ETV Bharat / politics

মঙলবাৰটো হ'ব অসমৰ বাবে ঐতিহাসিক দিন : দিলীপ শইকীয়া

১২ মে'ৰ দিনৰ ১১ বজাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত ল'ব ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Dilip Saikia
মঙলবাৰটো হ'ব অসমৰ বাবে ঐতিহাসিক দিন (ANI)
author img

By ANI

Published : May 10, 2026 at 4:20 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : মঙলবাৰে এনডিএৰ তৃতীয়খন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ৷ ইতিমধ্য সাজু কৰা হৈছে খানাপাৰ ফিল্ড ৷ ইফালে দেওবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ১২ মে'ৰ দিনৰ ১১ বজাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত ল'ব ড৹ শৰ্মাই ৷

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, "শপত গ্ৰহণ অনুষ্ঠানৰ বাৰে ইতিমধ্য সাজু হৈছে ৷ ১২ মে'ত মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকিব ৷"

তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰীৰ মোদীৰ উপস্থিতি মুখ্যমন্ত্ৰীৰ লগতে ১০২জনে বিধায়ক হিচাপে শপত ল'ব ৷ তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ মিত্ৰদলসমূহৰ সৈতে আলোচনাত মিলিত হৈছো ৷ মঙলবাৰটো হ'ব অসমৰ বাবে ঐতিহাসিক দিন ৷"

এই সন্দৰ্ভত বিজেপি নেতা ভূপেন বৰাই কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন হ'ব আৰু অসমৰ ৰাইজেও তাকে বিচাৰে ৷ এশ শতাংশ নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম উন্নতিৰ শিখৰ স্পৰ্শ কৰিব ৷ শান্তিৰ অসম গঢ়ি তোলা হ'ব ৷ পূৰ্বৰ যি আধৰুৱা কাম সেয়া পূৰণ কৰি হিমন্ত চৰকাৰে ৷ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যি প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেয়া পূৰণ কৰা হ'ব ৷"

আনহাতে দেওবাৰে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু সহ-পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ তদাৰকত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ পাচতে ড৹ শৰ্মা লোকভৱন অভিমুখে ৰাওনা হয় । লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ১০২ গৰাকী বিধায়কৰ স্বাক্ষৰেৰে সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি এনডিএৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দাখিল কৰে ড৹ শৰ্মাই ।

লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত