ETV Bharat / politics

বিহাৰৰ নিৰ্বাচন, 'কবি খেতি' আৰু অশোক সিংহল: দেশজুৰি তুমুল বিতৰ্ক

বিজেপি নেতাগৰাকীক তীব্ৰ আক্ৰমণ কৰি গৌৰৱ গগৈয়ে এই পোষ্টটোক 'অশ্লীল আৰু লজ্জাজনক' বুলি অভিহিত কৰে ।

ASHOK SINGHAL GOBI FARMING POST
মন্ত্ৰী অশোক সিংহল (ফাইল ফটো) (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 5:20 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : বিহাৰৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলক লৈ সামাজিক মাধ্যমত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে কৰা এক মন্তব্যক লৈ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । শুকুৰবাৰে বিহাৰ নিৰ্বাচনৰ ভোটগণনা আগবঢ়াৰ লগে লগে এন ডি এৰ বৃহৎ জয়ৰ সম্ভাৱনা প্ৰকট হোৱাৰ লগে লগে অশোক সিংহলে 'কবি খেতি' শীৰ্ষক এটা পোষ্ট দি এন ডি এৰ বিজয় উদযাপন কৰে ।

এই পোষ্টটোৱেই এতিয়া দেশজুৰি বিতৰ্কৰ ঢৌ তুলিছে । কিয়নো এই পোষ্টটোৰ বিষয়বস্তু হৈছে ১৯৮৯ চনৰ ভাগলপুৰত হোৱা এক ভয়ানক হত্যাকাণ্ডৰ স্মৃতি । এই ঘটনাত বহু মুছলমান লোকে প্ৰাণ হেৰুৱাইছিল । অশোক সিংহলৰ পোষ্টটোৰ পিছত বহু ইউজাৰে ছ'চিয়েল মিডিয়াত অভিযোগ কৰিছে যে এই ফটোখন ১৯৮৯ চনত বিহাৰৰ ভাগলপুৰত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ সময়ত সংঘটিত 'কবি খেতি কাণ্ড' বা লোগেইন হত্যাকাণ্ডৰ সৈতে জড়িত । খবৰ অনুসৰি, ভাগলপুৰ জিলাৰ গোৰাদিহ ব্লকৰ এখন গাঁও লোগেইনত ১১০ জনতকৈ অধিক মুছলমান লোক এই সংঘৰ্ষত নিহত হৈছিল আৰু মৃতদেহ পুতি থোৱা ঠাইত ফুলকবি ৰোপণ কৰা হৈছিল ।

ইফালে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে নিজৰ X পোষ্টটোত ৰহস্যময় ফুলকবি খেতিৰ ছবিৰে সৈতে লিখিছে, "বিহাৰে কবি খেতিৰ অনুমোদন দিছে" (Bihar approves Gobi farming) ।

আনহাতে, তেওঁৰ প্ৰাৰম্ভিক পোষ্টটোৰ কেইঘণ্টামান পিছতে মন্ত্ৰী অশোক সিংহলে বিহাৰৰ বৃহৎ বিজয়ৰ ডিজাইন কৰাৰ বাবে কৃতিত্ব প্ৰদানৰ লগতে ইয়াৰ কেইবাটা কাৰণো উল্লেখ কৰে । ইয়াৰে ভিতৰত এটা আছিল ছ’চিয়েল ইঞ্জিনিয়াৰিং আৰু সাংস্কৃতিক প্ৰসাৰ ।

অশোক সিংহলে কয়, "মাননীয় গৃহ মন্ত্ৰী অমিত শ্বাহজীয়ে সম্প্ৰদায়ৰ প্ৰচাৰ, নাৰী শক্তি আৰু যুৱ শক্তিৰ সবলীকৰণ আৰু শক্তিশালী সাংস্কৃতিক ব্যাখ্যাৰ জৰিয়তে এন ডি এৰ সামাজিক ভিত্তি সম্প্ৰসাৰণ কৰিছিল ।"

কিন্তু বিহাৰৰ জয়ৰ কাৰণ হিচাপে তেওঁ কৃতিত্ব দিয়া সিংহলৰ প্ৰাৰম্ভিক পোষ্টটো 'সাংস্কৃতিক প্ৰসাৰ'ৰ সৈতে স্ববিৰোধী যেন ধাৰণা হয় । ইফালে এই পোষ্টটোক লৈ একাংশৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু বিজেপি নেতাগৰাকীক ইয়াৰ বাবে সমালোচনা কৰাৰ সময়তো তেওঁ পোষ্টটো ডিলিট কৰা নাই বা ইয়াৰ ভাষাৰো কোনো সলনি কৰা নাই ।

