কংগ্ৰেছৰ "ৰাইজৰ অভিযোগনামা"ত বিজেপিৰ বিৰুদ্ধে কি আছে ?
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে মুকলি কৰা "ৰাইজৰ অভিযোগনামা"ৰ বিভিন্ন দফাসমূহ দেওবাৰে সংবাদ মাধ্য়মৰ আগত ৰাজহুৱা কৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।

Published : February 22, 2026 at 6:18 PM IST
গুৱাহাটী : ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ১৯ ফেব্ৰুৱাৰীত বিজেপিৰ বিৰুদ্ধে কেইবাদফীয়া অভিযোগনামা মুকলি কৰিছিল কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীণিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে । তাৰ পিছতে দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে সংবাদমাধ্যমৰ জৰিয়তে ৰাইজলৈ এই অভিযোগনামাৰ সৱিশেষ প্ৰেৰণ কৰে ।
তেওঁ সংবাদমেল সম্বোধন কৰি মীৰা বৰঠাকুৰে কয়, "এই অভিযোগনামা ৰাইজৰ বাবে তন্নতন্নকৈ লৈ আহিব বিচাৰিছোঁ । এই অভিযোগবোৰ আমি মনে সজা নহয় । চৰকাৰখনে 'সবকা সাথ সবকা বিকাশ'ৰ প্ৰতিশ্ৰুতি দি আহিছে । কিন্তু এই চৰকাৰখনে বিকাশ কি কৰিলে, পৰিয়ালকেন্দ্ৰিক কিমান বিকাশ কৰিলে আৰু ৰাইজলৈ কিমান ঋণৰ বোজা দিলে আমি সেইখিনি কথা ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ প্ৰথম অভিযোগটোৱে হৈছে ছিণ্ডিকেটৰাজ । কয়লা, গৰু, চুপাৰি, কণী, পাণ, মাছৰ ছিণ্ডিকেট চলি আছে আৰু আমাৰ মানুহক আঁচনিভুক্ত কৰি তেওঁলোকৰ ফলিয়া কৰিব বিচাৰিছে, এয়া দুৰ্ভাগ্যজনক ।"
চৰকাৰৰ নেতা-মন্ত্ৰীৰ অবৈধ সম্পত্তি সম্পৰ্কে মীৰা বৰঠাকুৰে কয়, "দুৰ্নীতি আৰু অবৈধ সম্পত্তিৰ জৰিয়তে অসমৰ বিভিন্ন জিলাত আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰীয়ে আৰু তেওঁৰ ঘনিষ্ঠসকলে চৰকাৰী ধনৰ ব্যাপক অপব্যৱহাৰ কৰি নিজৰ নিজৰ পৰিয়ালৰ নামত নামী-বেনামি সম্পত্তিৰ পাহাৰ গঢ়িছে । মুখ্যমন্ত্ৰীয়ে সন্তানৰ নামত ১৭ টকা কোম্পানী, বিলাসী ৰিজৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ প্ৰতিষ্ঠান, ফাৰ্মাচিউটিকেল উদ্যোগকে আদি কৰি হাজাৰ হাজাৰ বিঘা মাটি পৰিয়ালৰ নামত কৰিছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পছন্দৰ ঠিকাদাৰৰ জৰিয়তে কমিছন শতাংশত মিলাবলৈ গৈ থলুৱা ঠিকাদাৰসকলক বঞ্চিত কৰিছে ।"
তেওঁ লগতে কয়, "ৰিজাৰ্ভ বেংকৰ মূল্যায়ন অনুসাৰে অসমৰ মুঠ ঋণৰ পৰিমাণ ২০২৬ চনৰ এপ্ৰিললৈ ২.০৬ লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে । কোৱা হৈছে অসমে আৰু ধাৰ ল'ব পৰা ক্ষমতা নাই । তাৰ পিছতো এই চৰকাৰখনে উপৰ্যুপৰি ধাৰ লৈ অসমৰ জনতাৰ মূৰত ঋণৰ বোজা দি অসমৰ জনতাক কোঙা কৰাৰ পৰিকল্পনা কৰিছে ।"
৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰে কৰা অৱমাননা সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, "নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিলে, সেয়া আজিলৈ কৰা নহ'ল । আনকি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পেলাই ৰাখিলে ।"
ভূমি পট্টা সন্দৰ্ভত তেওঁ কয়, "ভূমিৰ পট্টা দিব বুলি মিছন বসুন্ধৰা কৰা হ'ল কিন্তু এতিয়া গুৱাহাটীৰ পাহাৰৰ বাসিন্দাক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে । আগতে ভুৱা অৰুণোদয় প্ৰ-পত্ৰ বিলাইছিল, এতিয়া মাটিৰ পট্টা দিব বুলি ভুৱা মিছন বসুন্ধৰা প্র-পত্ৰ বিলাইছে । অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী কৰি আহিছোঁ যদিও বিহাৰ বা অন্য ৰাজ্যত হ'লে প্ৰধানমন্ত্ৰী তালৈ যায় কিন্তু অসমৰ ক্ষেত্ৰত মাহীআইৰ দৃষ্টিৰে চোৱা হৈছে । এই চৰকাৰে নিবনুৱাক পৰ্যাপ্ত চাকৰি দিব পৰা নাই । ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰিছে এই চৰকাৰে । এই চৰকাৰে বাজেটত শিক্ষা আৰু স্বাস্থ্যৰ ধন কমাই দিছে ।"
মীৰা বৰঠাকুৰে লগতে কয়, "আজিৰ তাৰিখত ভেজাল ঔষধৰে ছানি ধৰিছে । ডাঙৰ ডাঙৰ চিকিৎসালয় বনাইছে ঠিকেই, কিন্তু পৰ্যাপ্ত আন্তঃ গাঁথনি নাই ।" অচিনাকি বা বাংলাদেশী বুলি একাংশ লোকক উচ্ছেদ কৰিলে কিন্তু সেই মানুহখিনি এতিয়া গ'ল ক'ত বুলিও প্ৰশ্ন উত্থাপন কৰে মীৰা বৰঠাকুৰে । মুঠতে বিজেপিৰ বিৰুদ্ধে অভিযোগনামা ৰাইজৰ আগত এনেদৰে দাঙি ধৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ।
লগতে পঢ়ক :গুৱাহাটীত প্ৰিয়ংকাৰ নিৰ্বাচনী ৰণডংকা : বিজেপিৰ বিৰুদ্ধে ২০দফীয়া অভিযোগনামা

