ETV Bharat / politics

আলোচনা সভা হ'লগৈ ৰণক্ষেত্ৰ ! অগপৰ সাংসদ-বিধায়কৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি

যোৰহাটত চুতীয়া সংগঠন আৰু অগপৰ সাংসদ-বিধায়কসকলৰ মাজত অনুষ্ঠিত বৈঠকত টনা-আঁজোৰা, অশ্ৰাব্য ভাষাৰে গালি-গালাজেৰে উত্তপ্ত পৰিস্থিতি ।

Jorhat AGP meeting tense situation
আলোচনা সভা হ'লগৈ ৰণক্ষেত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 8:05 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ইতিমধ্যে মুকলি সমৰ্থন আগবঢ়াইছে অগপই । কিন্তু তাৰ মাজতে জনজাতিকৰণৰ বিষয়টোক লৈ আয়োজন কৰা আলোচনা সভা পৰিণত হ'ল ৰণক্ষেত্ৰলৈ । বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হয় যোৰহাটত । অগপৰ সাংসদ-বিধায়কৰ সন্মুখতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । অশ্ৰাব্য ভাষা, তৰ্জন-গৰ্জন তথা বাক-বিতণ্ডা এটা সময়ত হতাহতিৰ পৰ্যায়লৈও অগ্ৰসৰ হয় ।

বৃহস্পতিবাৰে যোৰহাটত চুতীয়া সংগঠন আৰু অগপৰ সাংসদ-বিধায়কসকলৰ মাজত অনুষ্ঠিত এখন বৈঠকতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । লগতে হয় টনা-আঁজোৰা, অশ্ৰাব্য ভাষাৰে গালি-গালাজ । পৰিস্থিতি এনে পৰ্যায়লৈ গতি কৰে যে অগপৰ যোৰহাট জিলা সভাপতিয়ে হাতযোৰ কৰিবলগীয়া পৰিৱেশৰো সৃষ্টি হয় ।

আলোচনা সভা হ'লগৈ ৰণক্ষেত্ৰ ! অগপৰ সাংসদ-বিধায়কৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

উল্লেখ্য যে মৰাণ, মটক, টাই আহোম, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী আৰু চুতীয়া জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আহিছে । তাৰ মাজতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগঢ়াইছে চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদে ।

Jorhat AGP meeting tense situation
আলোচনা সভা হ'লগৈ ৰণক্ষেত্ৰ (ETV Bharat Assam)

চৰকাৰৰ অংশীদাৰ দলটোৱে '২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোট হেৰুওৱাৰ ভয়ত উজনিত জনগোষ্ঠীসমূহৰ বিভিন্ন সংগঠনৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে । তাৰ মাজতে বৃহস্পতিবাৰে যোৰহাটৰ সাধনী ভৱনত অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভৱেন্দ্ৰ নাথ ভৰালী, পৃথ্বিৰাজ ৰাভা আৰু প্ৰদীপ হাজৰিকাৰ লগতে ভালেকেইজন শীৰ্ষ নেতাই চুতীয়া জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে আলোচনাত মিলিত হয় ।

কিন্তু এই আলোচনাৰ সময়তে এইসকল নেতাৰ উপস্থিতিত চুতীয়া জনগোষ্ঠীৰ আন এটা পুৰণি সংগঠন চুতীয়া যুৱ সন্মিলনৰ বিষয়বীয়াক উক্ত সভাত অৱজ্ঞা কৰাৰ অভিযোগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । এই পৰিস্থিতি প্ৰথমতে তৰ্কযুদ্ধ, তাৰ পিছত বাক-বিতণ্ডা আৰু অৱশেষত নিজৰ মাজতে টনা-আঁজোৰালৈ গতি কৰে ।

Jorhat AGP meeting tense situation
আলোচনা সভা হ'লগৈ ৰণক্ষেত্ৰ (ETV Bharat Assam)

অৱশ্যে পৰৱৰ্তী সময়ত সকলোৰে বুজনিত পৰিস্থিতি শান্ত হয় । ইয়াৰ মাজতে আকৌ উপায়ন্তৰ হৈ অগপৰ জিলা সভাপতি সৌৰভপ্ৰাণ বৰাই সাংবাদিকসকলক ওলাই যাবলৈ কৰযোৰে আহ্বান জনাবলগীয়া হয় ।

ইফালে চুতীয়া সংগঠনৰ নিজৰ মাজতে সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতি নীৰৱ দৰ্শক হিচাপে চাই থাকিবলগীয়া হয় অগপৰ সাংসদদ্বয় বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী সহিতে অগপৰ অন্যান্য শীৰ্ষ নেতাসকলে । অগপৰ নেতা মণি মাধৱ মহন্তই আঁতধৰা এই বৈঠক একাংশ চুতীয়া জনগোষ্ঠীয় লোকে আধাতে এৰি গুচি যায় ।

লগতে পঢ়ক :হাতত ধনু-কাঁড়, মুখত জনজাতি স্বীকৃতিৰ দাবীত শ্ল'গান
লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে দিয়া চাউল, দাইল, মিঠাতেল, চেনি নালাগে চাহ শ্ৰমিক ৰাইজক; জিলা আয়ুক্তক দিলে স্মাৰকপত্ৰ