পুনৰ মুখথেকেচা মমতা বেনাৰ্জীৰ, বাওঁপন্থী দলসমূহে সংগ নিদিয়ে মমতাৰ
নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত নিৰূপাই হৈ পৰিছে মমতা বেনাৰ্জী ৷

Published : May 10, 2026 at 6:50 PM IST
কলকাতা : শেহতীয়া বিধানসভা নিৰ্বাচনত পশ্চিমবংগত মুখথেকেচা খালে টিএমচিয়ে ৷ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি ইতিমধ্যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে ৷ ইফালে নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত নিৰূপাই হৈ পৰিছে মমতা বেনাৰ্জী ৷ সেয়ে বিজেপিৰ বিৰুদ্ধে এছআইআৰ, ভোট চুৰি অভিযোগক উত্থাপন কৰি বিৰোধী সকলো দলকে একগোট হ'বলৈ আহ্বান কৰিছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতাই ৷ বিশেষকৈ বংগৰ বাওঁপন্থী দলসমূহক বিজেপিৰ বিৰুদ্ধে একগোট হ'বলৈ আহ্বান কৰিছিল টিএমচি নেতা মমতাই ৷
কিন্তু মমতাৰ এই আহ্বানক গুৰুত্বহীন কৰিছে বাওঁপন্থী দলসমূহৰ নেতাই ৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী অৰ্থাৎ চিপিআইএমৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে মমতাৰ আহ্বানক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “কোনো কাৰণতে আমি অপৰাধজনিত বা ধন দাবী, দুৰ্নীতি বা সাম্প্ৰদায়িক প্ৰৱণতাৰ বাবে পৰিচিত কাৰোৱা দলক প্ৰৱেশৰ অনুমতি নিদিও । অৱশ্যে সাধাৰণ মানুহ আৰু সমাজৰ সকলো শ্ৰেণীলোককে নিশ্চিতভাৱে সুৰক্ষিত কৰিব লাগিব।”

দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুজন চক্ৰৱৰ্তীয়ে কয়, "বিজেপি এক ভয়ংকৰ শক্তি, এটা ফেচিষ্ট শক্তি । মানুহে ক্ৰমান্বয়ে এই কথা উপলব্ধি কৰিবলৈ লৈছে আৰু আগন্তুক দিনত তেওঁলোকে ইয়াক আৰু অধিক স্পষ্টভাৱে বুজিব। বিশেষকৈ বংগৰ সভ্যতা আৰু সংস্কৃতিৰ স্বাৰ্থত বিজেপিক বাধা দিব লাগিব। তাত একেবাৰে সন্দেহ নাই। বামপন্থী শক্তিয়ে জনসাধাৰণৰ সৈতে সম্পৰ্ক কৰি এই কাম হাতত ল’ব।”

তেওঁ লগতে কয়,"ইমান দিনে সংঘটিত কৰা অপশাসন গৌৰৱৰ বিষয় আছিল নেকি ? নিৰ্বাচনৰ ফলাফলৰ পাছতহে মমতা বেনাৰ্জীয়ে ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ক’বলৈ আৰম্ভ কৰিছে । আমি বিশ্বাস কৰো যে তেওঁ নিজৰ ৰাজনৈতিক বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে । বাওঁপন্থীসকলৰ মতামত স্পষ্ট যে মমতা বেনাৰ্জীৰ এনে আহ্বান কোনো কাৰণত আমি গ্ৰহণ নকৰো ৷"
লগতে পঢ়ক:নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক;পৰাজয়ৰ দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ

