বলপূৰ্বক পৰাস্ত কৰোৱা হৈছে: দেশজুৰি 'ইণ্ডিয়া'ক শক্তিশালী কৰাৰ বার্তা মমতাৰ
মমতাই কয় যে জীৱনত এনে নিৰ্বাচন কেতিয়াও দেখা নাই ৷ নিৰ্বাচনৰ এই সন্ত্রাসে সকলো সন্ত্রাসকে চেৰ পেলাই গৈছে ৷

Published : May 5, 2026 at 8:02 PM IST
কলকাতা: বিধানসভা নির্বাচনত তৃণমূল বিধ্বস্ত হোৱাৰ বাবে নিৰ্বাচন আয়োগ আৰু বিজেপিক জগৰীয়া কৰিলে তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা বেনাৰ্জীয়ে ৷ লগতে এই কথাও জনালে যে এনেদৰে ভোটচুৰি তেওঁ কেতিয়াও সহ্য নকৰে । লগতে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ক শক্তিশালী কৰি বিজেপিৰ বিৰুদ্ধে দেশজুৰি প্ৰতি আন্দোলনৰো তেওঁ বার্তা প্ৰদান কৰে ৷
নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত তেওঁৰ অভিযোগ, নির্বাচন আয়োগক ব্যৱহাৰ কৰিয়েই বিজেপিয়ে গণতন্ত্রক ধ্বংসৰ পথলৈ লৈ গৈছে । লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধেও তীব্র আক্রমণাত্মক ৰূপ লয় মমতাই । তেওঁ কয়, "জীৱনত এনে নিৰ্বাচন দেখা নাই । নিৰ্বাচনৰ এই সন্ত্রাসে সকলো সন্ত্রাসকে চেৰ পেলাই গৈছে ।"
ইয়াৰ পিছতেই বিজেপিৰ বিৰুদ্ধে ইণ্ডিয়া ব্লকক শক্তিশালী কৰাৰ বার্তা প্ৰদান কৰি তৃণমূলৰ নেত্রীগৰাকীয়ে কয়, "গণতন্ত্রৰ ওপৰত এই আঘাত ৰুধিবলৈয়েই এইবাৰ দেশজুৰি ইণ্ডিয়া ব্লকক শক্তিশালী কৰিব লাগিব ।"
একে সময়তে তেওঁ জনায়, অখিলেশ যাদৱ শীঘ্রেই কলকাতালৈ আহি তেওঁৰ সৈতে বৈঠকত মিলিত হ'ব । মমতাই লগতে এইটোও জনায় যে কংগ্রেছ নেত্রী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, সমাজবাদী পার্টীৰ অখিলেশ যাদৱ, আপ প্রধান অৰবিন্দ কেজৰিৱালসহ 'ইণ্ডি' জোঁটৰ একাধিক নেতাই তেওঁৰ সৈতে ফোনযোগে যোগাযোগ কৰিছে ।
আনহাতে, ৰাজনৈতিক পর্যবেক্ষকসকলৰ মতে, এই বক্তব্যত এটা কথা স্পষ্ট যে ৰাজনীতিৰ যুঁজৰ খেলপথাৰ এতিয়াই এৰিব খোজা নাই তৃণমূল নেতৃত্ব । বৰং ৰাষ্ট্ৰীয় স্তৰত বিৰোধী জোঁটক অধিক শক্তিশালী কৰাৰ লক্ষ্যত মমতাই নতুনকৈ ৰণনীতি নিৰ্ধাৰণ কৰিব বিচাৰিছে ।
ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহক লক্ষ্য কৰি মমতাই কয়, "জোৰজবৰদস্তি ক্ষমতা দখল কৰিব পৰা নাযায়। ইতিহাসে তাৰ পুনৰাবৃত্তি ঘটায়, এদিন ইয়াৰ বাবে উত্তৰ দিবই লাগিব ।"
লগতে দাবী কৰে, মহাৰাষ্ট্র, বিহাৰ, হাৰিয়ানা আদি একাধিক ৰাজ্যতো একেধৰণৰ কৌশলেৰে বিজেপিয়ে জয়লাভ কৰিছে । কিন্তু বংগত তৃণমূলে 'বাঘৰ দৰে' যুঁজ কৰিছে বুলি দাবী কৰি তেওঁ কয়, "এই যুঁজ ভৱিষ্যতলৈও চলিব ।"
পূৰ্বৰ কেন্দ্রীয় চৰকাৰবোৰৰ সৈতে তুলনা দাঙি ধৰি তেওঁ কয়, ৰাজীৱ গান্ধীৰ পৰা মনমোহন সিং বা অটল বিহাৰী বাজপেয়ীৰ আমলতো তেওঁ ৰাজনীতি প্ৰত্যক্ষ কৰিছে, কিন্তু বর্তমান পৰিস্থিতিৰ দৰে 'ভয়াৱহ তথা নজিৰবিহীন' ঘটনা পূৰ্বে কেতিয়া দেখা নাই । এইটো এই লক্ষণীয় হ'ব যে মমতাই উত্থাপন কৰা 'গণতন্ত্র হত্যা'ৰ প্ৰত্যুত্তৰত গেৰুৱা শিবিৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

