ETV Bharat / politics

মিজোৰামৰ উপ-নিৰ্বাচন : বিৰোধী এম এন এফৰ আৰ লালথাংলিয়ানাৰ জয়লাভ

ডাম্পা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ জয়লাভ । ৫৬২ টা ভোটৰ ব্যৱধানত পৰাস্ত শাসকীয় দল জ'ৰাম পিপলছ মুভমেণ্টৰ প্ৰাৰ্থী ।

Mizo National Front candidate R Lalthangliana
মিজোৰামৰ উপ-নিৰ্বাচন : বিৰোধী এম এন এফৰ আৰ লালথাংলিয়ানাৰ জয়লাভ (IANS)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 2:28 PM IST

2 Min Read
Choose ETV Bharat

আইজল : মিজোৰামত বিৰোধীৰ উত্থান ! ডাম্পা সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিৰোধী মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰাৰ্থী আৰ লালথাংলিয়ানাৰ জয়লাভ । এম এন এফে ডাম্পা বিধানসভাৰ আসনখন অক্ষুণ্ণ ৰাখি মুঠ ৬৯৮১ টা ভোট লাভ কৰি উপ-নিৰ্বাচনত জয়লাভ কৰিছে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি লালথাংলিয়ানাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী জ'ৰাম পিপলছ মুভমেণ্টৰ প্ৰাৰ্থী ভানলালছাইলোভাৰ বিৰুদ্ধে ৫৬২ টা ভোটত জয়লাভ কৰিছে ।

সমষ্টিটোত কংগ্ৰেছৰ উপ-সভাপতি জন ৰ'টলুয়াংলিয়ানা আৰু বিজেপিৰ লালমিংথাংগায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ডাম্পা বিধানসভাৰ উপ-নিৰ্বাচনত ৪১ টা বুথত ভোটদান হৈছিল । প্ৰথমে ডাক বেলট গণনা কৰা হয় আৰু তাৰ পিছত ৫ টা ৰাউণ্ডত ই ভি এমৰ ভোট গণনা কৰা হয় । ভোট গণনা কেন্দ্ৰটো নিৰ্বাচন আয়োগৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ নিৰীক্ষণত আছিল ।

মিজোৰামৰ ডাম্পাৰ উপৰিও ১১ নৱেম্বৰত দেশৰ কেইবাখনো ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । আন ৭ টা সমষ্টিত ভোট গণনা অব্যাহত আছে । সমষ্টিসমূহৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ বুডগাম আৰু নাগ্ৰোটা, ৰাজস্থানৰ আন্তা, ওড়িশাৰ নুৱাপাড়া, ঝাৰখণ্ডৰ ঘাটচিলা, তেলেংগানাৰ জুবিলী হিলছ, পাঞ্জাৱৰ টাৰ্ণ তৰণ । শেহতীয়া খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ নাগ্ৰোটা আসনত বিজেপিৰ প্ৰাৰ্থী দেৱানী ৰাণাই জয়লাভ কৰিছে । বিগত বৰ্ষৰ অক্টোবৰত পিতৃ তথা বিজেপি নেতা দেৱেন্দৰ সিং ৰাণাৰ মৃত্যুৰ পিছতে খালী হৈ পৰা আসনখনত জয়লাভ কৰে দেৱানী ৰাণাই । তেলেংগানাৰ জুবিলী হিলছ আসনখনো কংগ্ৰেছৰ হাতলৈ গৈছে ৷

বুডগামৰ আসনত নিৰ্বাচন আয়োগৰ শেহতীয়া ৰিয়েল টাইম আপডেট অনুসৰি শাসকীয় এন চিৰ আগা মেহমুদৰ বিৰুদ্ধে ১৫০০ ৰো অধিক ভোটেৰে আগবাঢ়ি আছে পি ডি পিৰ আগা মুন্তাজিৰ ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ উপ নিৰ্বাচন: বিজেপি প্ৰাৰ্থী দেৱানী ৰাণাৰ জয়লাভ