গৌৰৱ গগৈৰ আক্ৰমণ

ইয়াৰ মাজতে অশোক সিংহলৰ এই বিতৰ্কিত পোষ্টটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে । বিজেপি নেতাগৰাকীক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে এই পোষ্টটোক 'অশ্লীল আৰু লজ্জাজনক' বুলি অভিহিত কৰে ।

মন্ত্ৰী অশোক সিংহলক তীব্ৰ আক্ৰমণ কৰি গৌৰৱ গগৈয়ে X পোষ্ট লিখিছে, "বিহাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত অসমৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ 'কবি খেতি'ৰ চিত্ৰকল্প ব্যৱহাৰে ৰাজনৈতিক ক্ষেত্ৰত এক চাঞ্চল্যকৰ নতুন নিম্ন স্তৰৰ ৰাজনীতি সংযোগ কৰিছে । ই অশ্লীল আৰু লজ্জাজনক দুয়োটায়ে । এই ছবি ১৯৮৯ চনৰ লোগেইন হত্যাকাণ্ডৰ সৈতে বহুলভাৱে জড়িত, য'ত ভাগলপুৰ হিংসাৰ সময়ত ১১০ জন মুছলমানক হত্যা কৰা হৈছিল আৰু তেওঁলোকৰ মৃতদেহ ফুলকবি খেতিৰ তলত লুকুৱাই ৰখা হৈছিল ।"

গৌৰৱ গগৈয়ে লগতে কয়, "এনেধৰণৰ এক দুখজনক ঘটনাক এনেদৰে উপস্থাপন কৰাটোৱে দেখুৱাইছে যে কেনেদৰে কিছু ব্যক্তিয়ে জনজীৱনত ইমান তললৈ নামিবলৈ আগবাঢ়িছে । এই মানসিকতাক প্ৰচাৰ কৰিছে তেওঁৰে গুৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ভাৰতীয় সংখ্যালঘুৰ প্ৰতি মুখ্যমন্ত্ৰীৰ ঘৃণা আছে । কিন্তু অসম যেনেকুৱা তাত এইটো নহয় । অসম মহাপুৰুষ শংকৰদেৱ, লাচিত বৰফুকন আৰু আজান পীৰৰ ভূমি । অহা বছৰ অসমৰ জনসাধাৰণে ঘৃণা আৰু লোভৰ অপশাসনৰ অন্ত পেলাব ।"

ৰাষ্ট্ৰীয় স্তৰতো তীব্ৰ প্ৰতিক্ৰিয়া

আনহাতে, মন্ত্ৰী অশোক সিংহলৰ এই পোষ্টটোৱে ৰাষ্ট্ৰীয় স্তৰতো সমালোচনাৰ ঢৌ তুলিছে । বিহাৰৰ কিষাণগঞ্জৰ কংগ্ৰেছ সাংসদ ডঃ মহম্মদ জাভেদেও বিজেপিক তীব্ৰ সমালোচনা কৰি কয়, "বিজেপি-আৰ এছ এছৰ কেডাৰে তেওঁলোকৰ কট্টৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ এটাই পন্থা আছে! সেয়া হৈছে মুছলমানক ঘৃণা ।"

ইফালে, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েয়ে এই পোষ্টটোক হিংসাৰ বাবে প্ৰৰোচনা বুলি অভিহিত কৰি নিজৰ X পোষ্টত কয়, "এয়া সাম্প্ৰদায়িক হত্যাৰ প্ৰৰোচনা । মহাশয়, আপুনি মোৰ হৈ বা সিংহভাগ ভাৰতীয়ৰ বাবে কথা নক'ব । আপুনি আপোনাৰ সাংবিধানিক শপতক উলংঘা কৰিছে আৰু আপুনি গ্ৰহণ কৰি থকা উচ্চ পদবীটোৰ বাবে অযোগ্য ।"

ইয়াৰ উপৰি তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেট গোখলেয়েও এই পোষ্টটোক তীব্ৰ সমালোচনা কৰে । তেওঁ কয়, "কবি খেতি বুলিলে ১৯৮৯ চনত বিহাৰৰ ভাগলপুৰত মুছলমানক কৰা গণহত্যাক উল্লেখ কৰাটো বুজোৱা হয় । প্ৰমাণ লুকুৱাবলৈ কবৰৰ ওপৰত ফুলকবিৰ খেতি কৰা হৈছিল । এইজন হৈছে মোদীৰ অসমৰ বিজেপি মন্ত্ৰী । তেওঁ কোনো এলা-পেচা লোক নহয় ।"

লগতে পঢ়ক :অশোক সিংহলৰ 'কবি খেতি' সম্পৰ্কীয় পোষ্টক লৈ শশী থাৰুৰৰ প্ৰতিক্ৰিয়া