গৌৰৱ গগৈক কটাক্ষ ! মন্ত্ৰী বিমল বড়াই কংগ্ৰেছলৈ আগবঢ়ালে ৫ টা সংকল্প
প্ৰধামমন্ত্ৰীৰ আবাসৰ মাত্ৰ চাৰিটা খুটাহে পাব ৰাইজে । উজনি অসমলৈ গ'লে কোনে জাতীয়তাবাদৰ মুখা পিন্ধে ?

Published : January 2, 2026 at 7:54 PM IST
গুৱাহাটী: প্ৰদেশ কংগ্ৰেছৰ পাঁচ সংকল্পৰ বিপৰীতে এইবাৰ মন্ত্ৰী বিমল বড়াই ব্য়াখ্য়া কৰিলে কংগ্ৰেছৰ পাঁচ সংকল্প আচলতে কি ? বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বৰঅসম গঢ়াৰ পৰিকল্পনাৰে ৫ টা সংকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী বড়াই কংগ্ৰেছে কেনেদৰে প্ৰাৰম্ভিক পৰ্যায়তেই দুৰ্নীতিৰ শিপা আৰম্ভ কৰিছে সেয়া ব্য়াখ্য়া কৰিলে ।
এই সংকল্পৰ অংশ হিচাপে গগৈয়ে অসমৰ অৰ্থনৈতিক সমবিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি সমবিকাশ আৰু গ্ৰাম্য উন্নয়নৰ স্বাৰ্থক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰিছিল । কংগ্ৰেছৰ এই ৫ টা সংকল্পৰ সমালোচনা কৰি মন্ত্ৰী বিমল বড়াই কংগ্ৰেছলৈ আগবঢ়াইছে ৫ টা সংকল্প ।
প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ মাত্ৰ চাৰিটা খুটাহে পাব ৰাইজে :
মন্ত্ৰী বড়াই কয়, "প্ৰথমটো হ'ল অনলাইনেৰে পইচা লোৱা । দ্বিতীয়তে, এ পি এছ চিত ৰাকেশ পালৰ দৰে লোকক নিযুক্তি দিব । তৃতীয় হ'ল এই ডেৰ লাখ ল'ৰা-ছোৱালীয়ে যে বিনামূলীয়াকৈ চাকৰি পাইছিল তাৰ পৰিৱৰ্তে আকৌ বজাৰ খুলিব । নিবনুৱা ল'ৰা-ছোৱালীৰ চাকৰিৰ বাবে আৰু ৫০ লাখ টকা গোটাব লাগিব । চতুৰ্থটো হ'ল প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ মাত্ৰ চাৰিটা খুটাহে পাব জনসাধাৰণে, চালখন সভাপতিয়ে খাব, ফ্লোৰখন পঞ্চায়তৰ সম্পাদকে খাব, দেৱালকেইখন তেওঁলোকৰ ৱাৰ্ড মেম্বাৰে খাব । হিতাধিকাৰীয়ে মাত্ৰ খুটাকেইটা পাব । পঞ্চমটো মই এতিয়া ক'ব পৰা নাই । তেনেকুৱাই এটা হ'ব ।"
প্ৰাৰ্থীৰ পৰা অনলাইনত পইচা লোৱা আৰম্ভ কংগ্ৰেছৰ :
আনহাতে কংগ্ৰেছৰ মাচুল দি প্ৰাৰ্থিত্বৰ বাবে আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী বড়াই কয়, "ভাৰতীয় জনতা পাৰ্টী ৰাষ্ট্ৰ সমৰ্পিত দল । সেই কাৰণে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়; কিন্তু কংগ্ৰেছত তাৰ সম্পূৰ্ণ ওলোটা । কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অপশাসনৰ লিগেচী কৈ শেষ কৰিব নোৱাৰি । তেওঁলোকে নিজৰ প্ৰাৰ্থীৰ পৰা অনলাইনত পইচা লোৱা আৰম্ভ কৰিছে তেনেহ'লে নিবনুৱাই পইচা নিদিয়াকৈ কেনেকৈ চাকৰি পাব । কংগ্ৰেছৰ ট্ৰেইনিঙতে দুৰ্নীতি আৰম্ভ হৈছে । প্ৰথমে ৫০ হাজাৰ অনলাইন, পিছত চৰকাৰ আহিলে অৰুণোদয়ত অনলাইন বিচাৰিব । নিবনুৱাই চাকৰি বিচাৰি গ'লেও পইচা লোৱা আৰম্ভ কৰি দিব ।"
দলক পইচা দি বিধায়ক হ'লে....
মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "বৰ্তমান চৰকাৰে ডেৰ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিছে । তেওঁলোকৰ পিতৃ-মাতৃ স্বাভিমানেৰে থিয় হৈ আছে । মেধাৰ ভিত্তিত চাকৰি পাইছে বুলি তেওঁলোকে গৌৰৱ কৰে । যিহেতু কংগ্ৰেছে প্ৰাৰ্থীৰ পৰা পইচা লোৱাৰ আৰম্ভ কৰি দিছে সেইজন যেতিয়া বিধায়ক হ'ব তেতিয়া সকলোৰে পৰা পইচা লোৱা আৰম্ভ কৰিব । ঘৰ দিওঁতে পইচা ল'ব, আঁচনি লওতে পইচা ল'ব । চোৰে নেৰে চোৰ প্ৰবৃত্তি, মৰিলে লগতে যায় ।"
উজনি অসমত গ'লে কোনে জাতীয়তাবাদৰ মুখা পিন্ধে ?
ইফালে, কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়,"কংগ্ৰেছৰ নেগুৰত ধৰি যি দুটা দলে মিত্ৰতা কৰিবলৈ গৈ আছে তেওঁলোকৰ দুখন ছবি । এখন ৰাইজৰ আগত দেখুওৱা ছবি, আনখন ভিতৰৰ ছবি । ৰাইজৰ আগত দেখুওৱা ছবিখনক কয় জাতীয়তাবাদ । এয়াই হ'ল তেওঁলোকৰ ভণ্ড জাতীয়তাবাদ । উজনি অসমলৈ গ'লে তেওঁলোকে জাতীয়তাবাদৰ মুখা পিন্ধে । জাতীয়তাবাদ মানে অসমৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি,পৰম্পৰা লোকাচাৰ আদি ৰক্ষা কৰা; কিন্তু কংগ্ৰেছে এইবোৰ ধ্বংস কৰিছে । গতিকে সেই কংগ্ৰেছৰ লগত কেতিয়াবা জাতীয়তাবাদ হয় নেকি ?"

