ETV Bharat / politics

পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব কংগ্ৰেছৰ ১৯ বিধায়কে: বিধায়ক জয় প্ৰকাশ দাস

বিধানসভাত বিৰোধী দলৰ দলপতি কোন হ'ব তাক লৈ মুখ খুলিলে বিধায়ক ড০ জয় প্ৰকাশ দাসে, লগতে উন্নয়নৰ বাবে বিচাৰিছে ১০০ কোটি ৷

MLA DR JOY PRAKASH DAS
পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব ১৯ জন কংগ্ৰেছৰ বিধায়কে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 19, 2026 at 6:50 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ : বিধানসভাত বিৰোধী দলৰ দলপতি কোন হ'ব ? শেহতীয়া নিৰ্বাচনত কংগ্ৰেছৰ পৰা মাত্ৰ ১৯জন নিৰ্বাচিত হৈছে ৷ সেই ১৯জন বিধায়কৰ ভিতৰত মাত্ৰ এজন হিন্দু বিধায়ক আছে ৷ তেনেস্থলত শাসকীয় পক্ষই ইতিমধ্যে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷

আনফালে নাওবৈচা সমষ্টিৰ বিধায়ক ড০ জয় প্ৰকাশ দাসে বিৰোধী দলৰ দলপতি পদবী লাভ কৰাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলি আছে ৷ যদিও প্ৰদেশ কংগ্ৰেছেৰ নেতৃত্বই ঘোষণা কৰা নাই কোন হ'ব বিৰোধী দলৰ দলপতি ? তেনে প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ আগত বিৰোধী দলৰ দলপতিৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ বিধায়ক ড০ জয় প্ৰকাশ দাসে ৷

পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব ১৯ জন কংগ্ৰেছৰ বিধায়কে (ETV Bharat Assam)

বিৰোধী দলৰ দলপতিৰ সন্দৰ্ভত মঙলবাৰে সাংবাদিকৰ আগত বিধায়ক দাসে কয়,"সেইয়া দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব । আমি ১৯ জন কংগ্রেছৰ বিধায়ক আছো । ১৯ জন বিধায়কে অসমৰ ৩ কোটি ৪০ লাখ মানুহৰ আশা আকাংক্ষা পূৰণৰ কাৰণে যিমানখিনি কৰিব লাগে সিমান খিনি কৰিম । আমি বিৰোধী পক্ষৰ হৈ অসমৰ ৰাইজৰ কাৰণে যিমান খিনি কৰিব লাগে, মাত মাতিব লাগে, নিশ্চিতভাবে আমি কৰি যাম । আমাৰ পাৰ্ফমেন্স বহুত বঢ়িয়া হ'ব, আগতকৈ ভাল হ'ব । আপোনালোকে আমাক লৈ ভাল পাব ।"

নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে কয়,"নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্রী শৰ্মাই নাওবৈচাৰ উন্নয়নৰ বাবে ১০০ কোটি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেয়ে মই মুখ্যমন্ত্রীক আহ্বান জনাম, তেওঁ যিখিনি বক্তব্য ৰাখিছিল সেয়া পূৰণ কৰক ৷ নাওবৈচাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি তেওঁ আখৰে আখৰে পালন কৰক ।"

লগতে পঢ়ক: জীয়াই থকালৈকে অজাপৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিও দলত্যাগ ৰাজেন গোহাঁইৰ, কাৰণ ক’লে জ্যেষ্ঠ নেতাগৰাকীয়ে