আধুনিক চিন্তাৰে ভাৰতক নতুন দিগন্ত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে: সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰত বিজেপি চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল ৷

Published : June 12, 2026 at 7:07 PM IST
ডিব্ৰুগড়: চলিত বৰ্ষৰ ১০ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰিলে । ২০১৪ চনৰ পৰা ধাৰাবাহিকভাবে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে দেশক নেতৃত্ব প্ৰদান কৰি আহিছে। কেন্দ্ৰত বিজেপি চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰে ।
ডিব্ৰুগড়স্থিত বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে বিগত ১২ বছৰত অসমত ৰূপায়ণ কৰা বিভিন্ন জনকল্যাণমূলক আৰু উন্নয়নমূলক আঁচনিৰ বিষয়ে আলোকপাত কৰে । মন্ত্ৰীগৰাকীয়ে দেশৰ আৰ্থ-সামাজিক উন্নয়ন, আন্তঃগাঁথনি নিৰ্মাণ, ডিজিটেল ভাৰত, আত্মনিৰ্ভৰ ভাৰত আদি বিভিন্ন ক্ষেত্ৰত চৰকাৰে লাভ কৰা সাফলতাৰ খতিয়ান দাঙি ধৰে।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, "দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্ব, আধুনিক চিন্তাধাৰাৰে ভাৰতবৰ্ষক নতুন দিগন্ত দিবলৈ সক্ষম হ'ল। পূৰ্বে ভাৰতৰ অৰ্থনীতি ইমানেই পুতৌ লগত লগা আছিল যে উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে প্ৰতিযোগিতাত ফেৰ মৰা কথা ভাবিব পৰা নাছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক দেশ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে ।"
তেওঁ কয়,"কেতিয়াবা বগীবিল দলং, ঢলা-শদিয়া দল নিৰ্মাণ হ'ব বুলি কোনেও কল্পনা কৰা নাছিল ৷ ভাৰত চৰকাৰে স্পষ্ট নীতি লৈছে । অবৈধভাবে বাস কৰা কোনো বিদেশী লোকক আশ্ৰয় নিদিয়ে । অবৈধভাবে বাস কৰা লোকক উচ্ছেদ কৰি সেই ভূমিত খিলঞ্জীয়া লোক সকলক সংস্থাপন দিয়াৰ বাবে ইতিমধ্যে অসম চৰকাৰে কাম কৰিছে । এইবাৰো অসম চৰকাৰে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব ।"
যুদ্ধৰ ফলত বিশ্ব অৰ্থীনিত আৰু ভাৰতৰ অৰ্থনীতিৰ সন্দৰ্ভত তুলনা কৰি মন্ত্ৰী সোণোৱালে কয়,"পশ্চিম এছিয়াত হোৱা যুদ্ধৰ ফলত বিশ্ব অৰ্থনীতিত ব্যাপক প্ৰভাব পৰিছে ৷ উন্নত ৰাষ্ট্ৰসমূহটো যুদ্ধৰ প্ৰভাৱ পৰিছে ৷ কিন্তু ভাৰতৰ অৰ্থনীতি নিয়ন্ত্ৰণত আছে ৷ বেলেগ ৰাষ্ট্ৰৰ তুলনাত ভাৰতত মূল্যবৃদ্ধিৰ পৰিমাণ কম হৈ আছে ৷ এয়া কেৱল প্ৰধানমন্ত্ৰীৰ বাবে সম্ভৱ হৈছে ৷"
লগতে পঢ়ক:শিৱসাগৰত আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী: গ্ৰেপ্তাৰ কেইবাজনো

