজ হৈছে, সেয়া আহিবলগীয়া সময়ত দুলীয়াজানবাসীয়ে দেখা পাব । দুলীয়াজান বিধানসভা সমষ্টিত মই বিগত ১০ বছৰ বিধায়ক হিচাপে কাম কৰি আহিছিলোঁ । মই কি কাম কৰিলোঁ অহা ৫ বছৰৰ পিছত পুস্তিকা প্ৰকাশ কৰি অসমৰ ৰাইজক অৱগত কৰিম ।"
চাইকেল চলাই সংসদলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰি কয়, "দিল্লী বহুত দূৰ । চাইকেল মোৰ প্ৰেৰণা হয় । বিধানসভালৈ মই চাইকেল চলাই গৈছিলোঁ । গুৱাহাটীত মোৰ এখন চাইকেল আছে । দিল্লীতো যদি মই এখন চাইকেল পাওঁ নিশ্চয়কৈ মই সংসদলৈ চাইকেল চলায়েই যাম । ২০১৬ চনত মই যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়া দুলীয়াজান সমষ্টিত নিৰ্মাণ বন্ধ হৈ থকা আই টি আইখন পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সমগ্ৰ বিষয়টো অৱগত কৰা হৈছিল যদিও কিছু কাৰিকৰী বিসংগতিৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল । কিন্তু মই ৰাজ্যসভালৈ যোৱাৰ পিছত দুলীয়াজানৰ আই টি আইখনৰ কাম শীঘ্ৰে সমাপন কৰা মোৰ প্ৰথম পদক্ষেপ হ'ব । ৰামেশ্বৰ তেলী আমাৰ সকলোৰে গুৰুজী, গতিকে আগন্তুক নিৰ্বাচনত জয়যুক্ত হ'বলৈ কোনো ধৰণৰ প্ৰত্যাহ্বান হ'ব নোৱাৰে ।"

