ETV Bharat / politics

বৰক্ষেত্ৰীৰ কংগ্ৰেছত খহনীয়া,শতাধিক সংখ্যালঘুই পিন্ধিলে গেৰুৱা টুপী

বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত । কংগ্ৰেছ এৰি বহু লোকে বিজেপিত যোগ দিছে ।

Assam Assembly elections 2026
বৰক্ষেত্ৰীত বিজেপিমুখী সংখ্যালঘু ভোটাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 10:00 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : নলবাৰী জিলাৰ অন্যতম বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলত খহনীয়া অব্যাহত আছে । প্ৰতিদিনে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছে লোকসকলে । বিশেষকৈ সংখ্যালঘু ভোটাৰৰ মাজত এই ধাৰা অব্যাহত আছে । যেন দিগন্ত বৰ্মনক আমুৱালে ! যাৰ বাবে কংগ্ৰেছ আৰু বিধায়ক দিগন্ত বৰ্মনৰ পক্ষ এৰি বিজেপি তথা গেৰুৱা দলৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ শৰণাপন্ন হৈছে একাংশ সংখ্যালঘু ভোটাৰ । বিগত ৫ বছৰত কংগ্ৰেছৰ পৰা বৰক্ষেত্ৰী সমষ্টিত বিধায়ক হোৱা দিগন্ত বৰ্মনক ৰাইজে সুখে দুখে কোনোদিন ওচৰত নোপোৱাৰ অভিযোগ তুলি বিজেপি মুখী হোৱা দেখা গৈছে ।

বৰভাগৰ একাংশ সংখ্যালঘু ভোটাৰৰ মতে তেওঁলোকে কোনো আঁচনিৰ সুবিধাও লাভ নকৰিলে । সেয়েহে সমূহীয়াকৈ চুবুৰীয়ে চুবুৰীয়ে এতিয়া কংগ্ৰেছ এৰি বিজেপি মুখী হৈছে লোকসকল । ইফালে নিৰ্বাচনৰ দিন চমু চাপি অহাত সমষ্টিটোত ক্ৰমাৎ সক্ৰিয় হৈ উঠিছে বিজেপি । নাৰায়ণ ডেকাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে দৈনিক ইখনৰ পিছত সিখন গাঁৱত কংগ্ৰেছ এৰি বিজেপি মুখী হ'ব ধৰিছে ভোটাৰ ৰাইজ ।

বৰক্ষেত্ৰীত বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat)

তাৰ মাজতে বৰভাগৰ ক্ষুদ্ৰ ডিঙডিঙী, উখুৰা ফকিৰতোলা আদি গাঁৱত শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । ইতিমধ্যে বৰভাগৰ কেইবাটাও প্ৰান্তত বিগত দিনসমূহত কংগ্ৰেছ এৰি বিজেপি মুখী হৈছে বহু লোক । নেতৃত্বহীন অনুভৱ লৈ ভিন্ন অভিযোগেৰে কংগ্ৰেছ এৰাৰ কথা সদৰী কৰিছে লোকসকলে । বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাও সমষ্টিটোত চলাই আছে নিৰ্বাচনী প্ৰচাৰ ।

তেনে এক যোগদান কাৰ্যসূচীত অংশ লৈ নাৰায়ণ ডেকাই কয়, "সংখ্যালঘু বুলি নহয় বৰভাগত, বৰক্ষেত্ৰীত এতিয়া প্ৰায় মানুহেই কংগ্ৰেছ এৰিছে । যিমানে দিন চমু চাপি আহিছে এই ট্ৰেণ্ড বৃদ্ধি হৈছে । যোৱা দিনকেইটাত কেইবাখনো বুথ সমিতিয়ে কংগ্ৰেছ এৰিছে । এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে বিপুল ভোটৰ ব্যৱধানত সমষ্টিটো মুখ্যমন্ত্ৰীক উপহাৰ দিব ।"

Assam Assembly elections 2026
বৰক্ষেত্ৰীত বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat)

আনহাতে সোমবাৰে নলবাৰীত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব । বৰক্ষেত্ৰী বিজেপি প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়া মতে বৰক্ষেত্ৰী সমষ্টিত তেওঁৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব । লগতে নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক : মুখ্যমন্ত্রীৰ বুজনিত শান্ত হ'ল দিছপুৰৰ বিধায়ক : লক্ষ্য এতিয়া ২০২৯ৰ লোকসভা নিৰ্বাচন