লিকটিয়া জীৱক পৰাস্ত কৰিব নোৱাৰি বদনাম কৰাত নামিছে হিমন্ত বিশ্ব শৰ্মা: অখিল গগৈ
মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে, শিৱসাগৰত দুখনলৈ সভাত মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী শৰ্মাই ৷ অখিল গগৈৰ দাবী ৷

Published : May 6, 2026 at 7:05 PM IST
হায়দৰাবাদ : বিজেপিৰ ধুমুহাত ৰাজ্যৰ নিৰ্বাচনত বিধ্বস্ত হ'ল বিৰোধী শিবিৰ ৷ উজনি-মধ্য-উত্তৰ অসম, বৰাকত বিজেপিৰ ধুমুহাত তিনি গগৈৰ প্ৰসংগ গুৰুত্বহীন হৈ পৰিল ৷ কিন্তু তিনি গগৈৰ ভিতৰত অখিল গগৈ ব্যতিক্ৰম হৈ ৰ'ল ৷ সোমবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে ৰাজ্যৰ বিৰোধীৰ ভুমিকা সম্পৰ্কে ভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৷ আনফালে নিৰ্বাচনৰ ফলাফলৰ পাছতো এটা সমষ্টিকেন্দ্ৰিক জয়-পৰাজয়ক লৈ দুই ৰাজনৈতিক দলৰ নেতাৰ মাজত চলিছে বাকযুদ্ধ ৷
সোমবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পাছতে মঙলবাৰে সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, "বিধানসভাত প্ৰয়োজন আছে অখিল গগৈৰ ৷ বিধানসভাত নাথাকিলে বাহিৰত আন্দোলন কৰি থাকিব । সেই বাবে শিৱসাগৰত মই প্ৰচাৰ নচলালো ।" মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ সন্দৰ্ভত বুধবাৰে বিধায়ক অখিল গগৈয়ে কয়," মোৰ বিৰুদ্ধে দুখন বিশাল সভাত অংশ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ১৫ মাৰ্চ, যিদিনা ২০ হাজাৰ মহিলাক লগত লৈ তলাতল ঘৰৰ ফিল্ডত সভা পাতিছিলে তেতিয়া মোৰ বুকু কঁপি গৈছিল ৷ সেইদিনাই ভাবিছিলো মই হাৰিলো বুলি ৷ টিভিত দেখা পোৱাৰ পাছতে উপায়হীন হৈ ৰূমৰ পৰা সভালৈ গ'লো আৰু মোৰ উপস্থিতি প্ৰমাণ কৰিলো ৷"
তেওঁ লগতে কয়, "৭ এপ্ৰিলত আন এখন সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ৷ সেই সভাতে কুশল দুৱৰীক মঞ্চত উঠাই ভীমৰ গদা এটা লৈ ৰৈ আছিল তেওঁ ৷ ইয়াৰ পৰা প্ৰমাণ হয় মুখ্যমন্ত্ৰী শৰ্মা কিমান মিছলীয়া ৷ কুশল দুৱৰীক ৩০ কোটি টকা খৰচ কৰাইছে তেওঁ ৷"
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি বিধায়ক গগৈয়ে কয়,"কংগ্ৰেছ, অজাপ, এআইইউডিএফ তথা সকলোকে হৰুৱাই দিলে ৷ কিন্তু অখিল গগৈক হৰুৱাব নোৱাৰিলো ৷ ই লিকটিয়া জীৱ ৷ সেয়ে বদনাম এটা কৰি দিয়াৰ চিন্তা কৰিলে ৷ ফলত মুখ্যমন্ত্ৰীয়ে সেয়ে বদনামৰ বাবে এই কথা কৈছে ৷"
আনহাতে,সদনত আমাৰ মতে কথা কয় অখিল গগৈয়ে, পুৱা পীয়ুষ হাজৰীকাই ফোন কৰে আৰু বিধানসভাত কি ক'ব সেয়া তাৰ পাছত নিৰ্ধাৰণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ সম্পৰ্কত সামাজিক মাধ্যমত বিধায়ক গগৈয়ে কয়," হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হয় আপুনি ঠিকেই কৈছে, মই পীয়ুষ হাজৰীকাৰ কথা মতেই বিধানসভাত কৈছিলো “আপুনি (মুখ্যমন্ত্ৰী) আদালতৰ পৰা ফাইল চুৰি কৰিহে বাচি আছে ৷ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই পীয়ুষ হাজৰীকাৰ নিৰ্দেশ মানিয়েই বিধানসভাত আপোনাক কৈছিলো—“আপুনি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী ৷"
পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত এয়াই প্ৰথম বাকযুদ্ধ নহয় ৷ ইয়াৰ পূৰ্বেও বিধানসভাৰ মজিয়াত তীব্ৰ বাক-যুদ্ধৰ দেখা পোৱা গৈছিল দুই নেতাক ৷

