ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ মুখখন বৰবেজীৰে চিলাই দিব লাগে, গোটেই পৰিৱেশটো বেয়া কৰি আছে: অখিল গগৈ

বাক্সাৰ ঘটনাৰ বাবে দায়ী অসম পুলিচ আৰু অসমৰ আটাইতকৈ ডাঙৰ সমস্যা মুখ্যমন্ত্ৰী নিজেই ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতিৰ ।

Baksa violence
শিৱসাগৰত অখিল গগৈৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 16, 2025 at 4:09 PM IST

6 Min Read
Choose ETV Bharat

শিৱসাগৰ: "বাক্সাত যিটো ঘটনা ঘটিল তাৰ কাৰণে প্ৰথম জগৰীয়া অসম পুলিচ আৰু দ্বিতীয় জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী । কালি এডিচনেল এছ পি গীতাৰ্থ দেৱশৰ্মাই অপ্ৰৰোচিতভাৱে মানুহবিলাকক লাঠিৰে আক্ৰমণ কৰিছে । সকলো মানুহে সেই দৃশ্য দেখিছে, টিভি চেনেলবিলাকত সেই দৃশ্য আছে । স্থানীয় আৰু গুৱাহাটীৰ পৰা যোৱা সাংবাদিককো মই সুধিছোঁ, তেওঁলোকে কৈছে যে আক্ৰমণটো পুলিচে কৰি দিলে । আৰু দেৱশৰ্মা বুলি এই এডিচনেল এছ পিজনে কৰি দিলে । গতিকে দেৱশৰ্মা নামৰ এডিচনেল এছ পিজনক অনতিবিলম্বে নিলম্বন কৰিব লাগে ।" এই মন্তব্য বিধায়ক অখিল গগৈৰ ।

শিৱসাগৰ বর্ডিং খেলপথাৰত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত শুকুৰবাৰে বৰ্ডিং খেলপথাৰত আয়োজিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নিজৰ মন্তব্য ব্যক্ত কৰে ।

বাক্সাৰ ঘটনাৰ বাবে দায়ী অসম পুলিচ আৰু মুখ্যমন্ত্ৰী: অখিল গগৈ (ETV Bharat Assam)

বাক্সাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীক দোষাৰোপ কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, "বোধহয় এই ঘটনাটোৰ বাবে নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্টলী । বিশ্ব শৰ্মাৰ অৰ্ডাৰ দেৱশৰ্মাই পাইছে, দেৱশৰ্মাই গোটেইবিলাক ফালিচিৰি গৈ নিৰীহ মানুহবিলাকক আক্ৰমণ কৰি দিছে । মানুহবিলাক উত্তেজিত হৈছে আৰু পাছফালৰ পৰা পুলিচেই চিঞৰি আছে যে এইটো বেয়া কাম কৰিলে । মানুহবিলাকৰ ওপৰত আক্ৰমণ কৰাৰ বাবে এতিয়া মানুহেই পুলিচৰ ওপৰত আক্ৰমণ কৰিব ।"

আনহাতে, অসমৰ প্ৰধান সমস্যা 'মুখ্যমন্ত্ৰী নিজেই' বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, "মুখ্যমন্ত্ৰীয়ে এনেয়ে চেলবেলিয়া কথা কৈ আছে । আটাইতকৈ ডাঙৰ অসমৰ সমস্যাটো হ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন । এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব, সিদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব । মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিবলগা আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰবেজীৰে চিলাই দিব লাগিব । মানুহজনে গোটেই পৰিৱেশটো বেয়া কৰি আছে ।"

বাক্সাত বুধবাৰে সংঘটিত ঘটনা সন্দৰ্ভত তেওঁৰ মন্তব্য, "বাক্সাৰ ঘটনাটোৰ ক্ষেত্ৰত গৰিমা গাৰ্গে যি মন্তব্য কৰিছে, মই তাকেই কওঁ । বাক্সাৰ ঘটনাটোৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অসম আৰক্ষী জগৰীয়া । দেৱশৰ্মা নামৰ এগৰাকী আৰক্ষী বিষয়াই লাঠিচাৰ্জ কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হ'ল । অসমৰ মুখ্যমন্ত্ৰীয়ে যি তৃতীয় পক্ষ জড়িত থকাৰ কথা কৈছে, তাত তৃতীয় পক্ষ কোনো নাই । তৃতীয় পক্ষ অসমৰ মুখ্যমন্ত্ৰীগৰাকী নিজেই । তেওঁৰ নিৰ্দেশতে অসম আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল ।"

