গৌৰৱ গগৈয়ে আই এছ আইক লগ কৰিছিলনে নাই স্পষ্টকৈ কোৱা নাই কিয় ? এইবাৰ প্ৰশ্ন পবিত্ৰ মাৰ্ঘেৰিটাৰ
কেৱল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হোৱাৰ সুযোগ লৈ গৌৰৱ গগৈয়ে পাকিস্তানত আছিল !

Published : February 9, 2026 at 8:46 PM IST
যোৰহাট: সাংসদ গৌৰৱ গগৈক প্ৰত্য়াহ্বান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ । গৌৰৱ গগৈয়ে নিজকে দেশৰ প্ৰধানমন্ত্ৰীৰ লগত তুলনা কৰাত কটাক্ষ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রীগৰাকীৰ ।
মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই সোমবাৰে গৌৰৱ গগৈক সমালোচনা কৰি কয়, "সাংসদ গৌৰৱ গগৈ তথা কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নিজৰ পাকিস্তান ভ্ৰমণ কাৰ্যসূচী দেশৰ প্ৰধানমন্ত্ৰী অথবা কোনো কূটনীতিবিদৰ, দেশীয় খেলুৱৈৰ বিদেশ ভ্ৰমণৰ লগত তুলনা কৰিছে । সেই কথাত সকলোকে পতিয়ন নিয়াব বিচাৰিছে কংগ্ৰেছ দলে; কিন্তু ই অতি পৰিতাপৰ বিষয় । যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনো বিদেশ, ৰাষ্ট্ৰ ভ্ৰমণ কৰে সেই সময়ত তেওঁৰ ভ্ৰমণৰ সমগ্ৰ তথ্য দেশ তথা বিশ্ববাসীয়ে জানে সামাজিক মাধ্যমৰ জৰিয়তে; কিন্তু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ দহদিন ধৰি পাকিস্তানত থাকি আহিল, সেই তথ্য কিন্তু কোনো মাধ্যমেই গম নাপালে ।"
"তেওঁ নিজকে দেশৰ প্ৰধানমন্ত্ৰীৰ লগত তুলনা কৰিছে । যিসময়ত তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল, সেই সময়ত তেওঁ সাংসদ হিচাপেও নাছিল । আছিল কেৱল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ আৰু সেই সুযোগ লৈ তেওঁ পাকিস্তানত আছিল ।"এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে ।
সোমবাৰে যোৰহাট আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে লগতে কয়, "গৌৰৱ গগৈয়ে নিজকে সনাতনী ধৰ্মৰ প্ৰচাৰক হিচাপে উপস্থাপন কৰিব বিচাৰে । ভিন্ন সত্ৰ, নামঘৰ তেওঁ ভ্ৰমণ কৰিছে; কিন্তু ই আজিৰ তাৰিখত কেতিয়াও গ্রহণযোগ্য নহয় । কিয়নো তেওঁৰ পৰিয়ালৰ অধিক সংখ্যকেই বেলেগ ধৰ্ম লৈছে আৰু দেশৰ নাগৰিকত্ব নাই । এনে সময়ত তেওঁ সত্ৰ, নামঘৰ ভ্ৰমণ কৰিও ৰাইজৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।"

আজি গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰিছে আৰু সেই সংবাদমেলত তেওঁ কোনো সঠিক তথ্য ৰাইজক দিব পৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয়, "গৌৰৱ গগৈয়ে কেৱল চালে-বেৰে কোবাই উত্তৰ দিছে সংবাদমেলত । তেওঁ দহ দিন পাকিস্তানত কি কৰিছিল তাৰ কোনো সঠিক উত্তৰ দিব পৰা নাই । ইয়াৰ বিপৰীতে তেওঁ কৈছে যে তেওঁ পাকিস্তানত পত্নীয়ে ক'ত বজাৰ কৰিছিল, ক'ত ফুৰিছিল আদি চাবলৈ গৈছিল; কিন্তু সেয়াই যথেষ্ট নেকি ? ইমান সৰু কাম এটাৰ বাবে তেওঁক দহ দিন প্ৰয়োজন হ'ল । তথ্য অনুসৰি গৌৰৱ গগৈৰ ভিছা আছিল পাকিস্তানৰ তিনিখন স্থানৰ বাবে; কিন্তু ইয়াৰ উপৰি তেওঁ তক্ষশীলা ভ্ৰমণ কৰিছিল যিখন অৱস্থিত ৰাৱালপিণ্ডিত । তেওঁ উল্লেখ কৰা সকলো তথ্য বিভ্ৰান্তিকৰ আৰু এই সকলো সন্দৰ্ভত গৌৰৱ গগৈয়ে শুদ্ধ উত্তৰ দিয়া উচিত ।"
"ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰিব লাগে দহ দিন তেওঁ কি কৰিছিল আৰু লগতে পাকিস্তানৰ অন্যান্য স্থান ভ্ৰমণৰ অনুমতি কাৰ পৰা লাভ কৰিছিল। যি সময়ত গৌৰৱ গগৈৰ পত্নীৰ স্থানান্তৰ দেশলৈ হৈছিল তাৰ পাছৰ পৰা তেওঁ ভাৰতত আছিল আৰু তাৰ পাছত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল । এই উত্তৰ সকলো অসমবাসীয়ে বিচাৰিছে । দেশৰ প্ৰধানমন্ত্ৰী হওক অথবা কোনো বিশেষ মন্ত্রী বিদেশ ভ্ৰমণৰ তথ্য সঠিক সময়ত সামাজিক মাধ্যম জৰিয়তে ৰাইজে জানিব পাৰে; কিন্তু অতি পৰিতাপৰ বিষয় যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ আগদিনা পৰ্যন্ত তেওঁ সামাজিক মাধমত সক্ৰিয় হৈ আছিল । তাৰ পাছৰ দহ দিন তেওঁ অন্ধকাৰত আছিল । তাৰ পাছত তেওঁ পুনৰ সক্ৰিয় হৈ পৰিছিল সামাজিক মাধ্যমত । ইয়াৰ তথ্য তেওঁ ৰাজহুৱা কৰক ।" এইদৰে কয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

