গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কাহিনী বেহাৰবাৰী আউটপোষ্টৰ দৰে: অখিল গগৈ
মুখ্যমন্ত্রীয়ে ইমান দিনে কৈ অহা কথাবোৰ কল্প কাহিনী বুলি কটাক্ষ শিৱসাগৰৰ বিধায়কৰ ।

Published : February 10, 2026 at 7:47 AM IST
লখিমপুৰ: "গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কাহিনী বেহাৰবাৰী আউটপোষ্টৰ দৰে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইমান দিন কৈ অহা প্ৰদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কাহিনী আচলতে বেহাৰবাৰী আউটপোষ্টৰ দৰে এখন ছিৰিয়েলহে । কালি মুখ্যমন্ত্রীয়ে দিয়া সংবাদমেলৰ পাছতে এই কথা স্পষ্ট হৈ পৰে ।" এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ।
সোমবাৰে লখিমপুৰত আয়োজিত এখন সংবাদমেলত বিধায়ক গগৈয়ে এইদৰে মন্তব্য কৰে ৷ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কৈ অহা কথাবোৰ আৰু সংবাদমেলত দিয়া বক্তব্যৰ বিপৰীতে গৌৰৱ গগৈয়ে সংবাদমেলৰ জৰিয়তে ৰখা বক্তব্য শুনি বিধায়কগৰাকীয়ে এইদৰে মন্তব্য কৰে ।
বিধায়ক গগৈয়ে কয়, "মুখ্যমন্ত্রীয়ে সংবাদমেলৰ জৰিয়তে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগত যি অভিযোগ তুলিছে সেয়া কোনো ছিৰিয়াছ ঘটনাৰ আধাৰত নহয় । এইখন বেহাৰবাৰী আউটপোষ্টৰ দৰে ছিৰিয়েলৰ নিচিনাহে হ'ল। গৌৰৱ গগৈয়ে তেওঁ পাকিস্তান ভ্ৰমণৰ সকলো তথ্য সংবাদ মেলৰ জৰিয়তে সদৰী কৰিছে । সেইখিনিত আপত্তি কৰিবলগীয়া একো নাই । মুখ্যমন্ত্রীয়ে ইমান দিনে কৈ অহা কথাবোৰ কল্প কাহিনীহে । কোনো দৰকাৰী বিষয় নহয় ।"
অখিল গগৈয়ে মুখ্যমন্ত্রীক উভটি ধৰি কয়, "যদি গৌৰৱ গগৈয়ে আইএছআইৰে সম্পৰ্ক ৰাখিছিল, তেওঁলোকৰ কেম্পত গৈছিল, তেন্তে বিষয়টো ভাৰত চৰকাৰৰ গৃহ বিভাগৰ হাতলৈ যাব লাগিছিল । তেওঁলোকে চোৱাচিতা কৰিব লাগিছিল । যোৱা ৯ ছেপ্টেম্বৰত এছ আই টি প্ৰতিবেদন প্ৰকাশ পাব বুলি কৈছিল । পিছে জুবিনৰ মৃত্যুৰ বাবে পেলাই থোৱা বুলি ক'লে মুখ্যমন্ত্রীয়ে । আচলতে মুখ্যমন্ত্রীয়ে মিছা মাতিলে । দুবছৰ ধৰি গৌৰৱ গগৈক পাকিস্তানৰ এজেন্ট বুলি তেওঁ চিঞৰি থাকিল । যদি মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক পাকিস্তানৰ এজেন্ট বুলি গম পাইছিল তেন্তে তেওঁক গ্ৰেপ্তাৰ নকৰি কিয় কাম কৰি থাকিবলৈ সুবিধা দিলে ? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীও জগৰীয়া । মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিব লাগে । কাৰণ তেওঁ দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্রত আপোচ কৰিছে ।"
অখিল গগৈয়ে পুনৰ কয়, "এইখন এখন ৰাজনৈতিক নাটক । মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আনি সংবাদমেল পাতিছিল। পিছে ক'তো গুৰুত্ব সহকাৰে বাতৰি প্ৰচাৰিত নহ'ল ।" জুবিন গাৰ্গৰ বিষয়টো বিপথে পৰিচালিত কৰা বুলিও তেওঁ মুখ্যমন্ত্রীক দোষাৰোপ কৰে । বিদেশী নাগৰিকৰ প্ৰসংগত অখিল গগৈয়ে কয়, "কংগ্রেছ, অগপৰ দিনত যিমান বিদেশী নাগৰিকক বিতাড়িত কৰা হৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত তুলনামূলকভাৱে সামান্য সংখ্যকহে নাগৰিকক বিতাড়িত কৰা হৈছে । এনে বহু অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ লগতে বিৰোধী ঐক্য মঞ্চক বিজেপিক অসমৰ পৰা বিদায় দিবলৈ আসন বুজাবুজিৰ ক্ষেত্রত আগবাঢ়িবলৈ আহ্বান জনায় ।

