ETV Bharat / politics

আপোনাক অনুৰোধ কৰিছোঁ... ল'ৰা-ছোৱালীকেইটাক পুনৰ হিন্দু ধৰ্মলৈ আনক: গৌৰৱ গগৈলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য, ছোনিয়া গান্ধীয়ে ইটালিয়ান নাগৰিকত্ব এৰি ভাৰতীয় হ'ল । পাৰিলে গৌৰৱ গগৈয়ে নিজৰ পত্নীকো ভাৰতীয় নাগৰিকত্ব দিয়াওক ।

Gaurav Gogoi family foreigner issue
গোৱালপাৰাত গৌৰৱ গগৈৰ পৰিয়ালৰ বিদেশী বিষয়ক লৈ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 9, 2026 at 6:53 PM IST

3 Min Read
Choose ETV Bharat

গোৱালপাৰা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সম্বোধন কৰা সংবাদমেলক গৌৰৱ গগৈয়ে ফ্লপ শ্ব' বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "গৌৰৱ গগৈৰ ল'ৰা-ছোৱালীৰ ধৰ্মক কিয় বদলাই দিলে । তৰুণ গগৈৰ নাতি আজি এজনো হিন্দু নহয় । গৌৰৱ গগৈয়ে এখন চিঠি লিখি ক'লে যে তেখেত এতিয়া আৰু হিন্দু নহয় । এটা পৰিয়ালৰ চাৰিজন সদস্য, কিন্তু ইয়াৰে তিনিজনেই বিদেশী । তিনিগৰাকী হিন্দু নহয় । এজন হিন্দু আৰু এজন ভাৰতীয় । তেখেতে নিজৰ পৰিয়ালৰ মাজতে সংখ্যালঘু ।"

তেওঁ লগতে কয়, "তেনে ব্যক্তি এজনে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দিবা-স্বপ্ন দেখে । যিগৰাকী ব্যক্তি কংগ্ৰেছ দলৰ লোকসভাৰ ডিপুটী লিডাৰ, যিগৰাকী ব্যক্তিৰ পৰিয়ালৰ তিনিগৰাকীয়েই ৰাষ্ট্ৰীয় পতাকাক চেলুট দিব নালাগে । ভাৰতীয় ৰাষ্ট্ৰীয় গান গোৱাৰ সময়ত উঠি দিব নালাগে । আমি ভাৰতীয়সকলে ৰাষ্ট্ৰীয় গান শুনাৰ লগে লগে উঠি দিওঁ, ৰাষ্ট্ৰীয় পতাকা দেখিলে আমি চেলুট দিওঁ । কিন্তু বিদেশী এজনে চেলুট দিব নালাগে । বিদেশী এজনে ৰাষ্ট্ৰীয় গান গালেও উঠি দিব নালাগে ৷"

গোৱালপাৰাত গৌৰৱ গগৈৰ পৰিয়ালৰ বিদেশী বিষয়ক লৈ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

মন্ত্ৰী পীযুষ হাজৰীকাই লগতে কয়, "গৌৰৱ গগৈয়ে যদি কেতিয়াবা ৰাষ্ট্ৰীয় পতাকাক চেলুট কৰে, তেখেতৰ পৰিয়ালৰ এজনো চেলুট কৰিবলৈ বাধ্য নহয় আৰু ৰাষ্ট্ৰীয় গান গোৱাৰ সময়তো থিয় হ'বলৈ বাধ্য নহয় । এয়া অত্যন্ত দুখজনক ঘটনা । আজি যদি তৰুণ গগৈ জীয়াই থাকিলেহেঁতেন তেখেতেও অত্যন্ত দুখ পালে হয় ।"

গৌৰৱ গগৈক কটাক্ষ কৰি তেওঁ লগতে কয়, "গৌৰৱ গগৈ ডাঙৰীয়া এতিয়াও সময় আছে, আপোনাক অনুৰোধ কৰিছোঁ, যেনেকৈ আপোনাৰ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে ইটালিয়ান নাগৰিকত্ব এৰি ভাৰতীয় নাগৰিকত্ব ল'লে, পাৰিলে আপোনাৰ পত্নীকো ভাৰতীয় নাগৰিকত্ব দিয়ক । ল'ৰা-ছোৱালীকেইটাক পুনৰ হিন্দু ধৰ্মলৈ লৈ আহক । নিজৰ ল'ৰা আৰু ছোৱালীৰ পাছপোৰ্টত খ্ৰীষ্টান উল্লেখ আছে, যদি পাৰে ল'ৰা-ছোৱালী দুটাক ভাৰতীয় পৰম্পৰা শিকাওক, আপুনি পাৰিলে ভাৰতীয় পৰম্পৰাক সন্মান কৰক, অসমৰ পৰম্পৰাক সন্মান কৰক, আহোম পৰম্পৰাক সন্মান কৰিবলৈ শিকক ।"

উল্লেখ্য যে সোমবাৰে গোৱালপাৰাত উপস্থিত হয় অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা । গোৱালপাৰা চহৰৰ দুৰ্গামন্দিৰস্থিত বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই দলীয় কৰ্মীৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে মত বিনিময় কৰে । দলীয় কৰ্মীৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ সন্দৰ্ভত উক্ত মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক :গৌৰৱ গগৈয়ে গোচৰ তৰিলে মুখ্যমন্ত্ৰীয়েও তৰিব গৌৰৱৰ বিৰুদ্ধে গোচৰ
লগতে পঢ়ক :৪ দিনত মুখ্যমন্ত্ৰীৰ দখলৰ ৪০০০ বিঘা ভূমি চিনাক্ত কৰিলে গৌৰৱ গগৈয়ে