কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এইবাৰ চৰকাৰ কৰিম আৰু হিমন্তক ৭ দিনৰ ভিতৰত জে'লত দিম: অখিল গগৈ
কংগ্ৰেছৰ সৈতে চৰকাৰ কৰি অখিল গগৈয়ে সাত দিনৰ ভিতৰত জে'লত ভৰাব হিমন্ত বিশ্ব শৰ্মাক । সংখ্যলাঘু এলেকাত যুঁজিব কংগ্ৰেছৰ বিৰুদ্ধে ।

Published : January 20, 2026 at 9:16 PM IST
নগাঁও: সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে যুঁজ দিব যদিও সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ’ব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । মঙলবাৰে কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট বিধানসভা সমষ্টিৰ দগাৱঁত নিৰ্বাচনী ৰণশিঙা বজাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এ আই ইউ ডি এফৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ।
কংগ্ৰেছ বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট বিধানসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত দগাঁৱত ৰাজহুৱা সভা সম্বোধন কৰি আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ গঠন কৰাৰ পাছত এক ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰে অখিল গগৈয়ে ।
মিত্ৰতা চূড়ান্ত হোৱাৰ পূৰ্বে সংখ্যলঘু অধ্যুষিত তথা কংগ্ৰেছৰ দখলত থকা সমষ্টিত বিধায়ক অখিল গগৈৰ তৎপৰতা সন্দৰ্ভতো সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক অখিল গগৈয়ে কয়, "সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ কোনো অস্তিত্ব নাই । সেয়ে কংগ্ৰেছৰ বিৰুদ্ধে বন্ধুত্বপূৰ্ণ যুজঁ হ’ব । সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছক আমি খুঁটিম আৰু আমাকো কংগ্ৰেছে খুঁটিব ।”
গগৈয়ে লগতে কয়, "মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাদৰ । কংগ্ৰেছক এইবাৰ জিকাম, কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এইবাৰ চৰকাৰ কৰিম আৰু হিমন্তক ৭ দিনৰ ভিতৰত জে'লত দিম ।"
লগতে মিত্ৰতাৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত 'সংবাদ মাধ্যমে বিৰোধী কেইটাক এনেই খুঁচি থাকে' বুলিহে কৈ বিজেপি মিত্ৰজোঁটক কৌৰৱ আৰু বিৰোধী ঐক্য মঞ্চক পাণ্ডৱ বুলি অভিহিত কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।

এ আই ইউ ডি এফ দলৰো শক্তিশালী ভেটি থকা সমষ্টিটোত ৰাজহুৱা সভা অনুষ্ঠিত কৰি এ আই ইউ ডি এফকো সমালোচনাৰ লক্ষ্য কৰি ল'লে বিধায়ক অখিল গগৈয়ে । এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামৰ দৰে নেতাৰ বাবেই বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ সুবিধা পোৱা বুলিও উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে ।
বিধায়ক নুৰুল হুদাৰ দখলত থকা ৰূপহীহাট বিধানসভা সমষ্টি দগাঁৱত মঙলবাৰে নিৰ্বাচনী ৰণশিঙা বজোৱাৰ লগতে ৰাইজৰ দলৰ সাংঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে ।

