নিৰ্বাচন অহা বাবে অখিল গগৈৰ মতিভ্ৰম হৈছে :ৰাইজৰ দলৰ সভাপতিক উভতি ধৰিলে অশোক সিংহলে
অখিল গগৈৰ প্ৰশ্নৰ উক্তৰ দিলে অশোক সিংহলে ।

Published : January 7, 2026 at 10:40 AM IST
ডিব্ৰুগড় : খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিচতেই বিসংগতি সন্দৰ্ভত চৰকাৰ তথা বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়ক অখিল গগৈ । বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি গগৈয়ে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী সিংহলে ।
এদিন পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংহলক ৬০টা বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনৰ দায়িত্ব প্ৰদান কৰাৰ লগতে বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তনৰ নিৰ্দেশ দিয়াৰ অভিযোগ কৰিছিল বিধায়ক অখিল গগৈয়ে । অখিল গগৈয়ে অভিযোগ উত্থাপন কৰাৰ পাছতেই নাহৰকটীয়াত বিধায়কগৰাকীক উভতি ধৰিলে মন্ত্ৰী অশোক সিংহলে ।
মন্ত্ৰী সিংহলে কয়, "অখিল গগৈয়ে কোৱাৰ দৰে ৬ লাখ নহয়, ৬টা ভোট কটাৰ ক্ষমতা মোৰ আছে নেকি ? ভোট কটাৰ কাম মোৰ নেকি ? এইবিলাক চোৱাচিতা বিএলঅ'ই কৰে । ভোটাৰৰ নাম কটা, অন্তৰ্ভুক্ত কৰা কাম বিএলঅ'ৰ হয়, মোৰ নহয় । মই বিএলঅ' নহয় । নিৰ্বাচন অহা বাবে অখিল গগৈৰ মতিভ্ৰম হৈছে"।
ৰাজ্যিক চিকিৎসালয়ৰ ভৱন উদ্বোধন :
মঙলবাৰে নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্বাস্থ্যখণ্ডত বাবে হ'ল দুটাকৈ ঐতিহাসিক সংযোজন । অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে । ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তৰংগ গগৈৰ উপস্থিতিত এই ভৱনটো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।
১ কোটি ১৬ লাখ ১৯,২৯০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত ভৱনত ২ টা এল ডি আৰ ৰুম, পর্যবেক্ষণ কক্ষ, শিশু যতন কেন্দ্র, অস্ত্রোপচাৰ কক্ষ, দুগ্ধপান কক্ষ, পৰীক্ষাগাৰ, আল্ট্রাছাউণ্ড কক্ষ, ৩ টা অ' পি ডি ৰুম, জৰুৰীকালীন ৱার্ড, নাৰ্ছৰ বাবে কক্ষ, এক্স-ৰে কক্ষ, ষ্ট'ৰ ৰুমকে ধৰি সকলো ধৰণৰ সুবিধা উপলব্ধ থাকিব ।
ডায়েলাইছিছ কেন্দ্র উদ্বোধন :
মন্ত্ৰীগৰাকীয়ে সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈৰ উপস্থিতিত নাহৰকটীয়া সমজিলা চিকিৎসালয়ত ৪ খন বিচনাৰ ডায়েলাইছিছ কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ বাবে উৎসর্গা কৰে । প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আচঁনিৰ অধীনত শুভ উদ্বোধন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে প্রতিদিনে তিনিটা পর্যায়ত ৰোগীয়ে ডায়েলাইছিছ সেৱা লাভ কৰিব পাৰিব ।

