ETV Bharat / politics

নিৰ্বাচন আহিলে লিলি পাৰ্টীৰ সন্মিলন হয়েই : পবিত্ৰ মাৰ্ঘেৰিটা

কাক লিলি পাৰ্টী আখ্য়া কেন্দ্ৰীয় মন্ত্ৰীৰ ? ব্য়াখ্য়া কৰিলে কিয় বিৰোধী ঐক্য় হয় ।

Pabitra Margherita slams opposition alliance (file photo)
বিৰোধী ঐক্য়ক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 9:22 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : ৰাজ্য়ত প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল তথা নেতা ঐক্যবদ্ধ হোৱা প্ৰসংগত পুনৰ সৰৱ হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । এইবাৰ বিৰোধী ঐক্য়মঞ্চক লিলি পাৰ্টী আখ্য়া দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেৱল সেয়াই নহয়, বিৰোধী নেতাৰ এই মিত্ৰতাক সন্মিলনী বুলিও কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্য়েষ্ঠ নেতাগৰাকীৰ ।

মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ৰাজ্য়সভাৰ সাংসদ অজিত কুমাৰ ভূঞাকো তীব্ৰ সমালোচনা কৰি তেওঁলোকৰ নিৰ্বাচনত পৰাজয়ৰ কাৰণ কৰিলে ব্য়াখ্য়া । সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত মৰিয়নীত কংগ্ৰেছসহ বিভিন্ন দল-সংগঠনৰ শতাধিক লোকে বিজেপি দলত যোগদান কৰে । এই যোগদান কাৰ্যসূচীৰ পিচতেই সাংবাদিকৰ আগত মন্ত্ৰী মাৰ্ঘেৰিটাই বিৰোধীক এনেদৰে সমালোচনা কৰিলে ।

বিৰোধী ঐক্য়ক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ (ETV Bharat Assam)

নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী ঐক্যবদ্ধ হোৱা প্ৰসংগত তেওঁ কয়, "বিৰোধীৰ ঐক্যমঞ্চ নতুন নহয় । তেখেতসকলৰ এই সন্মিলনীয়ে আমি প্ৰত্যেক নিৰ্বাচনৰ আগতেই লিলি হোটেলত গোট খোৱা দেখিছো বা গোট খায় । এইবাৰ যেনিবা তেওঁলোকে লাজ পোৱা কাৰণে লিলি হোটেলৰ পৰিৱৰ্তে অন্যস্থানত গোট খাইছে । তেওঁলোকক লিলি পাৰ্টী বুলি কোৱা হয় । তেওঁলোক কোনো নতুন নহয় ।"

লিলি পাৰ্টীক ৰাইজে প্ৰত্য়াখ্য়ান কৰি আহিছে :

"পৰিষদীয় নিৰ্বাচন, লোকসভা, বিধানসভা আদি নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ, অখিল গগৈ, অজিত ভূঞা আৰু দুজনমান কমিউনিষ্ট পাৰ্টীৰ নেতাই সদায় গোট খায়,সেয়া নতুন কথা নহয় । লিলি পাৰ্টীৰ সন্মিলনী সদায় হৈ আহিছে । সদায় তেওঁলোকক ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু ভৱিষ্যতেও কৰিব । আমি পঞ্চায়ত নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত অভাৱনীয় সফলতা লাভ কৰিছো ।" তেওঁ এইদৰে কয় ।

BJP joining meeting Moriani
মৰিয়নীত বিজেপিৰ যোগদান সভা (ETV Bharat Assam)

দোষীয়ে কঠোৰতম শাস্তি পাওক :

আনহাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগতো মন্তব্য় কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । SIT ৰ ওপৰত সম্পূৰ্ণ আস্থা থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "মই এটাও মাতমতা নাই এইকাৰণে কিয়নো সুন্দৰভাৱে SIT-এ তদন্ত প্ৰক্ৰিয়া চলাই আছে । এগৰাকী ন্যায়াধীশৰ অধীনত ন্যায়িক আয়োগ গঠন হৈছে আৰু তাত ইতিমধ্যে বহু লোকে তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰিছে । ইমান সুন্দৰভাৱে তদন্ত প্ৰক্ৰিয়া চলি আছে । মোৰ লগতে সকলো অসমবাসীয়ে বিচাৰে জুবিনৰ ৰহস্যজনক মৃত্যুৰ সত্য উন্মোচিত হওক,দোষীয়ে কঠোৰতম শাস্তিৰ মুখামুখি হওক, তাত কোনো কংগ্ৰেছ, বিজেপি,অগপ নাই, কোনো জাতি, বৰ্ণ, ধৰ্ম নাই । প্ৰত্যকজন অসমীয়াই বিচাৰে । আমি এতিয়া ন্যায়পালিকাৰ শেষ সিদ্ধান্তৰ বাবে অপেক্ষাত আছো ।"

লগতে পঢ়ক:নাৰ্ভাছ হৈ স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে : পবিত্ৰ মাৰ্ঘেৰিটা

বিজেপিক খেদিবলৈ ঐক্যবদ্ধ হ'ল বিৰোধী