ইফালে বিজেপি দল আৰু চৰকাৰক সমালোচনা কৰি তেওঁ কয়, "অসমৰ মানুহৰ যে বিজেপি চৰকাৰখনৰ ওপৰত বিশ্বাস নাই বাক্সাৰ ঘটনাই তাকে প্ৰমাণিত কৰিলে । মুখ্যমন্ত্ৰীয়ে কৈছে যে হেজটেগ লিখি অসমৰ মানুহে ন্যায় বিচৰাৰ বাবেই বোলে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ।" ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে তেওঁ কটাক্ষ কৰি কয় যে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে । কিয়নো জুবিন গাৰ্গক লৈ একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে বুলি তেওঁ মুকলি অভিযোগ উত্থাপন কৰে । কিয়নো জুবিন গাৰ্গৰ ন্যায় প্ৰদানত ৰত হোৱাৰ সলনি হিমন্ত বিশ্ব শৰ্মাই পূজা চাবলৈ গৈ ছেলফি তুলি ফুৰিছে । দেৱালীত ফটকা ফুটাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ।

আনহাতে, কংগ্ৰেছ দলৰ প্ৰসংগ টানি আনি অখিল গগৈয়ে কয়, "কংগ্ৰেছৰ ৰেলীত মায়াবিনী গান বজাওঁতে সমালোচিত হোৱা বাবে তেওঁলোকেও এই কামটো বন্ধ কৰিলে । কিন্তু মুখ্যমন্ত্ৰীয়ে এইবোৰ তৰল কাম কৰিব এৰা নাই ।"

লগতে তেওঁ আৰ এছ এছৰ প্ৰসংগ উল্লেখ কৰি কয় যে শ্যামকানু মহন্তৰ সৈতে মোহন ভাগৱতৰ ফটো আছে । বিজেপিৰ নেতা-মন্ত্ৰীৰ সৈতে ফটো আছে । গতিকে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় কেনেকৈ দিব তাক লৈ সন্দেহ উদ্ৰেক হয় ।

ইফালে শুকুৰবাৰে ৰাহুল গান্ধীৰ অসম ভ্ৰমণ সন্দৰ্ভত অখিল গগৈয়ে কয়, "ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহাৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই । কেন্দ্ৰীয় নেতৃত্বৰ এগৰাকী অহাটো ভাল কথা । কেৱল ৰাহুল গান্ধীয়েই নহয়, প্ৰধানমন্ত্ৰীগৰাকীও আহিব লাগে ।"

আনহাতে, মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ সন্দৰ্ভত তেওঁ কয়, "অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথাই কৈ থাকে যে জুবিন গাৰ্গ ৰোগত আক্ৰান্ত হওঁতে তেওঁ বোলে চাৰ্টাৰ্ড ফ্লাইটত নিছিল । জুবিন গাৰ্গৰ অসুখ হ'লে যি চৰকাৰেই নাথাকক তেওঁক চাৰ্টাৰ্ড ফ্লাইটত নিবই লাগিব । তাকে তেওঁ ঢোল বজাই থাকি লাভ নাই ।"

লগতে তেওঁ কয়, "মই মুখ্যমন্ত্ৰীৰ নিচিনা দুই নম্বৰ ৰাজনীতিক নহয় । মই যদি ৰাজীৱ শদিয়াৰ মৃত্যুৰ সময়ত জুবিন গাৰ্গক কিবা গালি পাৰি ফেচবুক পোষ্ট দিছিলোঁ, তেন্তে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিয়ক ।" মুখ্যমন্ত্ৰীক এই প্ৰত্যাহ্বান অখিল গগৈৰ ।

উল্লেখ্য যে শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত স্থানীয় বিধায়ক অখিল গগৈয়ে কয়, "কাইলৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পূৰ্ণৰূপে ৰাইজৰ অনুষ্ঠান । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইয়াত কোনো ৰাজনীতি নাই । মই বিধায়ক হোৱা বাবেহে মোক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে । সকলোকে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে ।"

তেওঁ লগতে কয়, "শ্ৰদ্ধাঞ্জলিৰ লগতে পাঁচ হাজাৰ লোকে মায়াবিনী শীৰ্ষক গীত পৰিবেশন কৰিব । শিৱসাগৰ জিলাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল এই অনুষ্ঠানত উপস্থিত থাকিব । এয়া কোনো ৰাইজৰ দলৰ অনুষ্ঠান নহয় । এই অনুষ্ঠান সম্পূৰ্ণৰূপে ৰাইজৰ অনুষ্ঠান ।"

লগতে পঢ়ক :প্ৰকৃততে হৈছিল কি ! অসমত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছিংগাপুৰীয়া অসমীয়াই
লগতে পঢ়ক :শিলাবৰ্ষণত ২৫ জন আৰক্ষী লোক আৰু ১২ জন সাধাৰণ নাগৰিক আহত; প্ৰায় ১১ জনক আটক