ETV Bharat / politics

মই বিধানসভা নিৰ্বাচন নেখেলোঁ, সন্মানজনকভাৱে বিদায় লৈ যাব বিচাৰিছোঁ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

শেষবাৰৰ বাবে চেণ্ট্ৰেল গুৱাহাটীৰ পৰা বিধানসভাৰ নিৰ্বাচন খেলিব বিচাৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সাংবাদিকৰ আগত ক'লে মনৰ কথা ।

MLA Ramendra Narayan Kalita want to contest the Assembly elections from Central Guwahati for the last time
শেষবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলাৰ মন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2026 at 10:51 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা অটল হৈ আছে নিজৰ স্থিতিত । কোনো কাৰণতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো এৰি নিদিয়ে ।

বিজেপিয়ে অতিৰিক্তভাৱে নতুনকৈ হোৱা ডিমৰীয়া সমষ্টিটো দিলেও গুৱাহাটী মহানগৰীৰ ভিতৰত থকা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো লাগে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক । বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সেই কথাকেই ক'লে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

শেষবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলাৰ মন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ (ETV Bharat Assam)

সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়,"গুৱাহাটী মহানগৰীৰ আগতে চাৰিটা সমষ্টি আছিল আৰু এই চাৰিটা সমষ্টিৰ পৰা আমাক এটা সমষ্টি লাগিব । কাৰণ চিটি এলেকাত আমাৰ এটা সমষ্টি নাথাকিলে অগপৰ শিপাডাল থাকিব জানো ? অগপৰ শিপা নাথাকিব। কাৰণ গুৱাহাটী মহানগৰীতে আমাৰ দলৰ মুখ্য কাৰ্যালয় আছে । গতিকে মুখ্য কাৰ্যালয় থকা গুৱাহাটী মহানগৰীত আমি এটা ছীট বিচাৰিছোঁ । কামৰূপ মহানগৰ হিচাপে ডিমৰীয়া সমষ্টিটো দিলে আমাৰ ক'বলগীয়া নাই । তাৰ বাবে আদৰণি জনাম । কিন্তু গুৱাহাটী মহানগৰীত আমি এখন আসন বিচাৰিছোঁ । মই ভাবো এইক্ষেত্রত বিজেপিৰ নেতৃত্বই সহানুভূতিৰে বিবেচনা কৰিব ।"

তেওঁ লগতে কয়,"যিকোনো কাৰণতে নহওক কিয় এতিয়ালৈকে গুৱাহাটী মহানগৰীত আমাৰ এটা সমষ্টি আছে । ১৯৮৫ চনৰ পৰা এতিয়ালৈকে আছে । গতিকে মই ভাবো, আগৰ পশ্চিম গুৱাহাটি সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো আমাৰ দুৰ্গ আৰু ইয়াত আমাৰ জয়ৰ সম্ভাৱনা আছে । সেই গতিকে আমি তেনে এখন আসনেই বিচাৰিম । চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো অগপৰ বাবে যথেষ্ট ভাল আৰু আমাৰ নেতৃত্বই নিশ্চয় এই আসনখন বিচাৰিব । ডিমৰীয়া সমষ্টিটো হ'ল বেলেগ আৰু আমাৰ চিটি এৰিয়াটো এটা বেলেগ । গতিকে চিটি এৰিয়াৰ চাৰিটা সমষ্টিৰ ভিতৰত এটা আমাক লাগিব । বিশেষকৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত আমাৰ সংগঠন ভাল আৰু জিকাৰ ২০০ শতাংশ সম্ভাৱনা আছে ।"

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মই ৰাজনীতিৰ পৰা সন্যাস ল'ম বুলি কোনো দিন কোৱা নাই । নিৰ্বাচন নেখেলোঁ বুলিও কোৱা নাই । অলপতে এটা কথা কৈছিলোঁ যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনটো মোৰ বাবে বিধানসভাৰ শেষ নিৰ্বাচন হ'ব । ইয়াৰ পিছত আৰু মই বিধানসভা নিৰ্বাচন নেখেলোঁ । সন্মানজনকভাৱে বিদায় লৈ যাব বিচাৰিছোঁ । গতিকে এইটো অন্তিম বিধানসভা নিৰ্বাচন । এইটো নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম । পৰৱৰ্তী কোনো বিধানসভা নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা নকৰোঁ । মোৰ বহুত বছৰ হ'ল আৰু সেইবাবে নতুন প্ৰজন্মক পৰৱৰ্তী নিৰ্বাচনৰ বাবে এৰি দিব বিচাৰোঁ । আমাৰ নেতৃত্বই ভাল চিন্তাই কৰিব । গতিকে কি চিন্তা কৰে মই নাজানোঁ । মই ভাবো নেতৃত্বই গুৱাহাটীৰ এটা ছীট বিচাৰিব আৰু সেইটো হ'ব চেণ্ট্ৰেল গুৱাহাটী সমষ্টি ।"

উল্লেখ্য যে ২০২১ ৰ বিধানসভা নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিটো অগপক এৰি দিয়াত বিজেপিৰ কৰ্মীসকলৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল । আনকি সমষ্টিৰ বিভিন্ন স্থানত বিজেপিৰ কাৰ্যকৰ্তা সকলে প্ৰতিবাদো সাব্যস্ত কৰিছিল । এইবাৰ নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো বিজেপিৰ কাৰ্যকৰ্তাসকলে অগপক এৰি দিয়াৰ পক্ষত নাই । এইবাৰ সমষ্টিটোত বিজেপিৰ বহু কেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকটৰ আশাৰে কাম কৰি আছে । ইয়াৰ মাজত নৱপ্ৰজন্মৰ লগতে নতুন মুখৰ মহিলা প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছে ।

লগতে পঢ়ক: ৰাইজে যি দেখিছে সেয়া নৃত্য-নাটিকা, নাটকখন অহা পাঁচ বছৰতহে হ'ব ! কি নাটক দেখুৱাব মুখ্যমন্ত্ৰীয়ে ?

বিধানসভা বৃত্তান্ত: জানো আহক ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিষয়ে