ETV Bharat / politics

এইবাৰ ক'লা পোচাক পিন্ধি বিধানসভা চৌহদত বিধায়ক অখিল-মেহবুব

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুকলি কৰি দিয়াৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ ।

Akhil Gogoi protests
এইবাৰ ক'লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 1:01 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিলে । অখিল গগৈ আৰু ধিঙৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মুখতাৰে সোমবাৰে ক'লা পোচাক পৰিধান কৰি আৰু মুখত ক'লা কাপোৰ বান্ধি বিধানসভালৈ আহিল ।

শেহতীয়াকৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু কৃষক নেতা আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিধায়ক দুজনে এনেদৰে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে । প্ৰতিবাদৰ জৰিয়তে অখিল গগৈয়ে দুয়োগৰাকী নেতাক শীঘ্ৰে মুকলি দিয়াৰ দাবী জনায় ।

প্ৰতিবাদৰ নেতৃত্ব লৈ অখিল গগৈয়ে সংবাদ মাধ্যমক ক'লে, "কালি আপোনালোকে দেখিছে যে অসমৰ এগৰাকী কৃষক নেতাক গ্ৰেপ্তাৰ কৰিলে । এদিন পূৰ্বে জনজাতীয় নেতা আদিত্য ৰাভাকো গ্ৰেপ্তাৰ কৰিছিল । আপোনালোকে জানে যে এতিয়া অসমৰ মাটি ৰামদেৱ, আদানী, আম্বানী আৰু টাটাক দিবলৈ, ডাঙৰ ডাঙৰ কোম্পানীক দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছে ।"

তেওঁ লগতে কয়, "অসমৰ আটাইতকৈ সুৰক্ষিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক, য'ত কেৱল জনজাতীয় লোকহে থাকিব পাৰে । তেনে মাটি কাঢ়ি আনি অসমত বিজেপি চৰকাৰে আদানী, আম্বানী, ৰামদেৱক দি আছে । ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিছে । জনজাতীয় নেতাই প্ৰতিবাদ সাব্যস্ত কৰিছে । এই প্ৰতিবাদত সাধাৰণ মানুহো জড়িত হৈছিল । কিন্তু কি হ'ল ? আদিত্য ৰাভা আৰু প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰিলে । সেইকাৰণে ইয়াৰ বিৰুদ্ধে আজি আমি সম্পূৰ্ণ ক'লা পোচাক পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিধানসভালৈ আহিছোঁ ।"

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কয়, "অসমৰ ভূমি, খিলঞ্জীয়া লোকৰ ভূমি, ইয়াত বাস কৰা লোকৰ ভূমি আমি কাঢ়ি ল'বলৈ নিদিও । এই দাবী লৈ আমি বিধানসভালৈ আহিছোঁ ।"

উল্লেখ্য যে দেওবাৰে গুৱাহাটীৰ পৰা প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা হয় । ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ আহ্বায়ক তথা ভূমি আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেই কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰত ব্যক্তিগত খণ্ডৰ পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ তীব্ৰ বিৰোধিতা কৰি আহিছিল । তেওঁ তৃণমূল পৰ্যায়ৰ প্ৰতিবাদৰ নেতৃত্ব দিছিল ।

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাই কামৰূপ জিলাৰ পলাশবাৰীৰ সমীপৰ বৰদুৱাৰত চৰকাৰৰ প্ৰস্তাৱিত চেটেলাইট টাউনশ্বিপ প্ৰকল্প স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিছিল ।

লগতে পঢ়ক :

ভূমি ৰক্ষা আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক গ্রেপ্তাৰ