গৌৰৱ গগৈৰ 'হু ইজ হিমন্ত বিশ্ব শৰ্মা'ৰ উত্তৰ দিলে পীযুষ হাজৰীকাই
নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ বাকযুদ্ধইও গতি লাভ কৰিছে । এইবাৰ গৌৰৱ গগৈক আক্ৰমণ পীযুষ হাজৰীকাৰ ।

Published : January 25, 2026 at 3:48 PM IST
গুৱাহাটী : নাম নোলোৱাকৈ গৌৰৱ গগৈক এইবাৰ আক্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক 'হু ইজ হিমন্ত বিশ্ব শৰ্মা' বুলি আক্ৰমণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
মন্ত্ৰীগৰাকীয়ে কয়, "তেওঁ অসমৰ মুখ্যমন্ত্ৰী । ৫ বাৰ নিৰ্বাচন জিকিছে । ১৯ বছৰ মন্ত্ৰী আছিল । ৫ বছৰ মুখ্যমন্ত্ৰী হৈছে । তেওঁ কটনৰ তিনিবাৰ সাধাৰণ সম্পাদক আছিল । অসমীয়া শুদ্ধকৈ ক'ব জানে । হিমন্ত বিশ্ব শৰ্মা ৰাজপুত্ৰ নহয় । পেৰাচুট লেণ্ডিং নহয় । হিমন্ত বিশ্ব শৰ্মা কোন ৰাইজে জানে ।"
তেওঁ লগতে কয়, "যিয়ে এইবিলাক কথা কৈছে তেখেতৰ পৰিয়ালৰ কেইজন সদস্য বিদেশী আকৌ এবাৰ ৰাজহুৱাকৈ কওঁক । হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ এজনো ব্যক্তি বিদেশী নহয়, কাৰো সম্পৰ্ক পাকিস্তানৰ আই এছ আইৰ লগত নাই । গতিকে যিয়ে এইবিলাক কথা কৈছে তেওঁ অসমীয়া ভাষাটো শিকক । তেখেতে প্ৰথম তেখেতৰ পৰিয়ালক ভাৰতীয় কৰক, পাকিস্তানৰ লগত সম্পৰ্ক নাইকীয়া কৰক আৰু তেখেতে যিদিনা সংসদত ভাৰতক গালি পাৰে সেইদিনা যাতে পাকিস্তান বা বাংলাদেশত তেখেতক গ্ল'ৰিফাই কৰি টক শ্ব' নহয় তাৰ ব্যৱস্থা কৰক ।"
উল্লেখ্য যে গুৱাহাটী ইলেকট্ৰিকেল মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ উদ্যোগত গুৱাহাটীৰ আঠগাঁৱৰ গোশালাৰ বৃন্দাবন গাৰ্ডেনত শনিবাৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ইলেক্ট্ৰ'ফেষ্ট । আনুষ্ঠানিকভাৱে ইলেক্ট্ৰ'ফেষ্ট উদ্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈক লক্ষ্য কৰি লয় । লগতে ইলেকট্ৰিকেল মাৰ্চেণ্ট এছ'চিয়েশ্যনকো বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰে ।
লগতে পঢ়ক :তৰুণ গগৈক পিঠিত, সোণোৱালক বুকুত ডেগাৰ মাৰিছে হিমন্তই : গৌৰৱ গগৈ

