৩ জুনৰ পাছতহে হ'ব মন্ত্রীসভাৰ সম্প্ৰসাৰণ: মুখ্যমন্ত্ৰীৰ ঘোষণা
"৩ জুনলৈকে ৰাজ্যপাল মংগোলীয়াত থাকিব । গতিকে যি হ'ব ৩ জুনৰ পাছতেহে হ'ব ।" মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে ৷

Published : May 27, 2026 at 6:54 PM IST
গুৱাহাটী: ১২ মে'ত চাৰিজন সতীৰ্থক লগত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ পিছত মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত কোনে মন্ত্ৰীপদ পাব ? পূৰ্বৰ কোন মন্ত্ৰীৰ পাখি কটা যাব ? মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ ব্যাপক চৰ্চাৰ মাজতে বুধবাৰে ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন সামৰণি পৰে ৷
বুধবাৰে বিধানসভা চৌহদত মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "ক্ৰমান্বয়ে মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ কাম চলি থাকিব ৷ জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্রীসভাৰ সম্প্ৰসাৰণ হৈ যাব । কিন্তু ৩ জুনলৈকে ৰাজ্যপাল মংগোলীয়াত থাকিব । গতিকে যি হ'ব ৩ জুনৰ পাছতেহে হ'ব ।" ইয়াৰ পূৰ্বেও মুখ্যমন্ত্রীয়ে জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছিল ।
ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চাৰিজনীয়া মন্ত্রীসভাত চাহ জনগোষ্ঠী আৰু মহিলা প্ৰতিনিধিৰ লগতে দুই মিত্রদল অগপ আৰু বি পি এফৰ প্ৰতিনিধি অন্তৰ্ভুক্ত হৈছে । শেহতীয়া নিৰ্বাচনত ৮২ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পাছতো বিজেপিয়ে দুই মিত্রদল অগপ আৰু বি পি এফক এটাতকৈ অধিক মন্ত্রীপদ দিব বিচৰা নাই বুলি ভিন্ন মহলত চৰ্চা হৈছে ৷ যাৰ বাবে এতিয়াও মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ বিজেপিৰ ভিতৰত উৎকণ্ঠা বৃদ্ধি পাইছে ।
উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দুবাৰকৈ দিল্লীলৈ গৈ দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছিল মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি দলটোৰ সাধাৰণ সম্পাদক, কেন্দ্রীয় গৃহমন্ত্রী আদিক সাক্ষাৎ কৰিছিল । মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো চূড়ান্ত কৰাৰ বাবেই মুখ্যমন্ত্রীয়ে দলৰ নেতৃত্বক সাক্ষাৎ কৰা বুলি চৰ্চা চলি আহিছে যদিও এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ।
লগতে পঢ়ক:অসমৰ ৰাজনীতিত মুছলমান মহিলাৰ খোজ: বিধানসভা, লোকসভা আৰু ৰাজ্যসভালৈ নিৰ্বাচিত নেত্ৰী কোন কোন ?

