সমষ্টি উন্নয়নৰ কাম কৰিব লগা আছে, ৰাজ্যসভালৈ যোৱাৰ আগ্ৰহ নাইঃ মন্ত্ৰী যোগেন মহন
ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ । ৫ মাৰ্চত ৰাজ্যসভাৰ মনোনয়ন পত্র দাখিলৰ অন্তিমটো দিন ৷ ১৬ মাৰ্চত ৰাজ্যসভাৰ নির্বাচন ৷

Published : March 3, 2026 at 1:36 PM IST
মৰাণ : বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনলৈ তৎপৰ হৈছে বিজেপি । অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই। বিজেপিৰ ৬ গৰাকী নেতাৰ নামত মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে দলটোৱে ।
এই পৰ্যন্ত দলটোৰ হৈ মনোনয়ন সংগ্রহ কৰিছে ৰামেশ্বৰ তেলী, যোগেন মহন, তেৰছ গোৱালা, তপন গগৈ, পুলক গোহাঁই আৰু দীপ্লুৰঞ্জন শৰ্মাই । লগতে, ইউ পিপিএলৰ মুৰব্বী প্রমোদ বড়োৰ নামতো মনোনয়ন পত্ৰ সংগ্রহ কৰিছে । কিয়নো ৫ মাৰ্চত ৰাজ্যসভাৰ মনোনয়ন পত্র দাখিলৰ অন্তিমটো দিন । অহা ১৬ মাৰ্চত অসমৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নির্বাচন । মন্ত্ৰী যোগেন মহনৰ নামত মনোনয়ন পত্ৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বই সংগ্ৰহ কৰা পাছত সমগ্ৰ বিষয়টোক লৈ ব্যাপক চৰ্চিত হৈছে ।
ৰাজ্যিক বিজেপিৰ নেতৃত্বই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে যদিও ৰাজ্যসভালৈ যোৱাৰ ইচ্ছা নাই যোগেন মহনৰ । সমষ্টিটোত বহু উন্নয়ন কৰিবলৈ আছে । তেনেস্থলত ৰাজ্যসভালৈ যোৱাৰ ইচ্ছা নাই বুলি ইতিমধ্যে দলৰ নেতৃত্বক জনোৱা বুলি কয় মন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী মহনে কয়, "আমাৰ ৰাজ্যসভাৰ ছীট তিনিটা । ছজনৰ বাবে মনোনয়য় পত্ৰ লৈছে । গতিকে এইটো চিন্তা কৰিব লগা বিষয় নহয় । ৰাজ্যিক সভাপতি আছে,মুখ্যমন্ত্ৰী আছে, তেওঁলোকে বিবেচনা কৰি মনোনয়ন পত্ৰ লৈছে । হাইকমাণ্ডৰ পৰা চূড়ান্ত হৈ নাম অহাৰ লগে লগে দিল্লীৰ পৰা নাম আহিব । সদ্যহতে মই ৰাজ্যসভাৰ বাবে আগ্ৰহী নহয় ।"
মন্ত্ৰী মহনে পুনৰ কয়, "সমষ্টিবাসী ৰাইজৰ লগতে থকাটোৱেই মই বেছি গুৰুত্ব দিছো । মই হাইকমাণ্ডকো কৈছো যে সমষ্টিত ৰাইজৰ বহু কাম কৰিবলৈ বাকী আছে, সমষ্টিত থাকিবলৈ পালে ভাল হয় । আজি চূড়ান্ত হ'ব কোন দুজন প্ৰাৰ্থীয়ে মনোনয়ন দিব । গতিকে এই ক্ষেত্ৰত মোৰ বিশেষ মন্তব্য দিবলগা নাই । দলে য'ত বহুৱাই সেইটো দলৰ কথা । মই কৈছো সমষ্টিত কাম কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰিবহে বিচিৰো ।"

