মাৰ্ঘেৰিটাৰ পৰা দিছপুৰলৈ... প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক যাত্ৰা
মাৰ্ঘেৰিটাৰ পৰা নগাঁও আৰু তাৰ পৰা দিছপুৰলৈ, বিধায়কৰ পৰা মন্ত্ৰী তথা সাংসদলৈ ৰাজনীতিৰ সফল যাত্ৰা । ৰাজনৈতিক বিচক্ষণতাৰ প্ৰমাণ দিছে প্ৰদ্যুৎ বৰদলৈয়ে ।

Published : May 6, 2026 at 8:21 PM IST
নগাঁও : নিজৰ ৰাজনৈতিক বিচক্ষণতা প্ৰতিপন্ন কৰি মাত্ৰ এটা পষেকৰ প্ৰচাৰতেই বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে পূ্ৰ্বে কেইবাবাৰো বিধায়ক, সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰদ্যুৎ বৰদলৈয়ে । উজনি অসমৰ মাৰ্ঘেৰিটাৰ পৰা সংসদীয় ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা প্ৰদ্যুৎ বৰদলৈয়ে মধ্য অসমৰ নগাঁৱৰ পৰা দুবাৰকৈ সাংসদ আৰু শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰাও বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে । সুদীৰ্ঘকাল কংগ্ৰেছ দলৰ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰা প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিও ৰাজনৈতিক সফলতা বুটলি আনিবলৈ সক্ষম হৈছে ।
নগাঁও লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰায় চাৰে তিনি বছৰীয়া সাংসদৰ কাৰ্যকাল এৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়া বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি পূৰ্বৰ সতীৰ্থ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক প্ৰায় ৪৯,৬৬৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে ।

প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক যাত্ৰা :
- ১৯৯৮ চনৰ উপ-নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ প্ৰদ্যুৎ বৰদলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । জীৱনৰ প্ৰথমটো নিৰ্বাচনতেই বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হোৱা প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটাৰ পৰাই আৰম্ভ কৰিছিল ৰাজনৈতিক যাত্ৰাৰ ।
- ২০০১ চনতো মাৰ্ঘেৰিটা সমষ্টিৰ পৰাই দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰথমবাৰৰ বাবে তৰুণ গগৈ মন্ত্ৰীসভাত প্ৰথমে ৰাজ্যিক আৰু পৰৱৰ্তী সময়ত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল ।
- ২০০৬ আৰু ২০১১ চনত পুনৰ একেটা সমষ্টিৰ পৰাই অসম বিধানসভালৈ নিৰ্বাচিত হৈ প্ৰদ্যুৎ বৰদলৈয়ে পুনৰ তৰুণ গগৈ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ।
- ২০০৬ৰ পৰা ২০১৫ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত প্ৰদ্যুৎ বৰদলৈ উদ্যোগ, বাণিজ্য, বিদ্যুৎ আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ দায়িত্বত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
- ২০১৫ চনৰ কেবিনেটৰ পুনৰ্গঠনৰ সময়ত তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিছিল আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ চৰকাৰী মুখপাত্ৰ আৰু উপদেষ্টা হিচাপে নিযুক্ত হৈছিল ।
নগাঁৱৰ পৰা ৰাজনীতিৰ দ্বিতীয় ইনিংছ :
- পৰৱৰ্তী সময়ত নগাঁৱৰ পৰা উচ্চ শিক্ষিত প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰিছিল ৰাজনৈতিক যাত্ৰাৰ দ্বিতীয় ইনিংছ । সুদীৰ্ঘ সময় কংগ্ৰেছে দখল কৰিব নোৱাৰা নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ সংসদীয় সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ।
- প্ৰায় ৩৫ বছৰৰ অন্তত লোকসভা সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হোৱা প্ৰদ্যুৎ বৰদলৈয়ে পৰৱৰ্তী ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো দেশজুৰিয়েই বিজেপিৰ প্ৰবল ঢৌ থকাৰ পাছতো কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল । সংখ্যালঘু প্ৰধান নগাঁও লোকসভা সমষ্টিটোৰ পৰা এআইইউডিৰ শক্তিশালী প্ৰাৰ্থী আমিনুল ইছলাম, বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সুৰেশ বৰাকো বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰদ্যুৎ বৰদলৈ ।
- ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰায় ২ লাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীক পৰাজিত কৰি প্ৰদ্যুৎ বৰদলৈ জয়ী হৈছিল । বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৮৮,৮৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছিল ৫,৭৬,৬১৯ টা ভোট ।
বিজেপিৰ হৈ ৰাজনৈতিক যাত্ৰা :
- নগাঁও লোকসভা সমষ্টিৰ দ্বিতীয়বাৰৰ সাংসদ হিচাপে দুটা বছৰো সম্পূৰ্ণ নৌহওঁতেই কংগ্ৰেছৰ দলীয় কন্দল, দুই এক নিৰ্দিষ্ট নেতাৰ দৌৰাত্মত অতিষ্ঠ হোৱা বুলি দাবী কৰি কংগ্ৰেছ দলৰ লগতে সাংসদ পদ ত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।
- কংগ্ৰেছ দল ত্যাগ কৰি প্ৰদ্যুৎ বৰদলৈয়ে চলিত বৰ্ষৰ ১৮ মাৰ্চত বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত বিজেপিত যোগদান কৰে । বিজেপিত যোগদান কৰিয়েই গুৱাহাটীৰ দিছপুৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় । মনোনয়ন দাখিলৰ এটা দিন পূৰ্বে বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰি দিছপুৰৰ দৰে সন্মানীয় সমষ্টিৰ পৰা ৪৯ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হয় প্ৰদ্যুৎ বৰদলৈ ।
- বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰদ্যুৎ বৰদলৈয়ে ১,০৩,৩৩৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫৩,৬৭০ টা ভোট ।
লগতে পঢ়ক :
বিধানসভা নিৰ্বাচনৰ ফলাফল: সমষ্টি অনুসৰি নোটা ভোট আৰু দল অনুসৰি পোষ্টেল ভোটৰ পৰিসংখ্যা

