ETV Bharat / politics

ভূপেন বৰাই ঘৰুৱাভাৱেহে কিবা কৈছিল মীৰা বৰঠাকুৰক !

কাজিয়া লগা নাই প্ৰদেশ কংগ্ৰেছত । ভূপেন বৰায়ো দিয়া নাছিল অশ্লীল ইংগিত । মুখ্যমন্ত্ৰীৰ অভিযোগক নস্যাৎ মীৰা বৰঠাকুৰ গোস্বামীৰ ।

Meera Borthakur react over CM's comment about the Congress rally
মুখ্যমন্ত্ৰীৰ অভিযোগক নস্যাৎ মীৰা বৰঠাকুৰ গোস্বামীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 1:44 PM IST

4 Min Read
Choose ETV Bharat

দৰং: আমাৰ একো কাজিয়া লগা নাই, আমি বন্দ্যা স্কুলত সম্পত্তি দেখুৱাই অহাৰ পিছত নিজৰ স্বামী-স্ত্ৰীৰ মাজত কি কাজিয়া লাগিছে সেইটো সোধক । আমিও শুনিছোঁ তেওঁৰ বোলে পত্নীয়ে কৈছে তোমাৰ ইমান পুলিচ থকাৰ পিছত গৌৰৱ গগৈ কেনকৈ মোৰ স্কুলৰ মুখলৈ যাব পালে ? তোমাৰ ইমান পুলিচ থকাৰ পিছত গ'ল্ডেন ট্ৰেডৰ অফিচৰ সন্মুখত কেনেকৈ গৌৰৱ গগৈ যাবলৈ পালে ? লাজ পাইছে আচলতে । জোলোঙাৰ মেকুৰী বাজ হৈছে ।- কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ।

কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই যাত্ৰাত তেওঁলোকে গ্ৰহণ কৰা খাদ্যৰ পৰা আৰম্ভ কৰি, যাত্ৰা পথত কাজিয়া হোৱা বুলিও অভিযোগ আনিছিল মুখ্য়মন্ত্ৰীগৰাকীয়ে । যাত্ৰাৰ প্ৰথম দিনাই ভূপেন বৰাই অশ্লীল ইংগিত দিয়া বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই । এই সকলোবোৰ প্ৰত্যুত্তৰ দিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ অভিযোগক নস্যাৎ মীৰা বৰঠাকুৰ গোস্বামীৰ (ETV Bharat Assam)

ভূপেন বৰাই অশ্লীল ইংগিত দিয়া বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মীৰা বৰঠাকুৰে কয়, "মুখ্যমন্ত্ৰীয়ে কৈ আছে যাত্ৰাত ভূপেন বৰা ডাঙৰীয়াই বহুত বেয়াকৈ, অশ্লীল কিবা কথা কৈছে । এইটো দুৰ্ভাগ্যজনক কথা এনেকুৱা কোনো কথা কোৱা নাই । মই কৈছিলোঁ যে ভাষণটো আপোনাৰ খুব ভাল হৈছে ভূপেন দা, তেতিয়া তেওঁ কৈছে যে ভাষণতো ভালেই হয়, কিন্তু আপোনালোকেহে আমাৰ মহিলা কংগ্ৰেছত, লখিমপুৰ সেইফালে পুৰা বাঁহ দিয়ে... এনেকুৱা কথা এটা কৈছে । এইবিলাক কেতিয়াবা আমাৰ ঘৰুৱাভাৱে কিছুমান কথা হৈ যায় । মুখ্যমন্ত্ৰীয়ে যে এই কথাটোত ইমান অশ্লীল দেখিলে মই ভাবি পোৱা নাই ।"

মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰীক মই ধন্যবাদহে জনাইছোঁ যে, আমাৰ যিটো যাত্ৰাত কোনে ক'ত কি খাইছে, ভেজ খাইছে নে নন-ভেজ খাইছে, কোনে ব্ৰেকফাষ্ট পোলাও দি খাইনে কি মাংস দি খাই, এইবোৰ কথাত মুখ্যমন্ত্ৰীয়ে যি তদাৰক কৰিছে । মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আমাৰ যিটো ইভেণ্ট মেনেজমেণ্ট, মুখ্যমন্ত্ৰীয়ে যে এতিয়াও কংগ্ৰেছৰ মৰম পাহৰিব পৰা নাই, কাৰণ তেওঁ ২৫-৩০ বছৰ কংগ্ৰেছ কৰি গৈছেতো । মুখ্যমন্ত্ৰীয়ে আমাৰ ইভেণ্ট মেনেজাৰৰ কাম কৰাৰ বাবে ধন্যবাদ জনাইছোঁ ।"

গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগৰ প্ৰসংগত শনিবাৰে মঙলদৈত মীৰা বৰঠাকুৰে কয়,"গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ কথা কৈ থাকে, আমিতো প্ৰত্যাহ্বান জনাই কৈছোঁ যে, দিয়া আছে যদি লিংক । এইটো কোনো কেছেই নহয় । গৌৰৱ গগৈ ডাঙৰীয়া যদি পাকিস্তানী এজেণ্ট হ'লহেঁতেন, অমিত শ্বাহে চোঁচৰাই লৈ গ'লহেঁতেন । সকলো ফ্লপ শ্ব' হৈ আছে । হিমন্ত বিশ্ব শৰ্মা অস্থিৰ হৈ গৈছে ।"

২০২৬ চনত চৰকাৰ গঠন কৰাৰ আশাৰে তেওঁ কয়,"২০২৬ ত গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ চৰকাৰ হ'ব । অসমৰ ৰাইজে চৰকাৰ বনাব, কাৰণ এনেকুৱা বিভাজন, বিষবাষ্প চতিওৱা অসমখন আমি বিচৰা নাই । আমি এখন সুস্থ অসম বিচাৰিছোঁ । য'ত অন্ততঃ বৰদোৱা থানত গ'লে গ' বেক দিয়াৰ সংস্কৃতি যাতে বিকাশ নহয় ।"

অশোক সিংহলৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়,"অশোক সিংহল এটা মষ্ট বেপাৰী মানুহ, অশোক সিংহলক মোতকৈ বেছি নাজানে । এইবোৰ চব ওলাব । অশোক সিংহলে বিজেপিৰ পৰা খেদা খাই, বিজেপিত ৰি-এণ্ট্ৰী কৰাৰ সময়ত...অশোক সিংহলক সুধিব মীৰা বৰঠাকুৰে মুখখন খুলিব নেকি ? মই কৈছোঁ তুমি বেপাৰ কৰি থাকা, কিন্তু অসমৰ ৰাইজৰ কৰ-কাটলৰ পইচা লৈ তুমি বেপাৰ কৰিবা, সেইটো অসমৰ ৰাইজক আমি বুজাই দিম আৰু অসমৰ ৰাইজে এইটো অহাবাৰ কেতিয়াও সহ্য নকৰে ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে পলম নকৰাকৈ মিছলীয়া কথাবোৰ মুকলি কৰক, ভয় কৰিব নালাগে: গৌৰৱ গগৈ

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ : এছ আই টিৰ প্ৰতিবেদন দেওবাৰে ৰাজহুৱা কৰাৰ সিদ্ধান্ত কেবিনেটৰ