ETV Bharat / politics

যিসকলৰ অভাৱ আছে তেওঁলোকেহে চুৰি কৰে: 'ভোট চুৰি' অভিযোগৰ প্ৰসংগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বিজেপি ৰাইজৰ হৃদয়ত আছে , বেলেগ দল ৰাইজৰ পদুলিত আছে ।

Minister Ranjit Kumar Das regarding the 'vote theft' allegation in Nalbari
বিজেপি ৰাইজৰ হৃদয়ত আছে , বেলেগ দল ৰাইজৰ পদুলিত আছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 11:58 AM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: কংগ্ৰেছে ভোট চুৰিৰ কথা ক'লেই হেনো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ হাঁহি উঠে ৷ এই কথা নিজমুখে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ শনিবাৰে নলবাৰীত মন্ত্ৰীগৰাকীয়ে কয়- "টিভি বা বাতৰি কাকতত যিবোৰ ওলাই আছে সেইবোৰ দেখি হাঁহি উঠি আছে । হাঁহি এইকাৰণে উঠে কিয়নো যিসকলৰ অভাৱ আছে তেওঁলোকেহে চুৰি কৰে । বিজেপি দল ৰাইজৰ হৃদয়তেই আছে । বিজেপিয়ে ভোট কিয় চুৰি কৰিবলগীয়া হ'ব ।"

অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত নলবাৰীত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলনত শনিবাৰে ভাগ লয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জনস্বাস্থ্য কাৰীকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াই । এই সভাতেই মন্ত্ৰী দাসে আৰু কয়- "ভাৰতীয় জনতা পাৰ্টী ৰাইজৰ হৃদয়ত আছে । বিজেপি ৰাইজৰ হৃদয়ত যিহেতু আছেই , বেলেগ দল ৰাইজৰ পদুলিত আছে । ইতিমধ্যে প্ৰতিটো নিৰ্বাচনত ভাল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকাশলংঘী উন্নয়নে ৰাইজৰ হৃদয়ত সদায় আছে বিজেপি । যিমান আঁচনি দিছোঁ, সেয়া বেলেগে ক'ব পাৰে হিতাধিকাৰী সৃষ্টিৰ বাবে কৰা বুলি । কিন্তু সেয়া নহয় ।"

'ভোট চুৰি' অভিযোগৰ প্ৰসংগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

তেওঁ আৰু কয়, "আগন্তুক সময়ত জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত সমন্বয় সৃষ্টি কৰিব পাৰো তাৰ বাবে আজি এনেদৰে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে সন্মিলনখন অনুষ্ঠিত কৰা হৈছে । ইতিমধ্যে আজি সমষ্টি ভিত্তিত অসমৰ ভিন্ন প্ৰান্তত এই সন্মিলন অনুষ্ঠিত কৰা হৈ গৈছে । নলবাৰী জিলাৰ তিনিওটা বিধানসভাৰ ভিত্তিত এনেদৰে অনুষ্ঠিত হয় সন্মিলন ।"

পকী ঘৰ থকা লোকে যাতে চৰকাৰী ঘৰ নাপায় সেই সন্দৰ্ভ ৰণজিৎ দাসে কয়, "প্ৰকৃত দুখীয়া, গৃহহীন, কেঁচা ঘৰ থকা লোকসকলক আমি যিহেতু ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ । গতিকে আমি এইটো আহ্বান জনাইছোঁ । যাতে প্ৰকৃত লোকে ইয়াৰ পৰা বাদ নপৰে তাৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ পঞ্চায়তৰ প্ৰতিনিধিসকলক আহ্বান জনাইছোঁ । ইয়াত পঞ্চায়ত সচিব ও লগত থাকিব । ঘৰৰ জিঅ' ট্ৰেকিং পুনৰ হ'ব । এবাৰ যিহেতু জিঅ' টেকিং হৈ গ'ল । গতিকে কাৰোবাৰ পকী ঘৰ আছে নে নাই চেটেলাইটৰ যোগে চাব পাৰিম ।"

Minister Ranjit Kumar Das regarding the 'vote theft' allegation in Nalbari
১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য (ETV Bharat Assam)
Minister Ranjit Kumar Das regarding the 'vote theft' allegation in Nalbari
৫০ ৰো অধিক যুৱতীয়ে অংশগ্ৰহণ কৰিব নলবাৰীৰ পৰা (ETV Bharat Assam)

পঞ্চায়তৰ সভাপতিসকলক দুৰ্নীতি নকৰিবলৈ কঠোৰ সকীয়নি দি মন্ত্ৰী দাসে কয়, "যিহেতু পূৰ্বৰ পঞ্চায়ত বিভাগৰ যিটো বদনাম আছিল, এতিয়া নাই । ৮০ শতাংশই এই বদনামৰ পৰা মুক্ত হৈছোঁ । পঞ্চায়ত প্ৰতিনিধিসকলক আগতে এশ দিনৰ কাম কৰিবলৈ দিয়া হৈছিল । এতিয়া নতুন আইনৰ জৰিয়তে সদায় কামত নিয়োজিত কৰিব পাৰো তাৰ উদ্দেশ্যে জনোৱা হৈছে ।"

Minister Ranjit Kumar Das regarding the 'vote theft' allegation in Nalbari
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত আৰম্ভ হয় আখৰা (ETV Bharat Assam)
Minister Ranjit Kumar Das regarding the 'vote theft' allegation in Nalbari
বাগুৰুম্বা নৃত্যৰ আখৰা (ETV Bharat Assam)

আনহাতে আজি নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হয় বাগুৰুম্বাৰ আখৰা । ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বড়োসকলৰ লোকনৃত্য বাগুৰুম্বা পৰিৱেশন কৰা হ'ব । নলবাৰীত অনুষ্ঠিত এই আখৰাস্থলীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । সৰুসজাইত অনুষ্ঠিত হ'ব লগা উক্ত অনুষ্ঠানত ১৫০ ৰো অধিক যুৱতীয়ে অংশগ্ৰহণ কৰিব নলবাৰীৰ পৰা ।

লগতে পঢ়ক: কংগ্ৰেছে এটা নহ'বলগীয়া বিষয়ক ইছ্যু বনাই দেশখনত অশান্তিৰ সৃষ্টি কৰিছে: পীযুষ হাজৰীকা

বিধায়ক হোৱাৰ সপোন দেখি বাৰে বাৰে থমকিছে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা