শ্যামা প্ৰসাদ মুখাৰ্জীক চিনি নাপাই কংগ্ৰেছ বিধায়িকা বেবী বেগমে
পথৰ নাম সলনিক কেন্দ্ৰ কৰি শাসকীয় পক্ষক সমালোচনা বিধায়িকা বেবীৰ ৷

Published : June 30, 2026 at 8:19 PM IST
ধুবুৰী: পথৰ নাম সলনি কৰাক কেন্দ্ৰ কৰি শাসক পক্ষক কটাক্ষ কৰিবলৈ গৈ বিতৰ্কত সোমাই পৰিছে ধুবুৰীৰ কংগ্ৰেছ বিধায়িকা বেবী বেগম ৷ উল্লেখ্য যে, ২৮ জুনত ধুবুৰীৰ এ এম কোঃ ৰোডৰ নামত সলনি কৰি আনুষ্ঠানিকভাৱে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী পথ নাম ৰখা হয় ৷ ধুবুৰী চহৰৰ ঐতিহাসিক এ এম কোঃ ৰোডৰ নাম সলনি কৰি ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰাত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিধায়িকা বেগমে ৷
বিধায়িকা গৰাকীয়ে কয়," এ এম কোঃ ৰোড নামটো কেৱল এটা পথৰ নাম নহয়, ই ধুবুৰীৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত । ১৯২৫ চনত স্থাপিত ঐতিহাসিক জুইশলা কাৰখানাটোৰ নাম অনুসৰিয়েই এই পথটোৰ নামকৰণ কৰা হৈছিল এ এম কোঃ । কিন্তু চৰকাৰে শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে পথছোৱাৰ পুনৰ নামকৰণ কৰিছে ৷"
তেওঁ লগতে কয়,"ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী কোন, মই নাজানো । আমি নজনা মানুহৰ নামেৰে পথছোৱাৰ নাম ৰখাৰ সলনি ধুবুৰীৰ কোনো বিশিষ্ট ব্যক্তিৰ নামেৰে নামকৰণ হ'ব লাগিছিল । বহু লোক চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট । মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো, অনুগ্ৰহ কৰি এই পথৰ নাম সলনি নকৰিব । এই পথৰ নাম সলনি কৰি চৰকাৰে ধুবুৰীৰ ইতিহাসৰ এটা অধ্যায় মচি পেলোৱাৰ চেষ্টা কৰিছে ।"
ইফালে ধুবুৰী সমষ্টিৰ উন্নয়নমূলক পদক্ষেপ সন্দৰ্ভত বিধায়িকা বেগমে কয়, "ধুবুৰী জিলাত বৰ্তমান বহু গুৰুত্বপূৰ্ণ সমস্যা আছে । বিশেষকৈ বানপানীয়ে বিন্নাচৰা, নালিয়া আৰু বৰভাঙীকে ধৰি কেইবাখনো গাঁও পঞ্চায়ত এলেকাক ইতিমধ্যে ক্ষতিগ্ৰস্ত কৰিছে । পৰৱৰ্তী ক্ষয়-ক্ষতি ৰোধ কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট বিভাগে জিঅ'বেগ আৰু পাৰ্কুপাইন স্থাপন কৰি প্ৰয়োজনীয় অস্থায়ী সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ জিলাখনত বহু স্বাস্থ্য কেন্দ্ৰত চিকিৎসক, ঔষধ, নাৰ্ছ আদি প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ অভাৱ আছে । সেইবিলাক সমাধানৰ বাবে চেষ্টা কৰা হ'ব ৷"
লগতে পঢ়ক: গুৱাহাটীত 'ভিক্ষাৰী'ৰ জোলোঙাত ওলাল ৩৭ কিলো সোণ: মাহে ৮০ হাজাৰ দৰমহাৰে মগনীয়াৰ চাকৰি

